অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

প্ৰাক-ইতিহাস

প্ৰাক-ইতিহাস (Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,৮৬০ শব্দ · ১০ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰাক-ইতিহাস (Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ 'নথিভুক্ত তথ্য'ৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে 'নথিভুক্ত তথ্য' বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা।১ বহলাই ক'বলৈ গ'লে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল।২ দক্ষিণ ফ্ৰান্সৰ গুহাত আৱিষ্কৃত কিছুমান সমলৰ বিষয়ে বৰ্ণনা দিয়াৰ সময়ত তেখেতে প্ৰথমে শব্দটোৰ ব্যৱহাৰ কৰিছিল।৩ মূল ফৰাচী শব্দৰ ভাঙনি স্বৰূপে ইংৰাজীত 'prehistoric' শব্দটো ১৮৫১ চনত প্ৰথমে ব্যৱহাৰ কৰে প্ৰত্নতাত্বিক ডেনিয়েল উইলছনে।৪৫

'প্ৰাক-ইতিহাস' শব্দটোৱে ইতিহাসৰ আৰম্ভণি বিন্দু ব্ৰহ্মাণ্ডৰ সৃষ্টিৰপৰা সাঙুৰি লয় যদিও, ঘাইকৈ পৃথিৱীত জীৱনৰ বিকাশৰপৰাহে ইয়াৰ আলোচনা কৰা হয়। বেছিভাগ ক্ষেত্ৰত প্ৰাক-ইতিহাস বুলিলে মানৱ-সদৃশ জীৱৰ উৎপত্তিৰ আৰম্ভণিৰপৰাহে বুলি ধৰি লৈ আলোচনা কৰা হয়।৬৭ প্ৰাক-ঐতিহাসিকসকলে মানৱ প্ৰাক-ইতিহাসক 'তিনিটা যুগ পদ্ধতি'ৰে ভাগ কৰিছে, আনহাতে মানৱ-ৰ আৱিৰ্ভাৱে আগৰ সময়ছোৱাৰ শ্ৰেণীবিভাগ কৰিবলৈ 'ভূ-তাত্বিক সময় মাপ' (Geologic Time Scale) ব্যৱহাৰ কৰা হয়। মানৱ প্ৰাক-ইতিহাসক মানুহে আয়ত্ত কৰা সঁজুলি-নিৰ্মাণ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভগোৱা হৈছে। কালানুসৰি এই তিনিটা ভাগ হৈছে: প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। কালনিৰ্ণিত ঘটনা হিচাপে পাব পৰা আৰু নোৱৰা তথ্য এনেকৈয়ো দুটা শ্ৰেণীত ভাগ কৰি প্ৰাক-ইতিহাসৰ আলোচনা কৰা হয়।

লিখন পদ্ধতি আৰু সঁজুলিৰ বিকাশ (ঐতিহাসিক কাল) ব্ৰঞ্জ যুগৰ বিভিন্ন সময়ত বিভিন্ন সভ্যতাত বেলেগে বেলেগে হৈছিল, বা কিছুমান সভ্যতাৰ বাবে লৌহ যুগতহে হৈছিল। ঐতিহাসিকসকলে সেয়ে সদায়ে লিখিত তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি যুগ বিভাজন কৰাৰ সলনি প্ৰাকৃতিক আৰু সামাজিক অন্যান্য সাক্ষ্যকো সমানে গুৰুত্ব দিয়ে। সেয়ে প্ৰাক-ইতিহাস আৰু ইতিহাসৰ মাজৰ লক্ষ্মণ-ৰেখাডাল সুনিৰ্দিষ্ট নহয়।৮৯১০ 'গভীৰ বুৰঞ্জী'ৰ (Deep History) সমৰ্থকসকল এই মতবাদ মানি চলাৰ পক্ষপাতী।

এই প্ৰবন্ধত ঘাইকৈ মানৱ প্ৰাক-ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে, অথবা ক'ব পাৰি দৈহিক গাঠনিত আধুনিক মানৱ সদৃশ জীৱৰ বিকাশৰপৰা লিখিত ইতিহাসৰ সমল আৰম্ভণিৰ কালছোৱাৰ কথা ইয়াৰ আলোচনা কৰা হৈছে। পৃথিৱীৰ ইতিহাস আৰু জীৱনৰ ইতিহাসৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই।

সংজ্ঞা

যিহেতু সংজ্ঞামতেই প্ৰাক-ইতিহাসৰ বিষয়ে কোনো নথিভুক্ত তথ্য পোৱাটো সম্ভৱ নহয়, সেয়ে প্ৰা-ঐতিহাসিক সমলৰ প্ৰকৃত কাল নিৰ্ণয় এই ইতিহাসৰ আলোচনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ওঠৰ শতিকালৈ এনে সমলৰ কালনিৰ্ণয়ৰ সঠিক পদ্ধতি বিকশিত হোৱা নাছিল।১১

