অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

তেভাগা আন্দোলন

টেভাগা বিদ্ৰোহ (Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সৰ্বভাৰতীয় কিষাণ সভাই৷ এওঁলোক আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কৃষক সদস্যসকলে৷ সেই সময়ত অংশীদাৰীসকলে (Sharecropper) তেওঁলোকৰ শস্যৰ আধা অংশ জমিদাৰসকলক দিবলৈ চুক্তিবদ্ধ হৈছিল।

হালনাগাদ: ৪ জানুৱাৰী ২০২৪ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

টেভাগা বিদ্ৰোহ (Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সৰ্বভাৰতীয় কিষাণ সভাই৷ এওঁলোক আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কৃষক সদস্যসকলে৷ সেই সময়ত অংশীদাৰীসকলে (Sharecropper) তেওঁলোকৰ শস্যৰ আধা অংশ জমিদাৰসকলক দিবলৈ চুক্তিবদ্ধ হৈছিল। টেভাগাৰ অৰ্থ হৈছে-তৃতীয়াংশত ভাগ-বতৰা কৰা৷ এই আন্দোলনৰ দাবী আছিল ঘৰৰ মালিকৰ অংশটো এক-তৃতীয়াংশলৈ হ্ৰাস কৰা। ১ ১৯৪৬-৫০ চনৰ সময়ছোৱাত ২৪খন পৰগানাৰ বিভিন্ন অংশত এই আন্দোলন বিকশিত হৈছিল আৰু ইয়াৰ ফলস্বৰূপে বৰ্গাদাৰী আইন প্ৰণীত হৈছিল৷ ১৯৫০ চনৰ বৰ্গদাৰী আইনে বৰ্গদাৰসকলক কৃষিভূমিৰ অধিকাৰ হিচাপে অধিক কৃষিঅংশ দিয়াৰেই পোষকতা কৰিছিল যদিও এই আইন বলবৎ হোৱা নাছিল৷ ভূমিৰ নিৰ্ধাৰিত সীমাতকৈও অধিক অংশ ধনী জমিদাৰসকলেই অধিকাৰ কৰি ৰাখিছিল৷ ১৯৬৭ চনত পশ্চিম বংগত কৃষকৰ বিদ্ৰোহ আৰম্ভ হয় আৰু এই বিদ্ৰোহে ভূমি সংৰক্ষণ আইনৰ অকাৰ্যকাৰিতাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলে৷ এই আন্দোলন আৰম্ভ হয় সোণাৰপুৰ গাঁও পঞ্চায়তৰ পৰা৷ ১৯৭৭ চনত বাঁওপন্থী চৰকাৰৰ নেতৃত্বত সমগ্ৰ পশ্চিমবংগতে ভূমিনীতিৰ গুৰুত্বপূৰ্ণ সংশোধন প্ৰক্ৰিয়া আৰম্ভ হয়৷ প্ৰয়োজনতকৈ অধিক মাটি জমিদাৰৰ কৱলৰ পৰা মুক্ত কৰি কৃষকৰ মাজত ভগাই দিয়া হয়৷ পৰ্যায়ক্ৰমে "অপাৰেছন বাৰ্গা"ৰ জৰিয়তে কৃষকসকলৰ ভাড়াতীয়া অধিকাৰ সুৰক্ষা কৰাৰো এটি প্ৰক্ৰিয়াই পাতনি মেলে৷২

হৰে কৃষ্ণ কোণাৰ নামৰ এজন ব্যক্তিয়ে ধনী মাটিৰ মালিকসকলে 'বেনামী'ৰ ৰূপত থৈ দিয়া অতিৰিক্ত ভূমি মোকলাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেনেকুৱা কৃষিভূমিৰ পৰিমাণ মোটামুটি ৪,০০০ বৰ্গ কিলোমিটাৰ বা দহ লাখ একৰ৷ এই মাটি ৰাজ্যখনৰ ২৪ লাখ ভূমিহীন আৰু দৰিদ্ৰ কৃষকৰ মাজত ভগাই দিয়া হয়৷ এই কাৰ্যত বিনয় চৌধুৰীৰ নেতৃত্বই সহায় কৰে৷৩

তথ্যসূত্ৰ

  1. ↑ Asok Majumdar. (2011). The Tebhaga Movement: Politics of Peasant Protest in Bengal 1946-1950. Aakar Books. পৃ. 13. ISBN 978-9350021590
  2. ↑ District Human Development Report: South 24 Parganas. (1) Chapter 1.2, South 24 Parganas in Historical Perspective, pages 7-9 (2) Chapter 3.4, Land reforms, pages 32-33. Development & Planning Department, Government of West Bengal, 2009
  3. ↑ The story of a pretender. The Statesman, 9 February 2010

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিদ্ৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেভাগা আন্দোলন” প্ৰবন্ধৰ সংশোধন ৪০০৬৮৩ (৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।