ঘিলা হাঁহ১ বা নাক খেচখেচী১(Cotton Pygmy Goose বা Cotton Teal২, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
বিৱৰণ
ত মতা ঘিলাহাঁহ]]
ত মাইকী ঘিলাহাঁহ]]

এই প্ৰজাতিটো হাঁহ সমূহৰ ভিতৰত আকাৰত আটাইতকৈ সৰু। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৬ ছে:মি: আৰু ওজন প্ৰায় ১৬০ গ্ৰাম হয়। দেহৰ অধিকাংশই বগা বৰণৰ। ইয়াৰ ঠোঁট চুটি। প্ৰজননৰ সময়ত মতা চৰাইৰ মূৰৰ ওপৰৰ অংশ জিলিকা সেউজীয়া-ক'লা বৰণৰ হৈ পৰে। মূৰ, ডিঙি আৰু তলৰ অংশৰ ৰং বগা আৰু ডিঙিত ক'লা কলাৰ তথা ডেউকাত বগা আঁচ থকা দেখা যায়। ইয়াৰ মুৰৰ আকৃতি ঘূৰণীয়া আৰু ঠেং চুটি হয়। উৰন্ত অৱস্থাত ঘিলাহাঁহৰ সেউজীয়া ডেউকাত থকা বগা আঁচে ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰে। মাইকী ঘিলা হাঁহৰ বৰণ শেঁতা, ডিঙিত কলাৰ নাথাকে আৰু ডেউকাৰ বগা আঁচো পাতল হয়।
বিতৰণ
ঘিলাহাঁহ প্ৰধানকৈ এবিধ স্থানীয় হাঁহ। অৱশ্যে চীনত এই প্ৰজাতিটোৱে দীঘলীয়াকৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়। সকলো ধৰণৰ জলাশয় যেনে, হ্ৰদ, বৰষুণৰ পানীৰে পূৰ্ণ খেতি-পথাৰ, নৈ-বিল আদিত ঘিলাহাঁহ দেখিবলৈ পোৱা যায়।
আচৰণ
ঘিলাহাঁহৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি আৰু শাক-পাচলি আদিৰ বিভিন্ন অংশ, পোক-পৰুৱা, কেকোঁৰা আদি।
ই সাধাৰণতে জুলাইৰ পৰা চেপ্টেম্বৰৰ সময়ছোৱাত প্ৰজনন কৰে। ই সাধাৰণতে পানী-কাষৰীয়া গছৰ খোৰঙত বাহ সাজে। এবাৰত ৮-১৫ টাকৈ কণী পাৰে। কণীৰ বৰণ ৰুপালী হয়।
লোক সংস্কৃতিত ঘিলা হাঁহ
মেদিনী চৌধুৰী দেবৰ অন্যন প্ৰান্তৰ ৩ নামৰ কাহিনী গ্ৰন্থত ঘিলা হাঁহ সম্পৰ্কীয় এটা জনবিশ্বাসৰ উল্লেখ কৰিছে। এই বিশ্বাস অনুসৰি ঘিলা হাঁহৰ কণী এটা বাহৰ পৰা লৈ আনি তাত এটা এঙাৰৰ টুকুৰা থৈ আহিলে চৰাই জনীয়ে তাত আকৌ এটা কণী পাৰে। উল্লেখযোগ্যযে ঘিলা হাঁহে গছৰ খোৰোংত বাহ বান্ধে।
তথ্য সংগ্ৰহ
- Madge, Steve; Burn, Hilary. (1988). Waterfowl: An Identification Guide to the Ducks, Geese, and Swans of the World. Houghton Mifflin. ISBN 0-395-46727-6
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘিলা হাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩১৬৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।