ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
ভাৰত-চীন যুদ্ধ
ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দোলন গঢ় লৈ উঠিছিল।
-
পুৰন্দৰ সিংহ
পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়।
-
কাৰ্গিল যুদ্ধ
কাৰ্গিল যুদ্ধ ( Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়।
-
দাণ্ডী যাত্ৰা
দাণ্ডী যাত্ৰা, যাক লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ, আৰু দাণ্ডী সত্যাগ্ৰহ বুলিও কোৱা হয়, হৈছে ঔপনিৱেশিক ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ।
-
অগ্নিগড়
অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।
-
পাইক প্ৰথা
পাইক প্ৰথা (Paik System) আহোমসকলৰ ৰাজত্ব কালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে, এই প্ৰথাটো দক্ষিণ-পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকল ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোকে ১৬০৯ খ্ৰীষ্টাব্দত মোমাই তামূলী বৰবৰুৱাই কিছু সাল-সলনি কৰি নতুনকৈ প্ৰচলন কৰে।
-
পুষ্য বৰ্মা
পুষ্য বৰ্মা (Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।
-
শিৱ পুৰাণ
শিৱপুৰাণ হিন্দু ধৰ্মৰ সংস্কৃত গ্ৰন্থৰ পুৰাণ ধাৰাৰ আঠাইশখন প্ৰধান গ্ৰন্থৰ ভিতৰত অন্যতম। এই পুৰাণখন শৈৱবাদৰ সাহিত্যৰ অংশ। ই মূলতঃ হিন্দু দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ ওপৰত কেন্দ্ৰীত। সেয়ে হ'লেও ই সকলো দেৱতাৰ উল্লেখ আৰু শ্ৰদ্ধা কৰিছে।
-
সত্যৱতী
সত্যৱতী বা মৎস্যগন্ধা (Satyavati; सत्यवती) আছিল কুৰুৰাজ শান্তনুৰ পত্নী, ব্যাস (পৰাশৰৰ সৈতে), চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ (শান্তনুৰ সৈতে) মাতৃ।
-
সাঁচিপাত
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।
-
কুৰুক্ষেত্ৰ যুদ্ধ
কুৰুক্ষেত্ৰ যুদ্ধ (সংস্কৃত: कुरुक्षेत्र युद्ध), মহাভাৰত যুদ্ধ বুলিও কোৱা হয়। হিন্দু মহাকাব্য মহাভাৰতৰ বৰ্ণনা কৰা অনুসৰি হস্তিনাপুৰৰ সিংহাসনৰ বাবে কৌৰৱ আৰু পাণ্ডৱ ভাতৃসকলৰ বংশগত সংগ্ৰামৰ পৰা উদ্ভৱ হোৱা এখন যুদ্ধ। ভগৱৎ গীতাৰ বাণীসমূহৰ প্ৰসংগ হিচাপে এই যুদ্ধখন ব্যৱহাৰ কৰা হয়।
-
ইহুদী গণহত্যা
ইহুদী গণহত্যা বা হ'লকাষ্ট (The Holocaust, השואה) আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপীয় ইহুদী ধৰ্মালম্বী লোকসকলৰ ওপৰত কৰা গণহত্যা। ১৯৪১ চনৰ পৰা ১৯৪৫ চনৰ মাজত জাৰ্মান অধিকৃত ইউৰোপত নাজী জাৰ্মানী আৰু ইয়াৰ সহযোগীসকলে নিয়মিতভাবে প্ৰায় ৬০ লাখ ইহুদীক হত্যা কৰেছিল, এয়া আছিল সেইসময়ৰ ইউৰোপৰ ইহুদী…
-
পাল সাম্ৰাজ্য
পাল সাম্ৰাজ্য (Pala Empire; ৭৫০-১১৬১ খ্ৰীষ্টাব্দ) ভাৰতীয় উপমহাদেশৰ উত্তৰ-ধ্ৰুপদী যুগৰ এক সাম্ৰাজ্যবাদী শক্তি আছিল, যাৰ উৎপত্তি বংগ অঞ্চলত হৈছিল। সাম্ৰাজ্যখনৰ শাসক বংশ ‘পাল’ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
-
ফৰাচী বিপ্লৱ
ফৰাচী বিপ্লৱ (Révolution française) হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ উৎখাট কৰি গণতন্ত্ৰিক আদৰ্শৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অৱশেষত নেপোলিয়ন বোনাপাৰ্টৰ একনায়কত্তবাদত সমাপ্তি…
-
বাৰ ভূঞা
বাৰ ভূঞা মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল। বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল।
-
ব্ৰঞ্জ যুগ
