আধুনিকতাবাদ (Modernism) হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন। এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিছিল। ঊনবিংশ শতিকাৰ শেষৰফালে সাহিত্যত এটা ঐতিহ্য বিছিন্ন নতুন ধাৰাৰ আৰম্ভ হৈ বিংশ শতিকাত পূৰ্ণ বিকাশ ঘটিল। ভাৱ, বিষয়, ৰূপ, আবেদনৰ ঐতিহ্যনুগ সকলো ধাৰণা আৰু মূল্যৰ পৰা বিছিন্ন হৈ বিকশিত এই ধাৰাটো এটা সাহিত্য আন্দোলনত পৰিণত হ'ল আৰু ই পাছত আধুনিকতাবাদী ধাৰা হিচাপে পৰিগণিত হ'ল। ইউৰোপৰ পৰা এই ধাৰা সমাজবাদী ৰাষ্ট্ৰসমূহৰ বাহিৰে বিংশ শতিকাৰ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছিল।
পটভূমি
ঊনবিংশ শতিকাটোক মানৱ সভ্যতাৰ ইতিহাসৰ এটা জলচ্ছেদ বুলিব পাৰি। আপেক্ষিকতাবাদৰ জন্মদাতা এলবাৰ্ট আইনষ্টাইন, কোৱাণ্টাম সূত্ৰৰ প্ৰতিষ্ঠাতা মেক্স প্লেংক, পৰমাণু তত্ত্বৰ প্ৰতিষ্ঠাতা আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ আৱিষ্কাৰ আৰু বৈজ্ঞানিক চিন্তাই জীৱন আৰু জগতৰ প্ৰতি মানুহৰ দৃষ্টিভংগীক পৰিৱৰ্তন কৰে। চিগ্মণ্ড ফ্ৰয়েডৰ The Interpretation of Dreams-ৰ দৰে গ্ৰন্থত কৰা স্বপ্নতত্ত্বৰ ব্যাখাই মানুহৰ পাপ-পুণ্য, উচিত-অনুচিত সম্পৰ্কীয় নৈতিক আৰু সামাজিক মূল্যবোধক আঘাত দিলে। চাৰ্লছ ডাৰউইনৰ ক্ৰমবিকাশ তত্ত্ব (Theory of Evolution)-ই জীৱ সৃষ্টিৰ ৰহস্যক ঐশ্বৰিক ধাৰণাৰ পৰা মুক্তি দিলে। কাৰ্ল মাৰ্ক্সৰ বস্তুবাদী দৰ্শনৰ ব্যাখাই ইশ্বৰৰ অস্তিত্বকেই নাকচ কৰিলে। ফ্ৰেডৰিখ নিৎসেই ইশ্বৰৰ মৃত্যু হৈছে বুলি ঘোষণা কৰিলে। অন্যহাতে, দুখন বিশ্বযুদ্ধ আৰু পুজিবাদী অৰ্থনীতিৰ সম্প্ৰসাৰণে বিশ্বক জোকাৰি গ'ল। অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি, যুক্তিবাদ, জীৱবিজ্ঞান, মনোবিজ্ঞান আদিৰ বিকাশে ৰোমাণ্টিক যুগৰ ধ্যান-ধাৰণা, বিশ্বাস, সংস্কাৰ-এই আটাইবোৰৰ সামৰণি ঘোষণা কৰিলে। এই যুগান্তকাৰী পৰিৱৰ্তনৰ দিশ আছিল দুটা: এহাতে দ্ৰুত নগৰীকৰণ, আনহাতে ব্যক্তিবমনৰ সংকুচিত ৰূপ, এহাতে নৱ নৱ বৈজ্ঞানিক আৱিষ্কাৰ, আনহাতে যুদ্ধৰ সৰ্বগ্ৰাসী ৰূপ, এহাতে প্ৰসাৰিত যোগযোগ ব্যৱস্থাৰ ফলত জনসংযোগ, আনহাতে মানুহৰ নিসংগতাবোধ। আধুনিক জীৱনে আনি দিয়া এনে হতাশা, অনিশ্চয়তা, অনিৰাপত্তাৰ ভেটিতে আধুনিকতাৰ জন্ম আৰু বিকাশ।
সাহিত্যত আধুনিকতাবাদৰ বিকাশ
আধুনিকতাবাদৰ জন্ম হৈছিল চিত্ৰশিল্পৰ যোগেদি। চিত্ৰশিল্পৰ প্ৰতীতিবাদ, উত্তৰ প্ৰতীতিবাদ, অভিব্যক্তিবাদ, কিউবিকবাদ আদিৰ মাজেদি প্ৰকাশিত মানুহৰ মনোজগতৰ দ্বন্দ্ব, নৈৰাশ্য, অনুশাসনহীনতা, ব্যক্তিকেন্দ্ৰিকতা, অসহায়তা কেৱল চিত্ৰশিল্পৰ মাজতে সীমাবদ্ধ নাথাকি জ্ঞানৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ'ল। যাময়াতিনে (Yevgeny Zamyatin) লিখা On Literature, Revolution, Entropy, and Other Matters (১৯২৩)-ত আধুনিকতাবাদৰ বীজ ৰোমাণ্টিক আন্দোলনৰ ভেটিতেই প্ৰতিষ্ঠা হৈছিল বুলি বহুতে ক'ব খোজে।