প্ৰাক-ইতিহাসৰ অধ্যয়নৰ বুনিয়াদী দায়িত্ব বহন কৰে প্ৰাক-ঐতিহাসিক প্ৰত্নতাত্বিক আৰু নৃতাতাত্বিকসকলে। তেওঁলোকে খনন, ভূ-তাত্বিক আৰু ভৌগোলিক জৰীপ আৰু বিভিন্ন প্ৰযুক্তিৰে প্ৰাক-ঐতিহাসিক সমলৰ অধ্যয়ন আৰু অন্বেষণ কৰে।৬ মানৱ-জিনীয় বিজ্ঞানী আৰু ঐতিহাসিক ভাষাতত্ত্ববিদ সকলৰপৰাও যথেষ্ট গুৰুত্বপূৰ্ণ সমল পোৱা যায়। সাংস্কৃতিক প্ৰত্নতত্ত্ববিদৰ পৰা সামাজিক বিষয়ৰ ওপৰত সমল পৱা যায়। সামাজিক পৰম্পৰাৰ অধ্যয়নে তাৰ আধাৰত প্ৰাক-ইতিহাসৰ বিশ্লেষণৰ সমল যোগায়। সেয়ে, প্ৰাক-ইতিহাসৰ অধ্যয়নৰ বাবে প্ৰাকৃতি আৰু সামাজিক বিজ্ঞানৰ কেবাটাও ভিন্ন শাখা যেনে, জীৱাশ্মবিজ্ঞান, জীৱবিজ্ঞান, প্ৰত্নতত্ত্ব, ৰেণুবিজ্ঞান, প্ৰত্ন-জ্যোতিৰ্বিজ্ঞান, তুলনাত্মক ভাষাতত্ত্ব, নৃতত্ত্ববিজ্ঞান, আণৱিক জেনেটিকবিজ্ঞান আদি সন্মিলত হৈ পৰে।

মানৱ প্ৰাক-ইতিহাস অকল সময়-ৰেখাতেই নহয়, ভৌগোলিক আৰু ৰাষ্ট্ৰৰ ধাৰণাৰপৰাও বহু আঁতৰত। ই মূলতঃ প্ৰত্নতাত্বিক সংস্কতিৰ ওপৰতহে নিৰ্ভৰ কৰে। প্ৰাক-ইতিহাসৰ প্ৰাপ্ত সমলৰ ৰচকৰ নাম পোৱা নাযায়। বৰ্তমান দি লোৱা নিয়েণ্ডাৰথেল বা লৌহ যুগ আদি আলোচনাৰ সুবিধাৰ বাবে আজিৰ দিনত দি লোৱা পৰিভাষাহে।

ভাষাৰ প্ৰচলন আৰু লিখন পদ্ধতিৰ বিকাশৰ বাবে ভৌগোলিক ক্ষেত্ৰ বিশেষে থকা পাৰ্থক্যৰ বাবে প্ৰাক-ইতিহাসৰো ভৌগোলিক পাৰ্থক্য আছে। যেনে, ইজিপ্ট-ত প্ৰাক-ইতিহাস প্ৰায় ৩২০০ খ্ৰীষ্ট পূৰ্বত সমাপ্ত হোৱা বুলি ধৰা হয়, আনহাতে 'নিউ গিনি' উনবিংশ শতিকাতহে প্ৰাক-ইতিহাসৰ সামৰণি পৰিছে। ইউৰোপত প্ৰায় সমসাময়িক ভাৱে প্ৰাচীন ৰোম, গ্ৰীচ, চেল্টিক আৰু এট্ৰুস্কানৰ লিখিত ইতিহাসৰ বিপৰীতে বহু অংশৰ কোনো লিখিত তথ্য নাছিল। যিবোৰ অংশৰ লিখিত তথ্য নাছিল, তেওঁলোকৰ বিষয়ে উল্লেখ থকা আন সভ্যতাৰ লিখিত তথ্যৰ নিৰ্ভৰযোগ্যতা কিমান সেয়া নিৰ্ণয় কৰাটো প্ৰাক-ঐতিহাসিকসকলৰ বাবে কঠিন কাম।

প্ৰস্তৰ যুগ

প্ৰত্নপ্ৰস্তৰ

মূল প্ৰবন্ধ: Recent African origin of modern humans, Archaic Homo sapiens, Early human migrations

প্ৰথম মানৱৰ প্ৰব্ৰজনৰ মেপ, 'মাইট'কন্দ্ৰিয়া ডি.এন.এ.'-ৰ জিনীয় তথ্য অনুসৰি, সংখ্যাখিনি নিযুত বছৰৰ হিচাপত (শুদ্ধতা প্ৰশ্নাতীত নহয়)
প্ৰথম মানৱৰ প্ৰব্ৰজনৰ মেপ, 'মাইট'কন্দ্ৰিয়া ডি.এন.এ.'-ৰ জিনীয় তথ্য অনুসৰি, সংখ্যাখিনি নিযুত বছৰৰ হিচাপত (শুদ্ধতা প্ৰশ্নাতীত নহয়)ছবি: original file turned by 180°, Circled Letters in the image also turned, color le · CC BY-SA 3.0

পেলিঅ'লিথিক শব্দৰ আক্ষৰিক অৰ্থ 'প্ৰাচীন প্ৰস্তৰ যুগ', আৰু ইয়াৰ আৰম্ভণি প্ৰস্তৰ সঁজুলিৰ প্ৰথম ব্যৱহাৰৰ লগে লগে বুলি ধৰা হয়। প্ৰস্তৰ যুগৰ প্ৰথম কালক পেলিঅ'লিথিক বা প্ৰত্নপ্ৰস্তৰ বোলা হয়।

