অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কলীমূৰী হাঁহ

কলীমূৰী হাঁহ (Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷ ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

কলীমূৰী হাঁহ (Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷১ ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷

বিৱৰণ

মতা কলীমূৰী হাঁহৰ ডেউকাৰ বগা বহল দাগ আৰু মূখৰ স্পষ্ট বৰণ
মতা কলীমূৰী হাঁহৰ ডেউকাৰ বগা বহল দাগ আৰু মূখৰ স্পষ্ট বৰণছবি: CC BY-SA 3.0

কলীমূৰী হাঁহৰ আকাৰ তেনেই সৰু, দেহৰ দৈৰ্ঘ্য ৩৪-৪৩ ছে: মি: আৰু উজন প্ৰায় ৩৬০ গ্ৰাম হয়৷ ডেউকাৰ দৈৰ্ঘ্য ১৭.৫-২০.৪ ছে: মি:, ঠোঁট ৩.২-৪ ছে:মি: আৰু ঠেং ২.৮-৩.৪ ছে:মি: হোৱা দেখা যায়৷২১

ক'লীমূৰী হাঁহৰ বৰণ ধূসৰ, মূৰ ডাঠ ৰঙৰ আৰু ইয়াৰ পিছফালে হালধীয়া আৰু বগা আঁচ থকা দেখা যায়৷ ইয়াৰ মূৰ আৰু ডিঙি ডাঠ ৰঙা (chestnut) আৰু তাতে চকুৰ পৰা ডিঙিলৈকে এটা সেউজীয়া অৰ্ধচন্দ্ৰাকৃতিৰ দাগ থাকে৷ এই দাগৰ কাষৰ অংশ হালধীয়া-বগা আঁচেৰে ঠোঁটলৈকে বিয়পি থাকে৷ ইয়াৰ বুকু অঞ্চল buff (পাতল হালধীয়া) বৰণৰ আৰু ইয়াত সৰু ঘূৰণীয়া মটীয়া দাগ থকা দেখা যায়৷ এই হাঁহৰ বুকুৰ মাজ অংশ বগা, দেহৰ বাকী অঞ্চল ছাইবৰণৰ৷২

প্ৰজনন নোহোৱা সময়ত ইয়াক ঘৰচীয়া হাঁহৰ দৰেই দেখা যায়৷

টেক্সন'মি

প্ৰজননৰ সময়ত ক'লীমূৰী হাঁহ
প্ৰজননৰ সময়ত ক'লীমূৰী হাঁহছবি: J.M.Garg · CC BY-SA 4.0

ক'লীমূৰী হাঁহক পোনপ্ৰথমে কেৰ'লাছ লিনিয়াছে তেওঁৰ ১৭৫৮ চনত প্ৰকাশিত চিষ্টেমা নেচুৰী গ্ৰন্থত উল্লেখ কৰিছিল৷৩ ক'নৰাড গেছনাৰ (Conrad Gessner)এ তেওঁৰ 'Historiae animalium' গ্ৰন্থত 'teal' গোটৰ ভিতৰত সৰু আকাৰৰ হাঁহৰ প্ৰজাতি বুলি বৰ্ণনা কৰিছিল৷ ৪ অৱশেষত জন ৰে (John Ray) ই ইয়াক "Common Teal" বুলি নামকৰণ কৰে৷ ৫ মতা ক'লীমূৰী হাঁহৰ 'ক্ৰিক (cryc) ধৰণৰ মাতৰ প্ৰতি লক্ষ্য ৰাখি লিনিয়াছে ইয়াৰ বৈজ্ঞানিক নাম Anas crecca ৰাখে য'ত Crecca ৰ অৰ্থ হৈছে 'cryc' ধৰণৰ মাত মতা হাঁহ৷

বিতৰণ আৰু বাসস্থান

ৰ পশ্চিমবংগত শীতকালত চৰা ক'লীমূৰী হাঁহ]]

ক'লীমূৰী হাঁহে উত্তৰ ইউৰেছিয়াত প্ৰজনন কৰে আৰু দক্ষিণৰ অঞ্চলসমূহত শীতকালটো অতিবাহিত কৰে৷ অৱশ্যে নাতিশীতোষ্ণ মণ্ডলত অৰ্থাৎ ইউৰোপ আদিত ইয়াৰ গ্ৰীষ্ম আৰু শীতকালৰ বিতৰণ ওপৰা-ওপৰি হয়৷২ শীতকালত ভূমধ্য-সাগৰীয় (Mediterranean) অঞ্চলসমূৰ আশে পাশে উচ্চঘনত্বত দেখা পোৱা যায়৷ ই জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈকে শীতকালত পৰিভ্ৰমণ কৰে৷ তাৰোপৰি নীল উপত্যকা, ইৰান, কোৰিয়া আদিতো শীতকালত অতিবাহিত কৰে বুলি জনা যায়৷ ২

''Anas crecca''
Anas creccaছবি: Roger Culos · CC BY-SA 4.0

আচৰণ

ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ ২

প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, মলাস্কা, কণী আদি খাই জীয়াই থাকে৷ এইসময়ত ই দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ ই পানীত মূৰ ডুবাই বা পানীৰ তললৈ সাঁতুৰিও খাদ্য বিচাৰে৷ ২

ক'লীমূৰী হাঁহে পানীৰ কাষৰীয়া মাটি বা জোপোহাৰ আঁৰত বাহ সাজে৷ বাহটো সাজিবলৈ ইহঁতে শুকান গছৰ পাত আৰু গাৰ পাখি ব্যৱহাৰ কৰে৷ মাৰ্চ মাহত ইয়াৰ প্ৰজননকাল আৰম্ভ হয়৷ এবাৰত ৫-১৬ টা কণী পাৰে৷ মাকে ২১-২৩ দিনলৈকে উমনি দি পোৱালি জগায়৷ জন্মাৰ পৰা ২৫-৩০ দিনলৈকে পাখি নগজা পৰ্যন্ত মাকে পোৱালিৰ যত্ন লয়৷ প্ৰথমটো শীতকালৰ পিছত পোৱালিয়ে পূৰ্ণবয়স্কৰ ৰূপ লয়৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Carboneras, Carles (1992): Family Anatidae (Ducks, Geese and Swans). In: del Hoyo, Josep; Elliott, Andrew & Sargatal, Jordi (eds.): Handbook of Birds of the World (Volume 1: Ostrich to Ducks): 536–629, plates 40–50. Lynx Edicions, Barcelona. ISBN 84-87334-10-5
  2. ↑ Madge, S. & Burn, H. (1987) Wildfowl, an Identification Guide to the Ducks, Geese and Swans of the World. Christopher Helm, London ISBN 0713636475
  3. ↑ Linnaeus, Carl (1746): 109. Anas macula alarum viridi: linea alba supra infraque oculos). In: Fauna Svecica Sistens Animalia Sveciæ Regni, etc. (1st ed.): 39–40 (in Latin. Conrad & Georg Jacob Wishoff, Leiden ("Lugdunum Batavorum")
  4. ↑ Aldrovandi, Ulisse (Ulyssis Aldrovandus) (1637): Ornithologia (2nd ed., vol. 3: Tomus tertius ac postremus) [in Latin]. Nicolò Tebaldini, Bologna ("Bononia"). pp. 207–209
  5. ↑ Linnaeus (1758): pp. 126–127

সম্পৰ্কিত শ্ৰেণী

হাঁহঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলীমূৰী হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭১৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।