অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাকলি হাঁহ

কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

বিৱৰণ

পূৰ্ণবয়স্ক মতা কাকলি হাঁহৰ দেহৰ বৰণ গাঢ় বাদামী (chestnut) আৰু চকু হালধীয়া৷ ইয়াৰ নেজডাল শুদ্ধ বগা বাবে চিনাক্তকৰণত সহায় হয়৷ মাইকী কাকলি হাঁহো দেখিবলৈ প্ৰায় একে কিন্তু বৰণ কিছু শেঁতা হয়৷ ইহঁত জাকপাতি বাস কৰা হাঁহৰ প্ৰজাতি৷ বিশেষকৈ শীতকালত ই অন্য প্ৰজাতিৰ হাঁহৰ সৈতে বৃহৎ গোট গঠন কৰে৷

বিতৰণ

কাকলি হাঁহে প্ৰধানকৈ দক্ষিণ-পশ্চিম এছিয়া অৰ্থাৎ চীনৰ পৰা পাকিস্তান আৰু ভাৰত, ইউৰোপ আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷১২ শীতকালত এই বিতৰণ অধিক বিস্তৃত হৈ পৰে৷

বাসস্থান

কাকলি হাঁহে সাধাৰণতে স্থিৰ পানী পছন্দ কৰা দেখা যায়৷৩ কাচিৎহে ইয়াক চলন্ত পানীৰ জুৰি বা নৈত দেখা পোৱা যায়৷৪ চৰিবৰ বাবে ইয়াক প্ৰায় ৩০-১০০ ছে: মি: গভীৰতা থকা জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ৰ প্ৰয়োজন৷৫

আচৰণ

কাকলি হাঁহ প্ৰধানকৈ পৰিভ্ৰমণকাৰী৬৷ অৱশ্যে ইয়াৰ পৰিভ্ৰমণৰ স্থান তথা দিশৰ বিষয়ে বিশেষ তথ্য পোৱা হোৱা নাই আৰু কিছুমান গোট প্ৰজননৰ ঠাইতে সমগ্ৰ বছৰ জুৰি থকা বুলি জনা যায় ৭

খাদ্য

কাকলি হাঁহ সৰ্য়ভক্ষী আৰু সেয়ে ই সকলো ধৰণৰ খাদ্যই গ্ৰহণ কৰে৷ অৱশ্যে ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে -গুটি, শিপা, ডাল আদি খায়৷৮ তাৰোপৰি বিভিন্ন প্ৰাণী যেনে মলাস্কা, পোক, কেকোঁৰা, উভচৰ প্ৰাণী আৰু মাছ আদিও খায়৷

প্ৰজনন

ই এপ্ৰিল-মে মাহত প্ৰজনন কৰে৷৯ পানী কাষৰীয়া অঞ্চলত উদ্ভিদৰ ডাল-পাতেৰে ই মাটিত বাহ সাজে৷১০১১,১২

বাহ্যিক সংযোগ

  • Showler, D.A. & Davidson, P. (1999): Observations of Jerdon's Babbler Chrysomma altirostre and Rufous-vented Prinia Prinia burnesii in Punjab and North-West Frontier Provinces, Pakistan. Forktail'15': 66–76. PDF fulltext
  • Singh, A.P. (2002): New and significant records from Dehra Dun valley, lower Garhwal Himalayas, India. Forktail'18': 151–153. PDF fulltext
  • Vinicombe, K. E. (2000) Identification of Ferruginous Duck and its status in Britain and Ireland British Birds 93(1):4–21
  • Vinicombe, K. E. (2007) ID in depth – Ferruginous Duck Birdwatch 176:24–26

তথ্যসূত্ৰ

  1. ↑ Callaghan, D. A. 1999. European Union Species Action Plan: Ferruginous Duck (Althea nervosa). Council of Europe Publishing, Strasbourg
  2. ↑ Vinicombe, K. E. 2000. Identification of Ferruginous Duck and its status in Britain and Ireland. British Birds 93: 4-21
  3. ↑ Snow, D. W.; Perrins, C. M. 1998. The Birds of the Western Palearctic vol. 1: Non-Passerines. Oxford University Press, Oxford
  4. ↑ Petkov, N. 2006. he importance of extensive fishponds for Ferruginous Duck Aythya nyroca conservation. In: Boere, G.; Galbraith, C., Stroud, D. (ed.), Waterbirds around the world, pp. 733-734. The Stationary Office, Edinburgh, UK
  5. ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain
  6. ↑ Scott, D. A.; Rose, P. M. 1996. Atlas of Anatidae populations in Africa and western Eurasia. Wetlands International, Wageningen, Netherlands
  7. ↑ Kear, J. 2005. Ducks, geese and swans volume 2: species accounts (Cairina to Mergus). Oxford University Press, Oxford, U.K
  8. ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain
  9. ↑ del Hoyo, J.; Elliot, A.; Sargatal, J. 1992. Handbook of the Birds of the World, vol. 1: Ostrich to Ducks. Lynx Edicions, Barcelona, Spain
  10. ↑ Johnsgard, P. A. 1978. Ducks, geese and swans of the World. University of Nebraska Press, Lincoln and London
  11. ↑ BirdLife International 2012. Aythya nyroca. In:
  12. ↑ IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 03 April 2013

সম্পৰ্কিত শ্ৰেণী

হাঁহজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকলি হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭২০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।