পেলিঅ'লিথিক যুগৰ প্ৰথমছোৱাক 'নিম্ন পেলিঅ'লিথিক' (Lower Paleolithic) বোলা হয় আৰু 'হ'ম' ছেপিয়েন্স'-ৰ বিকাশৰ আগলৈ ইয়াৰ সময়সীমা ধৰা হয়। 'হ'ম' হেবিলিছ' (Homo habilis)-ৰ আৰম্ভণি আৰু প্ৰথম শিলৰ সঁজুলি ব্যৱহাৰৰপৰা আৰম্ভ হোৱা বুলি ধৰা এই যুগক ২.৫ নিযুত বছৰ পুৰণি বুলি ঠাৱৰ কৰা হৈছে।১২ হ'ম' ছেপিয়েন্স প্ৰজাতিৰ উৎপত্তি ২ লাখ বছৰ আগতে বুলি ধৰা হয়, আৰু ইয়াৰ লগতে আৰম্ভণি হয় 'মধ্য পেলিঅ'লিথিক যুগ'ৰ। এই নতুন প্ৰজাতিৰ শৰীৰত ভাষাৰ ব্যৱহাৰৰ বাবে উপযুক্ত শাৰীৰিক বিকাশ সংঘটিত হৈছিল।১৩ নিয়মানুসৰি মৃতকৰ দেহ কবৰ দিয়া, সংগীতৰ উৎপত্তি, প্ৰাচীন কলাৰ উৎপত্তি আৰু কেবাটাও অংশ সম্বলিত সঁজুলিৰ ব্যৱহাৰ মধ্য পেলিঅ'লিথিক যুগৰ বৈশিষ্ট্য।

সমগ্ৰ পেলিঅ'লিথিক যুগতে মানৱ ঘাইকৈ অঘৰী, চিকাৰ-সংগ্ৰহী (hunter-gathere) প্ৰজাতি আছিল। চিকাৰ-সংগ্ৰহী সামাজিক গোটবিলাক আছিল অতি সৰু আৰু তেওঁলোকৰ মাজত অধিকাৰৰ বিভাজন নাছিল। ১৪ অৱশ্যে ইয়াৰ মাজতে খাদ্যৰ সুচলতা থকা অঞ্চলত বা খাদ্য-সংৰক্ষণৰ ব্যৱস্থা আয়ত্ত কৰা গোটৰ মাজত অচিকাৰী জীৱনো গঢ় লৈ উঠিছিল, আৰু 'দলপতি'ৰ অধীনত থকা জটিল সামাজিক ব্যৱস্থাও গঢ় লৈ উঠিছিল, য'ত সামাজিক শ্ৰেণীবিভাজনো আছিল। দূৰৱৰ্তী স্থানৰ লগত যোগাযোগ ব্যৱস্থা কিছু বিকশিত হৈছিল বুলি অনুমান কৰা হয়। উদাহৰণ স্বৰূপে অষ্ট্ৰেলিয়াৰ প্ৰাচীন অধিবাসীসকল এছিয়া আৰু আফ্ৰিকাৰপৰা ৭০,০০০ বছৰ আগতেই যাতায়াত কৰা বুলি অনুমান কৰা হৈছে।

মধ্যপ্ৰস্তৰ

খনন কাৰ্যত উদ্ধাৰ হোৱা নাও
খনন কাৰ্যত উদ্ধাৰ হোৱা নাওছবি: Mark.murphy at English Wikipedia · Public domain

মানৱ-নিৰ্মিত প্ৰযুক্তিৰ বিকাশ প্ৰাচীন (পেলিঅ'লিথিক) আৰু নৱ্য প্ৰস্তৰ যুগ (নিঅ'লিথিক)-ৰ মাজৰ সময়খিনিক মেজ'লিথিক বা মধ্যপ্ৰস্তৰ যুগ বুলি কোৱা হৈছে। মেজ'লিথিক কালৰ আৰম্ভণি হয় 'হিম যুগ'-ৰ (Pleistocene)-ৰ সমাপ্তিৰ পাছৰেপৰা। প্ৰায় ২.৫ মিলিয়ন বছৰ আগৰেপৰা ১১,০০০ বছৰ আগলৈ এই সময়খিনিত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত হোৱা বিশাল তুষাৰপাতৰ সময়ছোৱাক প্লিষ্ট'চিন বোলা হয়। মেজ'লিথিক যুগৰ সমাপ্তি ধৰা হয় 'কৃষি-কাৰ্যৰ আৰম্ভণি'ৰ লগত। পূৱ পৃথিৱীত প্লিষ্ট'চিন যুগৰ শেষৰফালে কৃষি-কাৰ্যৰ আৰম্ভণি হৈছিল, এই স্থানবোৰত মেজ'লিথিক যুগ চুটি আৰু অস্পষ্ট হৈ পৰে। হিম যুগৰ কম প্ৰভাৱ পৰা অঞ্চলত সেয়ে এই কালছোৱাক 'এপিপেলিঅ'লিথিক যুগ' বুলি কিছুমানে উল্লেখ কৰে।

হিমযুগৰ প্ৰভাৱ বাৰুকৈ পৰা অঞ্চলত মেজ'লিথিক যুগ ভালদৰে নিৰ্ণয় কৰিব পাৰি, এনে অঞ্চলত মেজ'লিথিক যুগ কেইবা হাজাৰ বছৰ ধৰি চলিছিল। উত্তৰ ইউৰোপত উষ্ণ আৱহাৱাৰ জলাহ-ভূমিৰ ওচৰত খাদ্যৰ সুচলতাৰ বাবে কিছুমান সমাজ-গোট নিয়াৰিকৈ চলি আছিল। এনে পৰিবেশে জন্ম দিয়া আচৰণৰ কিছু নিশ্চিত তথ্য 'মেগ্‌লেম'ছিয়ান' আৰু 'এজিলিয়ান' সংস্কৃতিৰপৰা পোৱা যায়। অৱশ্যে এনে পৰিবেশে উত্তৰ ইউৰোপত নৱ্য প্ৰস্তৰ যুগৰ আৰম্ভণি হোৱাত বাধা দিছিল। খ্ৰী.পূ. ৪০০০ বছৰ আগেয়েহে এই অঞ্চলত নৱ্য প্ৰস্তৰ যুগ আৰম্ভ হোৱা দেখা যায়।

