অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বেলতলা

গুৱাহাটী মহানগৰীৰ প্ৰায় দক্ষিণ স্থিত বেলতলা মহানগৰীৰ আটাইতকৈ ঐতিহাসিকভাৱে পুৰণি অঞ্চল। ই মহানগৰীৰ আন্তগাথনিত উল্লেখযোগ্য অঞ্চল।

হালনাগাদ: ২৪ জানুৱাৰী ২০২২ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

গুৱাহাটী মহানগৰীৰ প্ৰায় দক্ষিণ স্থিত বেলতলা মহানগৰীৰ আটাইতকৈ ঐতিহাসিকভাৱে পুৰণি অঞ্চল। ই মহানগৰীৰ আন্তগাথনিত উল্লেখযোগ্য অঞ্চল।

ইতিহাস

প্ৰাচীন কালৰে পৰা বেলতলা কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ এক ৰাজনৈতিকভাৱে সক্ৰিয় অঞ্চল। প্ৰাচীনকালত ই ঐতিহাসিক কামৰূপ সাম্ৰাজ্যৰ অন্তৰ্গত আৰু পিছলৈ কোচ-কমতা সাম্ৰাজ্যৰ অধীন হয়। পিছলৈ মোগল শাসনৰ সময়ত এক কৰতলীয়া ৰাজ্যলৈ পৰিৱৰ্তিত হয়। কোচ সাম্ৰাজ্যৰ পিছৰে পৰা বেলতলাই কৰতলীয়া আৰু সময়ে সময়ে স্বাধীন হৈ উঠিছিল। বেলতলাৰ আশে পাশে থকা গুৰুত্বপূৰ্ণ ৰাজ্য যেনে ৰাণী, লুকী, গোভা আদি একে মৰ্যাদাত পৰিছিল। এই ঠাইৰ পৰাই সময়ে সময়ে পাহাৰৰ খাচী ভাষা, গাৰো জনগোষ্ঠী আৰু জয়ন্তীয়া ৰাজ্য ৰাজ্যলৈ অভিযান চলিছিল। উল্লেখ্য যে, আজিৰ বেলতলা ঐতিহাসিক বেলতলাৰ এক ক্ষুদ্ৰ সংস্কৰণ। তেনে অভিযানবোৰৰ বৰ্ণনা দৰং ৰাজবংশাৱলীত পোৱা যায়।

যদিও বা এই অঞ্চল ৰাজনৈতিকভাৱে সক্ৰিয় তথা বিভিন্ন জাতিৰ বাসভূমি তথাপিও ইয়াত মৈত্ৰীভাৱ চালে চকুতলগা। তেনে এক নিদৰ্শন "বেলতলা হাট"। প্ৰাচীন কালৰে পৰা এই ঠাইত যিহেতু জনসমাগমৰ এক ধাৰা আছিল সেইবাবে বেহা-বেপাৰো গঢ লৈ উঠিছিল প্ৰথমে বিনিময় প্ৰথা আৰু পিছলৈ সিকা-ৰূপ-টকাৰ যোগেদি। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে ই এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। ইয়াৰ ভিতৰত মুখ্যত খাচী ভাষা, গাৰো জনগোষ্ঠী, তিৱা জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, কোচ ৰাজবংশী, কাৰ্বি জনগোষ্ঠী আৰু বৰ্ণহিন্দু অসমীয়া। সমান্তৰাল এক ধাৰা বৰ্তমান মৰিগাঁৱৰ জোনবিলত দেখা যায়।

ব্ৰিটিছ ৰাজৰ লগে লগে ই এক কৰতলীয়া ৰাজ্য আৰু জমিদাৰীলৈ সলনি হয় আৰু পৰিধিও হ্ৰাস পায়। পিছলৈ স্বাধীন ভাৰতৰ সময়ত ই মৌজালৈ সলনি হয়। বৰ্তমান এই সমগ্ৰ এলেকা গুৱাহাটী পৌৰনিগমৰ অধীনত।

বেলতলা হাট

বেলতলাৰ প্ৰায় কেন্দ্ৰস্থলত থকা বেলতলা হাট সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰত আটাইতকৈ পুৰণি হাট বা বজাৰ। ইয়াত বিভিন্ন দুষ্প্ৰাপ্য সা-সামগ্ৰী যেনে- বনশাক, পাহাৰীয়া উদ্ভিদ, কেকোৰা, শামুক, মাছ, বনৰীয়া ফল-মূল, অৰ্কিড আদি পোৱা যায়। হাটখনৰ এটা অংশক গাৰোকুছি বুলি জনা যায় যিখন বজাৰ কেৱল মাংসৰ বাবে বিখ্যাত। বৰ্তমান এইখন বজাৰত বহু দুৰৰ পৰা অহা ক্ৰেতা-বিক্ৰেতাৰ ভিৰ লাগে। হাজো, নলবাৰী, বকো, ছয়গাঁও আদিৰ পৰা পুৱা তিনি বজাতে বেপাৰী আহি পাইহি। এই বজাৰৰ আন এটি চকুত লগা কথা হ'ল ইয়াত জনজাতীয় মহিলাসকলৰ অংশগ্ৰহণ। তেখেতসকলে ইয়াত বিভিন্ন গ্ৰাম্য তথা পাহাৰীয়া সামগ্ৰী আনি বেচি উভতি যাওঁতে আন লাগতিয়াল সামগ্ৰী ক্ৰয় কৰি লৈ যায়। লগতে পাব পৰা বস্তুৰ তালিকাও ক্ৰমান্বয়ে বাঢি আহিছে। কিন্তু বেছিভাগ সামগ্ৰীয়ে জৈৱিক বুলি এক ধাৰণা আছে। গুৱাহাটীৰ এই অংশত প্ৰায়ে পৰ্যটক আহে। এই হাটখন প্ৰতি ৰবিবাৰ আৰু বৃহস্পতিবাৰে বহে। বৰ্তমান পৌৰ নিগমে সময়সূচী নিৰ্ধাৰণ কৰি দিছে মহানগৰীৰ যান-জট হ্ৰাস কৰিবলৈ।

বেলতলা হাটৰ দৃশ্য
বেলতলা হাটৰ দৃশ্যছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

বিখ্যাত ভৱনসমূহ

বেলতলা হাইস্কুল, ভৱেন্দ্ৰ আলয়, আৰোহণ, বি.এচ.এন.এল কাৰ্যালয়, শংকৰদেৱ নেত্ৰালয়, খটৰা সত্ৰ, এজাইল হস্পিতাল, ৰিলায়েঞ্চ মাৰ্কেট আদি।

অভিজাত পথসমূহ

অজন্তা পথ, ইলোৰা পথ, চন্দন নগৰ, লখিমী পথ আদি।

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীৰ উল্লেখযোগ্য ঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেলতলা” প্ৰবন্ধৰ সংশোধন ৩১১৮১২ (২৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।