ব্ৰঞ্জ যুগ হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।
-
ব্ৰাহ্ম সমাজ
ব্ৰাহ্ম সমাজ (Brahmo Samaj, ) বা ব্ৰাহ্ম সভা ঊনবিংশ শতিকাত বংগত স্থাপিত এক সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াক বংগৰ নৱজাগৰণৰ আৰম্ভণি বুলি কোৱা হয়। ১৮২৮ চনৰ ২০ আগষ্টত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় (১৭৭২-১৮৩৩) আৰু তেওঁৰ বন্ধুসকলে কলকাতাত এক সৰ্বজনীন উপাসনাৰে ব্ৰাহ্ম সমাজ আৰম্ভ কৰে।
-
মহেঞ্জোদাৰো
মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা। ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম।
-
মানৰ অসম আক্ৰমণ
মানৰ অসম আক্ৰমণ (ইংৰাজী ভাষা:Burmese Invasions of Assam) বুলিলে ১৮১৭ চনৰ পৰা ১৮২৬ চনৰ ভিতৰত ব্ৰহ্মদেশৰ (এতিয়াৰ ম্যানমাৰ) সৈন্যই অসমত তিনিবাৰ কৰা আক্ৰমণক বুজায়। ইয়াৰ ফলত ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ আহোম ৰাজ্য বৰ্মদেশৰ তলতীয়া আছিল।
-
অটোমান সাম্ৰাজ্য
অটোমান সাম্ৰাজ্য (Ottoman Empire) এখন শক্তিশালী ইউৰোপীয় সাম্ৰাজ্য আছিল। ওছমান গাজীয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। 'অটোমান সাম্ৰাজ্য'; আছিল এক সাম্ৰাজ্য যি ১৪শ আৰু ২০শ শতিকাৰ আৰম্ভণিতে দক্ষিণ-পূব ইউৰোপ, পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বহু অংশ নিয়ন্ত্ৰণ কৰিছিল।
-
আচৰণ
আচৰণ বা আচাৰ বা ব্যৱহাৰ (Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়।
-
গান্ধাৰী
গান্ধাৰী (गांधारी, অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা।
-
মধ্যযুগ
ইউৰোপৰ ইতিহাসত মধ্যযুগ বা মধ্যযুগীয় যুগটো প্ৰায় ৫শ শতিকাৰ পৰা ১৫শ শতিকাৰ শেষৰ ফালে চলিছিল, একেদৰে বিশ্ব ইতিহাসৰ উত্তৰ-ধ্ৰুপদী যুগৰ দৰেই। ই পশ্চিম ৰোমান সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ হৈছিল আৰু নৱজাগৰণ (ৰেনেছাঁ) আৰু আৱিষ্কাৰৰ যুগলৈ পৰিৱৰ্তিত হৈছিল।
-
শিল্প বিপ্লৱ
১৭৬০ চনৰ পৰা আৰম্ভ কৰি ১৮২০-ৰ পৰা ১৮৪০-ৰ মাজলৈ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰিকৰী, সামাজিক, আৰ্থিক তথা সংস্কৃতিক ক্ষেত্ৰত বহুতো পৰিবৰ্তন ঘটে। ইয়াকে শিল্প বিপ্লৱ (Industrial Revolution) বা প্ৰথম শিল্প বিপ্লৱ নামেৰে জনা যায়।
-
অসম প্ৰদেশ
অসম প্ৰদেশ (Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।
-
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড
জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিল।
-
স্বদেশী আন্দোলন
স্বদেশী আন্দোলন (Swadeshi Movement) আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্যায় বা অংশ। এই আন্দোলনে ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদী আৱেগ একত্ৰিত কৰিছিল। ১৯০৫ চনৰ বংগ বিভাজনৰ পাছতেই, ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে কলিকতাৰ টাউন হলৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিল।
-
হান ৰাজবংশ
হান ৰাজবংশ হৈছে কিন (Qin) ৰাজবংশৰ (খ্ৰী:পূ: ২২১-২০৭) পিছতে চীনৰ দ্বিতীয়টো ৰাজবংশ। এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল বিদ্ৰোহী নেতা লিউ বাং। মৃত্যুৰ পিছত তেওঁ হান সম্ৰাট গাউজু হিচাপে পৰিচয় লাভ কৰে। মাজতে কিছু বছৰ জিন (Xin) ৰাজবংশৰ (৯-২৩ চন) আধিপত্য চলিছিল যদিও হান ৰাজবংশই পুনৰ ক্ষমতা দখল কৰে।