মেজ'লিথিক যুগৰ অৱশিষ্ট কমেইহে পোৱা গৈছে, আৰু পোৱা গৈছে বহু দূৰে দূৰে, তাকো 'অৱশিষ্ট' (midden) হিচাপেহে। বনাঞ্চল থকা অংশত কৃষিৰ বাবে হাবি মুকলি কৰাৰ চিহ্ন পোৱা গৈছে। অৱশ্যে খেতিৰ বাবে হাবি মুকলি কৰাটো নিঅ'লিথিক যুগতহে বিস্তৰভাৱে হৈছিল।

বেছিভাগ অঞ্চলতে আৱিষ্কৃত হোৱা মেজ'লিথিক যুগৰ সঁজুলিসমূহ আছিল--কেবাটাও সৰু সৰু অংশ থকা সঁজুলি, 'মাইক্ৰ'লিথ' বা 'মাইক্ৰবুৰিন'। মাছ ধৰা যতন, কাঠ কাটিবলে ব্যৱহাৰ কৰা শিলৰ সঁজুলি (stone adze), বা কাঠৰ আহিলা যেনে, নাও, ধনু আদি কিছুমান স্থান কিছুমান স্থানত পোৱা গৈছে। এই প্ৰযুক্তিসমূহৃ প্ৰথম বিকাশৰ স্থান আছিল আফ্ৰিকাৰ এজিলিয়ান সংস্কৃতিৰ মাজত। পাছলৈ উত্তৰ আফ্ৰিকাৰ 'আইবেৰ'-মেৰুছিয়ান সংস্কৃতি' (Ibero-Maurusian Culture), আৰু লেভাণ্ট-ৰ 'কেবাৰান সংস্কৃতি'ৰ (Kebaran culture of the Levant) দ্বাৰা ইউৰোপলৈ বিয়পি পৰে। অৱশ্যে থলুৱা ভাৱে বিকশিত হোৱাটোও নুই কৰিব নোৱাৰি।

নৱপ্ৰস্তৰ

হেগাৰ কিম মন্দিৰ, মাল্টাৰ গেণ্টিজা অংশলৈ যোৱা তোৰণ, (Entrance to the Ġgantija phase temple complex of Hagar Qim, Malta)<sup class=১৫" loading="lazy" data-zoom="হেগাৰ কিম মন্দিৰ, মাল্টাৰ গেণ্টিজা অংশলৈ যোৱা তোৰণ, (Entrance to the Ġgantija phase temple complex of Hagar Qim, Malta)১৫">
হেগাৰ কিম মন্দিৰ, মাল্টাৰ গেণ্টিজা অংশলৈ যোৱা তোৰণ, (Entrance to the Ġgantija phase temple complex of Hagar Qim, Malta)১৫ছবি: Berthold Werner · CC BY-SA 3.0

'নিঅ'লিথিক'ৰ আক্ষৰিক অৰ্থ নৱপ্ৰস্তৰ যুগ। এই যুগতে প্ৰাচীন প্ৰযুক্তিগত আৰু সামাজিক বিকাশ সাধন হৈ প্ৰস্তৰ যুগৰ অন্ত পৰিছিল। নিঅ'লিথিক যুগতে প্ৰথম গাঁৱৰ বিকাশ, কৃষি-কাৰ্যৰ আৰম্ভণি, বনৰীয়া পশুক ঘৰচীয়া কৰা আৰু বিভিন্ন সঁজুলিৰ বিকাশ হৈছিল। এই যুগতে প্ৰথম যুদ্ধ-কৌশলো আৱিষ্কৃত হোৱাৰ চিন পোৱা যায়।১৬ নিঅ'লিথিক শব্দটোৰ ব্যৱহাৰৰ এটা সমস্যা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অ'চেনিয়া-ত ধাতুৰ ব্যৱহাৰ বহু পাছলৈ হোৱা নাছিল। সেয়ে, নিঅ'লিথিক শব্দটো ঘাইকৈ এই দুখন মহাদেশক বাদ দিহে ব্যৱহাৰ কৰা হয়।

