অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বুঢ়া চাপৰি অভয়াৰণ্য

বুঢ়া চাপৰি অভয়াৰণ্য (Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বুঢ়া চাপৰি অভয়াৰণ্য (Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

ভৌগোলিক বিৱৰণ

এই বন্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰ নদনদীৰ উত্তৰ পাৰে শোণিতপুৰ জিলা জিলাত অৱস্থিত। তেজপুৰ চহৰ আৰু গুৱাহাটীৰ পৰা এই বনাঞ্চলৰ দুৰত্ব ক্ৰমে ৪০ কিমি আৰু ১৮১ কিমি। এই বনাঞ্চলৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ১। ইয়াত প্ৰধানকৈ ঘাঁহনি আৰু জলাহভূমি তথা অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়।২

ইতিহাস

ইয়াক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।৩

জৈৱবৈচিত্ৰ্য

বুঢ়া-চাপৰি বনাঞ্চৰ জৈৱবৈচিত্ৰ্য খুবেই চহকী। বিশেষকৈ ইয়াক উলূম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল- স্তন্যপায়ী প্ৰাণী: এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, খটীয়া পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, হেপা, হাতী ইত্যাদি৪। চৰাই-চিৰিকটি: আমৰ’লীয়া হাঁহ, মাছৰোকা, মৌপিয়া, লক্ষ্মী ফেঁচা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, শিৱ, পাকৈঢোৰা, ফেঁচু, পাতি শগুন, পানী কাউৰী, বতা চৰাই, বনকুকুৰা, বনচিৰিকা, বামুণ বগলী, বামুণী হাঁহ, খন্তীয়া হাঁহ, গলমণিকা, সখিয়তী, সাতভনী, বৰ বগ, বৰটোকোলা, সোণ বাঢ়ৈটোকা,সৰুমূগী হাঁহ, হয়কলি, হাইঠা, হাড়গিলা, ঘিলা হাঁহ, চাকৈ-চকোৱা, ৰাজ ভাটৌ, ৰামপৰা, কলীমূৰী হাঁহ, ক পাকৈঢোৰা, কাকলি হাঁহ, কামচৰাই, কুটুম চৰাই৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.assaminfo.com/tourist-places/18/burachapori-
  3. ↑ Wahid Saleh. Indiawijzer. Indiawijzer.nl
  4. ↑ আৰ্কাইভ কপি
  5. ↑ Bura Chapori Wildlife Sanctuary, Wildlife Sanctuary Assam, Bura Chapori Wildlife Reserve, Wildlife Conservation Bura Chapori Assam, Wildlife Parks Bura Chapori, Bura Chapori Wildlife National Park. Naturesafariindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুঢ়া চাপৰি অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৯৬ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।