আধুনিক যুগৰ লক্ষণ সম্পৰ্কে আৰ্ভিং হৱে (Irving Howe) তিনিটা স্তৰ নিৰ্দেশ কৰিছে:
- প্ৰথম স্তৰ: ব্যক্তিৰ ব্যক্তিগত মনৰ স্ফীতি সাধন।
- দ্বিতীয় স্তৰ: বৰ্হিজগতৰ পৰা অন্তৰ্জগতলৈ প্ৰৱেশ।
- তৃতীয় স্তৰ: জীৱন আৰু কৰ্মৰ সাৰশূন্যতাৰ স্তৰ।
দৰাচলতে আধুনিকতাবাদ উল্লিখিত পটভূমিত জন্ম হোৱা বিভিন্ন মতবাদৰ সমষ্টি স্বৰূপ। আধুনিকতাবাদৰ সৈতে জডি়ত আন কিছুমান ধাৰণা বা মতবাদ হৈছে প্ৰকৃতিবাদ (Naturalism), প্ৰতীকবাদ (Symbolism), বাস্তৱবাদ (Realism), প্ৰতীতিবাদ (Impressionism), চিত্ৰকল্পবাদ (Imagism), অভিব্যক্তিবাদ (Expressionism), অধিবাস্তৱবাদ (Surrealism) আদি।
১৯৩০ চনৰ ডিচেম্বৰৰ আশে-পাশে মানৱ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটি আধুনকিতাবাদী আন্দোলনৰ সূচনা হোৱাৰ কথা ভাৰ্জিনিয়া উল্ফে (Virginia Woolf) ক'ব বিচাৰিছে। কিন্তু জোচেফ কনৰাড (Joseph Conrad)-ৰ Heart of Darkness-ৰ দৰে গ্ৰন্থত ১৯০২ চনতে আধুনিকতাবাদী দৃষ্টিভংগীৰ উপস্থিতি লক্ষণীয়। এবচাৰ্ড নাটক (Absurd Theatre) আদি ইয়াৰ পূৰ্বতে আৰম্ভ হৈছিল। সাহিত্যত জেমচ্ জয়চ (James Joyce)-ৰ চেতনাস্ৰোত (Stream of Consciousness)-ৰ ধাৰণাটো আধুনিকতাবাদৰ সূচনাত এটা মাইলৰ খুঁটি। ইণ্টিৰিয়ৰ মন'লগ (Interior Monologue) শৈলিত তেওঁ ইউলিছিছ (Ulysses, ১৯২২)খন লিখিছিল। যুদ্ধোত্তৰ যুগৰ হতাশা, অৱক্ষয় আৰু মোহভংগৰ শক্তিশালী উপস্থাপনেৰে লিখা টি এছ ইলিয়টৰ 'দ্য ৱেষ্টলেণ্ড' (The Wasteland)-ৰ দৰে কবিতাৰ জৰিয়তে আধুনিকতাবাদী কবিতাৰ সূচনা হয়। উইলিয়াম ফকনাৰ (William Faulkner), অ'নীল (Eugene O'Neil),জন ষ্টেইনবকে (John Steinbeck), বাৰ্টুল ব্ৰেখট (Bertolt Brecht), চেমুৱেল বেকেট (Samuel Backett) আদি এই যুগৰ প্ৰতিনিধি। বিশ্বসাহিত্যক ঢৌৱাই যোৱা এই আধুনিকতাবাদী আন্দোলন প্ৰতীতিবাদতেই আৰম্ভ হৈ অস্তিত্ববাদতে সামৰণি বুলিব পাৰি।
হৱে (Irving Howe) আধুনিকতাবাদৰ কেইটামান লক্ষণ নিৰ্দেশ কৰিছে: (১) এক বিশেষ সম্প্ৰদায় হিচাপে আভা গাৰ্ডৰ বিকাশ, (২) বিশ্বাসৰ সংকট, (৩) সাহিত্যকৰ্মৰ আত্মপৰ্যাপ্তিৰ ওপৰত দিয়া গুৰুত্ব, (৪) নন্দনতাত্বিত ক শৃংখলত পৰিৱৰ্তন, (৫) সাহিত্যৰ পৰা প্ৰকৃতিৰ অপসাৰণ কৰাৰ পৰিচয়, (৬) আকস্মিকতা, অভিঘাত, উত্তেজনা, সন্ত্ৰাসৰ লগত মুখামুখি, (৭) আদিমতাৰ প্ৰতি আকৰ্ষণ, (৮) উপন্যাসত চৰিত্ৰ আৰু গঠনশৈলীক সম্পূৰ্ণ ঐতিহ্য বিছিন্ন কৰি তোলা, (৯) নৈৰাজ্যবাদ কেন্দ্ৰীয় শক্তিত পৰিণত হোৱাৰ লক্ষণ।
আধুনিক,আধুনিকতা আৰু আধুনিকতাবাদ