কৃষি

মূল প্ৰবন্ধ: History of agriculture

হাবিৰ মাজতে খাদ্যদায়ী বৃক্ষৰোপণ আৰু প্ৰতিপালনকে (Forest Gardening) প্ৰাচীনতম কৃষি-পদ্ধতি বুলি ধৰা হয়।১৭ ভিয়েৰ গৰ্ডন চিল্ড-ৰ (Vere Gordon Childe) বৰ্ণনা অনুসৰি খ্ৰী.পূ দহ হেজাৰ বছৰ আগতে হাবিৰ গছ আৰু পশুৰ ঘৰচীয়াকৰণেৰে এক বিপ্লৱ সদৃশ পৰিস্থিতিৰ সূচনা হৈছিল। ইয়াক তেখেতে নিঅ'লিথিক বিপ্লৱ বা কৃষি বিপ্লৱ আখ্যা দিছে। ছুমেৰীয় সভ্যতা খ্ৰী.পূ. ৯৫০০ বছৰ আগতে খেতি-ৰ আৰম্ভণি হৈছিল। খ্ৰী.পূ. ৭০০০ বছৰ আগতে ভাৰত আৰু পেৰু বেলেগে বেলেগে কৃষি-কাৰ্যৰ সূচনা হৈছিল। ইজিপ্টত খ্ৰী.পূ. ৬০০০ আৰু চীনত খ্ৰী.পূ. ৫০০০ বছৰত কৃষিৰ বিকাশ হৈছিল। খ্ৰীষ্ট জন্মৰ ২৭০০ বছৰ আগতে 'মেজ'আমেৰিকা' (Mesoamerica)-ত কৃষিৰ কাম আৰম্ভ হৈছিল।

কৃষি-কাৰ্যৰ বিকাশৰ সম্ভাৱনা ঘাইকৈ 'মধ্য-পূৰ্ব'ৰ সাৰুৱা ভূমিতে বুলি ধৰা হয় যদিও আমেৰিকা, পূব এছিয়া আৰু দক্ষিণপূৱ এছিয়াত হোৱা আৱিষ্কাৰৰপৰা দেখা যায় যে এনেবোৰ অঞ্চলতো বেলেগ বেলেগ ফচল আৰু পশু-পালনেৰে প্ৰায় একেসময়তে কৃষি-ৰ আৰম্ভণি হোৱা সম্ভৱ। জলসিঞ্চনৰ ব্যৱস্থা আৰু শ্ৰমৰ বিভাজন ব্যৱস্থা ছুমেৰীয়সকলৰদ্বাৰা আৱিষ্কৃত হৈছিল খ্ৰী.পূ. ৫৫০০-ৰ সময়ছোৱাত। কৃষি আৰু যুদ্ধৰ বাবে ব্যৱহৃত আহিলাৰ মাজত শিলৰ সলনি ব্ৰঞ্জ আৰু লো-ৰ সঁজুলিয়ে আগস্থান পাইছিল। তাৰ আগলৈ কৃষিৰ বাবে শিলৰ সঁজুলিৰ ওপৰতে নিৰ্ভৰ কৰা হৈছিল। 'ইউৰেছিয়া'-ত তাম আৰু ব্ৰঞ্জৰ সঁজুলি, গহনা আৰু অস্ত্ৰৰ ব্যৱহাৰ ৩০০০ খ্ৰী.পূ.লৈ সাধাৰণ হৈ পৰিছিল। ব্ৰঞ্জৰ পাছতে মধ্য-পূৰ্ব আৰু চীনত লো-ৰ সঁজুলি আৰু অস্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

জনবসতিহীন}}
জনবসতিহীন}}ছবি: CC BY 2.5

আমৰিকাত ধাতুৰ প্ৰয়োগ ঘাইকৈ গহনা আৰু সজোৱা বস্তুৰ বাবেহে কৰা হৈছিল। কামৰ সঁজুলিৰ বাবে অকল ধাতুৰ ওপৰত নিৰ্ভৰ কৰা হোৱা নাছিল। ধাতু গলোৱা, খনিজৰপৰা আহৰণ কৰা বা সাঁচ-প্ৰয়োগ আদিৰ কোনো সাক্ষ্য প্ৰাকঐতিহাসিক আমেৰিকাত পোৱা হোৱা নাই। অৱশ্যে পেৰু আদি দেশত এইবিষয়ৰ গৱেষণা এতিয়াও চালুকীয়া অৱস্থাতে আছে। ২০০৪ চনতো প্ৰাচীন চহৰৰ আগতে নোপোৱা ভগ্নাৱশেষ আৱিষ্কৃত হৈছে।

প্ৰাচীন সভ্যতাৰ ধাৰক আছিল নৈৰ উপত্যকাসমূহ। সেয়ে মেছ'প'টেমিয়া-ৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ উপত্যকা, ইজিপ্টৰ নীল নদৰ উপত্যকা, ভাৰতৰ সিন্ধু নদীৰ উপত্যকা, চীনৰ য়াংজে আৰু য়েল' নদীৰ উপত্যকা আদিত সভ্যতাৰ বিকাশ হোৱা দেখিবলৈ পোৱা যায়। অঘৰী জনগোষ্ঠী, যেনে অষ্ট্ৰেলিয়াৰ মূল অধিবাসী, দক্ষিণ আফ্ৰিকাৰ বুশ্বমেন আদিৰ মাজত সৌ সিদিনালৈ কৃষিৰ প্ৰচলন নাছিল।

কৃষিৰ বাবেই সমাজ ব্যৱস্থা জটিল হৈ পৰিছিল আৰু তাৰ পৰিণতিতে 'সভ্যতা' গঢ়ি উঠিছিল। ধীৰে ধীৰে ৰাষ্ট্ৰ আৰু বজাৰৰ ধাৰণা গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছিল। প্ৰযুক্তিয়ে মানুহৰ হাতত প্ৰকৃতিৰ শক্তিক বশ কৰাৰ উপায় তুলি দিছিল আৰু লগতে জন্ম দিছিল পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ। ধীৰে ধীৰে চহৰ গঢ়ি উঠিবলৈ আৰম্ভ কৰিছিল, য'ত মানুহৰ বসতি ঘন হৈছিল আৰু বসতি স্থাপনক নতুন ৰূপ দিছিল।১৮ চহৰসমূহে খেতিৰ দ্বাৰা উৎপন্ন হোৱা উৎবৃত্ত ফচলৰ ওপৰত নিৰ্ভৰশীল আছিল, কাৰণ চহৰবাসীয়ে নিজে খেতি কৰিব নোৱাৰিছিল। সেয়ে চহৰসমূহ খাদ্যৰ বাবে আত্মনিৰ্ভৰশীল নাছিল। যদি খেতিৰ ফচল প্ৰয়োজনতকৈ বেছিকৈ উৎপন্ন কৰিব পৰা ব্যৱস্থা গঢ়ি উঠিছিল তেতিয়াহে চহৰৰ বিকাশ হোৱাটো সম্ভৱ আছিল।১৯

কেলক'লিথিক (Chalcolithic)

মূল প্ৰবন্ধ: Chalcolithic

প্ৰত্নতত্ত্বৰ পুৰণি ধাৰা অনুযায়ী কেলক'লিথিক বা ইনিঅ'লিথিক বা তাম্ৰযুগ প্ৰথমকালৰ তাম-ৰ ব্যৱহাৰৰ সময়। তাম-ৰ ব্যৱহাৰ শিলৰ ব্যৱহাৰৰ লগে লগেই ধীৰে ধীৰে আৰম্ভ হৈছিল।

ব্ৰঞ্জ যুগ (Bronze Age)

মূল প্ৰবন্ধ: Bronze Age

ষাড়েৰে টনা নাঙল, খ্ৰী.পূ. ১২০০
ষাড়েৰে টনা নাঙল, খ্ৰী.পূ. ১২০০ছবি: Painter of the burial chamber of Sennedjem · Public domain

মানৱ সভ্যতাৰ বিকাশত খনিজৰপৰা তাম আৰু টিন আহৰণ কৰি তাৰ সংকৰ ধাতু ব্ৰঞ্জ প্ৰস্তুত কৰি বিভিন্ন সঁজুলি নিৰ্মাণ কৰা সময়ছোৱাকে ব্ৰঞ্জ যুগ বোলা হয়। তাম আৰু টিনৰ খনি সমগ্ৰ পৃথিৱীৰ সকলো স্থানতে সমানে পোৱা নাযায়, সেয়ে খ্ৰী.পূ. ৩০০০-লৈ পশ্চিম আফ্ৰিকাত ব্ৰঞ্জৰ ব্যৱহাৰ নাছিল। নিঅ'লিথিক বা নৱ্য প্ৰস্তৰ যুগৰ পাছতেই আহে ব্ৰঞ্জ যুগ। কিছুমান অংশত ব্ৰঞ্জ যুগতে লিখন পদ্ধতিৰ আৱিষ্কাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে।

লৌহ যুগ

মূল প্ৰবন্ধ: Iron Age, Classical antiquity

লো-ৰ ব্যৱহাৰৰ কালছোৱাকে লৌহ যুগ বুলি কোৱা হয়। লোহাৰ ব্যৱহাৰৰ লগে লগে কৃষি-ৰ সঁজুলিৰ বিকাশ আৰু খৰতকীয়া হৈ উঠে, লগতে ধাৰ্মিক ৰীতি-নীতি আৰু কলা-ৰ বিকাশো হয়। এই বাবে লোহ যুগৰ লগতে 'দৰ্শনৰ যুগো' (Axial Age) আৰম্ভ হৈছিল বুলি কোৱা হয়।

সময়ৰেখা

অধিক তথ্য: Timeline of human evolution, Timeline of the Stone Age

সময়ৰ উল্লেখ ওচা-উচিৰহে, আৰু সেয়া আন তথ্যৰ আধাৰত নিৰ্ণয় কৰা। সততে হৈ থকা নতুন গৱেষণাৰ বাবে এই তথ্য সলনি হ’ব পাৰে। নিম্ন পেলিঅ’লিথিক বছৰ পূৰ্বে (বৰ্তমানৰপৰা)

  • ২.৫ নিযুত বছৰ পূৰ্বে (বৰ্তমানৰপৰা) মানৱ নিৰ্মিত প্ৰথম সঁজুলিৰ চিন
  • ২.৪ নিযুত বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – হ’ম’ জাতিয়ে (Genus Homo) মাংস খাবলৈ আৰম্ভ কৰে
  • ৬০০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – চিকাৰ-সংগ্ৰাহক মানৱ
  • ৪০০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) জুইৰ ব্যৱহাৰ