কেথৰিন বেছিয়ে 'আধুনিক'ৰ অৰ্থ উত্তৰ-আধুনিক দৃষ্টিকোণেৰে বুজাত গুৰুত্ব আৰোপ কৰিছে। ছছুৰীয় তথা উত্তৰ-ছছুৰীয় চিন্তাধাৰাই শব্দবোৰৰ যোগাত্মক অৰ্থ অস্বীকাৰ কৰিছে। কোনো 'term' বা শব্দই সেয়েহে নিজৰ ভিতৰত ইয়াৰ নিৰ্দিষ্ট অৰ্থ নাইবা ধাৰণা লৈ নুফুৰে বা ফুৰিব নোৱাৰে। সেয়েহে যিকোনো অৰ্থ বা ধাৰণাই সম্পৰ্কমূলক (relational) আৰু পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল। ছ'চুৰে দেখুৱাইছিল যে আমাৰ ভাষাত সদৰ্থক শব্দবিহীন মাত্ৰ পাৰ্থক্যবোৰহে আছে। জাক্ ডেৰিডাৰ মতে, 'the signified concept is never present in and of itself, in a sufficient presence that would refer only to itself. Essentially and lawfully, every concept is inscribed in a chain or in a system within which it refers to the other, to other concepts' আধুনিক বা আধুনিকতাৰো কোনো ধনাত্মক বা সদৰ্থক অৰ্থ বা content নিবিচাৰি, ইয়াৰ অৰ্থ পৃথক শব্দ তথা সিবিলাকৰ সৈতে সম্পৰ্কৰ মাজত বিচাৰিব লাগিব। বেল্ছিয়ে সেয়েহে 'আধুনিক'ৰ অৰ্থ বুজাবলৈ 'মধ্যযুগীয় নহয়', 'প্ৰাচীন নহয়', 'পুৰণি (antique) নহয়' নাইবা 'পৰম্পৰাগত নহয়'- এনেধৰণে পাৰ্থক্য আৰু সম্পৰ্কৰ মাজেদি ইয়াক দাঙি ধৰিছে। আধুনিক যে এইবোৰৰ তুলনাত শেহতীয়া (recent) সেই কথা স্বীকাৰ কৰিব পাৰি, আনকি যিকোনো নতুন, শেহতীয়া ফেশ্বন, শৈলী, ৰূপ আধুনিক আখ্যা দিয়া হয়, কিন্তু 'আধুনিকতাবাদ' (Modernism) কথাষাৰে প্ৰধানকৈ যোৱা কুৰি শতিকাৰ প্ৰথমাৰ্ধত সাহিত্য আৰু কলাৰ এক শৈলীক বুজায় যিটো সম্ভৱতঃ শেহতীয়া (latest) ঘটনা হৈ থকা নাই, বৰং বৰ্তমান আমাৰ যুগটোক বুজাবলৈ বহুলভাৱে উত্তৰ-আধুনিক শব্দটোহে ব্যৱহাৰ কৰা হয় আৰু আধুনিকতা আজি এটা অতীতৰ কথা বা ঘটনা হৈ পৰিল। ইয়াৰ পৰা ভালদৰেই আমি বুজিব পাৰোঁ যে আধুনিকতাবাদ যোৱা কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য আৰু কলাৰ এটা বিশেষ আন্দোলন আছিল যিটো আন্দোলনক সেই শতিকাটোৰ আশীৰ দশকৰ পৰা আৰম্ভ হোৱা উত্তৰ আধুনিকতাবাদী চিন্তাধাৰাই অপ্ৰচলিত কৰিলে। কিন্তু এইটোও সত্য যে যোৱা শতিকাটোক বুজিবলৈ হ'লে আধুনিকতাবাদকো বুজিব লাগিব।
বাহ্যিক সংযোগ
- Ballard, J.G., on Modernism.
- Denzer, Anthony S., PhD, Masters of Modernism.
- Hoppé, E.O., photographer, Edwardian Modernists.
- Malady of Writing. Modernism you can dance to An online radio show that presents a humorous version of Modernism
- Modernism Lab @ Yale University
- Modernism/Modernity, official publication of the Modernist Studies Association
- Modernism vs. Postmodernism
- Pope Pius X's encyclical Pascendi, in which he defines Modernism as "the synthesis of all heresies".
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিকতাবাদ” প্ৰবন্ধৰ সংশোধন ৫৯৩২৩৬ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।