মধ্য পেলিঅ’লিথিক

  • ২০০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – শৰীৰ গঠনৰ ফালৰপৰা আধুনিক মানৱৰ উৎপত্তি হয় আফ্ৰিকাত, বিশেষ লক্ষণীয় বৈশিষ্ট্য আছিল দেহত আন বান্দৰজাতীয় প্ৰাণীৰ থকাৰ দৰে নোমৰ অভাৱ
  • ৩০০,০০০ বছৰ পূৰ্বৰপৰা (বৰ্তমানৰপৰা) ৩০০০০ বছৰ পূৰ্বলৈ (বৰ্তমানৰপৰা). মষ্টেৰিয়ান (Mousterian) (নিয়েণ্ডৰথেল) মানৱৰ সূচনা, ইউৰোপত২০
  • ৭৫,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – ট’বা মহাদুৰ্যোগ তত্ত্ব, ট’বা আগ্নেয়গিৰিৰ উদ্‌গীৰণ (Toba catastrophe theory)২১
  • ৭০,০০০ – ৫০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – হ’ম’ ছেপিয়েন্সৰ আফ্ৰিকাৰপৰা এছিয়ালৈ বিস্তৰণ২২ এওঁলোকৰ সতি-সন্ততিয়েই পাছৰ কেইবা হাজাৰ বছৰত দক্ষিণ ভাৰত, মালয় দীপমালা, অষ্ট্ৰেলিয়া, জাপান, চীন, ছাইবেৰিয়া, আলস্কা, উত্তৰ আমেৰিকাৰ উত্তৰ-পশ্চিম উপকূললৈ বিয়পি পৰে২২
  • ৫০,০০০? বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – আধুনিক আচৰণ (Behavioral modernity), ভাষাৰ ব্যৱহাৰ আৰু উন্নত বিচাৰ-বুদ্ধিৰ প্ৰয়োগ* ৪২,০০০ – ৬৫০,০০০? বছৰ পূৰ্বে (বৰ্তমানৰপৰা) - Invention of clothing

উচ্চ পেলিঅ’লিথিক

  • ৩২,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – ইউৰোপত ‘অৰিগনেচিয়ান’ সভ্যতাৰ আৰম্ভণি
  • ৩০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা)- বৰ্তমানৰ ফ্ৰান্সৰ ভিজিয়াৰ উপত্যকাত বল্গা-হৰিণৰ এটা পালক প্ৰাচীন মানৱে বধ কৰিছিল২৩
  • ২৮,৫০০ খ্ৰী.পূ. – এছিয়া বা অষ্ট্ৰেলিয়াৰ যোৱা মানুহে নিউ গিনিত বসতি স্থাপন কৰে২৪
  • ২৮,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – ২০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) – ইউৰোপত ‘গ্ৰেভেটিয়ান’ কাল, হাৰ্পুন, বেজী আৰু কৰতৰ বিকাশ হৈছিল
  • ২৬,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা)- সমগ্ৰ পৃথিৱীতে নাৰীয়ে কেঁচুৱা লৈ ফুৰবলৈ, পোছাক হিচাপে, মোনা, বা জাল হিচাপে তন্তুৰ ব্যৱহাৰ কৰিছিলি
  • ২৫,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা)- শিল আৰু মেমথৰ হাড়েৰে নিৰ্মিত পঁজাত জনবসতি স্থাপন কৰিছিল বৰ্তমানৰ চেক গণৰাজ্যৰ ম’ৰাভিয়াৰ ডলনি ভেষ্ট’নিচ-ত, প্ৰত্নতত্ত্ববিদে বৰ্তমানলৈ পোৱা ইয়েই আটাইতকৈ পুৰণি নিগাজী বসতিৰ চিহ্ন।২৫
  • ২০,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা)- ফ্ৰান্সত চেটেলপেৰ’নিয়ান সভ্যতা২৬
  • ১৬,০০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) /১৪,০০০ খ্ৰী.পূ. – মাটিৰে নিৰ্মিত ‘বাইছন’ (Wisent), প্ৰাপ্তিস্থান বৰ্তমান লা টুক ডি’অটোবাৰ্ট (Le Tuc d'Audoubert) গুহাৰ ভিতৰত। ফ্ৰান্স আৰু স্পেইনৰ সীমাৰ পিৰেনিছ-ত অৱস্থিত।২৭
  • ১৪,৮০০ বছৰ পূৰ্বে (বৰ্তমানৰপৰা) / ১২,৮০০ খ্ৰী.পূ. – উত্তৰ আফ্ৰিকাত আৰ্দ্ৰ কালৰ আৰম্ভণি, এই কালত বৰ্তমানৰ ছাহাৰা মৰুভূমি সেমেকা আৰু সাৰুৱা আছিল, জলাশয়বোৰ আছিল পৰিপূৰ্ণ২৮

মেজ’লিথিকনিঅ’লিথিক

  • ৮০০০ খ্ৰী.পূ. / ৭০০০ খ্ৰী.পূ. – উত্তৰ মেছপটেমিয়া, বৰ্তমানৰ উত্তৰ ইৰাক-ত বাৰ্লি আৰু গমৰ খেতি আৰম্ভ হয়। প্ৰথমে সুৰা, ছুপ প্ৰস্তুত কৰিবলৈ ইয়াৰ ব্যৱহাৰ হৈছিল, পাছলৈহে ৰুটিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।২৯ এই সময়ৰ খেতিৰ বাবে নাঙলৰ সলনি লাখুটি ব্যৱহাৰ কৰা হৈছিল। পাছৰ শতিকাতহে প্ৰাচীন নাঙলৰ ব্যৱহাৰ আৰম্ভ হয়৩০ একে সময়তে শিলেৰে নিৰ্মাণ কৰা এটা স্তম্ভ (বৰ্তমানৰ উচ্চতা ৮.৫ মিটাৰ, ব্যাস ৮.৫ মিটাৰ) ‘জেৰিক’’ত পোৱা গৈছে।৩১

চেল্‌ক’লিথিক

  • ৩৭০০ খ্ৰী.পূ. - ছুমেৰীয় সভ্যতাত "ক্যুনিফৰ্ম" লিখন পদ্ধতিৰ উদ্ভৱ আৰু নথীকৰণৰ আৰম্ভণি। বেছিভাগ বিশেষজ্ঞৰ মতে মেছ’পটেমিয়া-ৰ প্ৰথম লিখন প্ৰণালীৰ ব্যৱহাৰ ভাষা লিপিবদ্ধ কৰিবলৈ হোৱা নাছিল৩২
  • ৩০০০ খ্ৰী.পূ. - ষ্টোনহেঞ্জ ৰ নিৰ্মাণ আৰম্ভ; প্ৰথম অৱস্থাত ইয়াৰ মাজত খাল আৰু কেউকাষে পাৰ আছিল, আৰু ৫৬-টা কাঠৰ খুঁটা আছিল৩৩

বাহ্যিক লিংক

তথ্যসূত্ৰ

  1. ↑ Renfrew, Colin. Prehistory The Making Of The Human Mind. New York: Modern Library,2008. Print
  2. ↑ pre-historic (french)
  3. ↑ Bruno David, Bryce Barker, Ian J. McNiven (2006). The social archaeology of Australian indigenous societies. Page 55. (cf. "A parallel term anté-historique had earlier been coined by Paul Tournal.")
  4. ↑ Simpson, Douglas. (1963-11-30). Sir Daniel Wilson and the Prehistoric Annals of Scotland, A Centennial Study. Proceedings of the Society, 1963-1964
  5. ↑ Wilson, Daniel. (1851). The archaeology and prehistoric annals of Scotland. পৃ. xiv
  6. ↑ Fagan, Brian. 2007. World Prehistory: A brief introduction New York:Prentice-Hall, Seventh Edition, Chapter One
  7. ↑ Renfrew, Colin. 2008. ''Prehistory: The Making of the Human Mind." New York: Modern Library
  8. ↑ The Prehistory of Iberia: Debating Early Social Stratification and the State edited by María Cruz Berrocal, Leonardo García Sanjuán, Antonio Gilman. Pg 36
  9. ↑ Historical Archaeology: Back from the Edge. Edited by Pedro Paulo A. Funari, Martin Hall, Sian Jones. Pg 8
  10. ↑ Through the Ages in Palestinian Archaeology: An Introductory Handbook. By Walter E. Ras. Pg 49
  11. ↑ Graslund, Bo. 1987. The birth of prehistoric chronology. Cambridge:Cambridge University Press
  12. ↑ The Essence of Anthropology 3rd ed. By William A. Haviland, Harald E. L. Prins, Dana Walrath, Bunny McBrid. Pg 83
  13. ↑ Race and Human Evolution. By Milford H. Wolpoff. Pg 348
  14. ↑ Vanishing Voices: The Extinction of the World's Languages. By Daniel Nettle, Suzanne Romaine Merton Professor of English Language University of Oxford. Pg 102-103
  15. ↑ www.heritagemalta.org/hagarqim.html
  16. ↑ The Perfect Gift: Prehistoric Massacres. The twin vices of women and cattle in prehistoric Europe
  17. ↑ Douglas John McConnell. (2003). The Forest Farms of Kandy: And Other Gardens of Complete Design. পৃ. 1. ISBN 9780754609582
  18. ↑ Mumford, Lewis. The City In History Its Origins, Its Transformations, and Its Prospects. New York: A Harvest Book Harcourt, Inc, 1961. Print
  19. ↑ Ziomkowski, Robert. The Best Test Preparation for the Western Civilization. New Jersey: Research & Educational Association, 2006. E book
  20. ↑ Shea, J. J. 2003. Neanderthals, competition and the origin of modern human behaviour in the Levant. Evolutionary Anthropology 12: 173-187
  21. ↑ Mount Toba Eruption - Ancient Humans Unscathed, Study Claims
  22. ↑ This is indicated by the M130 marker in the Y chromosome. "Traces of a Distant Past," by Gary Stix, Scientific American, July 2008, pages 56-63
  23. ↑ Gene S. Stuart, "Ice Age Hunters: Artists in Hidden Cages." In Mysteries of the Ancient World, a publication of the National Geographic Society, 1979. Pages 11-18
  24. ↑ James Trager, The People's Chronology, 1994, ISBN 0-8050-3134-0
  25. ↑ Stuart, Gene S. (1979). Mysteries of the Ancient World. National Geographic Society. পৃ. 19
  26. ↑ Encyclopedia Americana, 2003 edition, volume 6, page 334
  27. ↑ Stuart, Gene S. (1979). Mysteries of the Ancient World. National Geographic Society. পৃ. 8–10
  28. ↑ "Shift from Savannah to Sahara was Gradual," by Kenneth Chang, New York Times, May 9, 2008
  29. ↑ Kiple, Kenneth F. and Ornelas, Kriemhild Coneè, eds., The Cambridge World History of Food, Cambridge University Press, 2000, p. 83
  30. ↑ "No-Till: The Quiet Revolution," by David Huggins and John Reganold, Scientific American, July 2008, pages 70-77
  31. ↑ Fagan, Brian M, ed. The Oxford Companion to Archaeology, Oxford University Press, Oxford 1996 ISBN 978-0-521-40216-3 p 363
  32. ↑ Glassner, Jean-Jacques. The Invention of Cuneiform: Writing In Sumer. Trans.Zainab,Bahrani. Baltimore: The Johns Hopkins University Press, 2003. Ebook
  33. ↑ Caroline Alexander, "Stonehenge," National Geographic, June 2008

সম্পৰ্কিত শ্ৰেণী

ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাক-ইতিহাস” প্ৰবন্ধৰ সংশোধন ৬৩২৪৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।