অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দল-হৰিণা

দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷…

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও১ এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷ এই বৈশিষ্ট্যপূৰ্ণ ১২ টা ভাগৰ বাবেই হিন্দী ভাষাত ইয়াক বাৰাশিঙ্গা (Barasingha) বুলি কোৱা হয়৷২ ই ভাৰত উপ-মহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত অন্যতম৷

বিৱৰণ

দল-হৰিণাৰ শিং
দল-হৰিণাৰ শিংছবি: Franco Atirador · CC BY-SA 3.0

দল-হৰিণা মধ্যমীয়া আকাৰৰ পহুৰ প্ৰজাতি ৷ ইয়াৰ দেহৰ উচ্চতা প্ৰায় ১৩০ ছে: মি: আৰু ওজন প্ৰায় ১৮০ কি:গ্ৰা: হয় ৷ দেহৰ বৰণ মটীয়া ৷ প্ৰজননৰ সময়ত দেহৰ বৰণ গাঢ় হৈ পৰে ৷ মতা দল-হৰিণাৰ দীঘল শিং থাকে ৷

বিতৰণ তথা বসতিস্থল

কানহা ৰাষ্ট্ৰীয় উদ্যানত দলহৰিণা
কানহা ৰাষ্ট্ৰীয় উদ্যানত দলহৰিণাছবি: Altaipanther · Public domain

এসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷৩ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷৪৫৬অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷৭

দল-হৰিণাই প্ৰধানতঃ নৈ বা জলাহ অঞ্চলৰ কাষৰ ওখ ঘাঁহনিত চৰিবলৈ ভাল পায়৷

আচৰণ

দল-হৰিণাই সাধাৰণতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৮-২০ টাকৈ প্ৰাণী থাকে ৷ প্ৰজননৰ সময় সাধাৰণতে ছেপ্টেম্বৰৰ পৰা এপ্ৰিল পৰ্য্যন্ত ৷ ২৪০-২৫০ দিন ধৰি গৰ্ভধাৰণ কৰাৰ পিছত পোৱালিৰ জন্ম দিয়ে৷৮

দল-হৰিণা সাধাৰণতে তৃণভোজী৷ মূলত: গছৰ পাত আৰু ঘাঁহ খাদ্য হিচাপে গ্ৰহণ কৰে৷২

স্থিতি তথা সংৰক্ষণ

দল-হৰিণাক আই.ইউ. চি. এন (IUCN) ৰ তালিকাত অসুৰক্ষিত (Vulnerable) প্ৰাণী বুলি ঘোষণা কৰা হৈছে৷ ৯বনাঞ্চল ধ্বংস, জলাহ ভূমিৰ খেতিৰ বাবে ৰূপান্তৰণ আদিৰ বাবে এই প্ৰাণী বিধৰ প্ৰাকৃতিক বসতিস্হল ক্ৰমান্বয়ে লোপ পাই আহিবলৈ ধৰিছে৷ তাৰোপৰি দল-হৰিণাক ইয়াৰ শিঙৰ বাবেও চিকাৰ কৰা হয় বুলি জনা যায়৷

শিং
শিংছবি: Captain J Forsyth · Public domain

অতিৰিক্ত পঠন

  • M. Acharya, M. Barad, S.Bhalani, P. Bilgi, M.Panchal, V.Shrimali, W. Solanki, D.M. Thumber. Kanha Chronicle, Centre for Environment Education, আহমেদাবাদ in collaboration with the United tates National Park Service.

বহি:সংযোগ

তথ্যসূত্ৰ

  1. ↑ Database entry includes a brief justification of why this species is of vulnerable
  2. ↑ Prater, S. H. (1948) The book of Indian animals. Oxford University Press. (10th impression)
  3. ↑ Choudhury, A. U. (1997) Checklist of the mammals of Assam. Revised 2nd edition. Gibbon Books & Assam Science Technology & Environment Council, Guwahati, India. 103pp. ISBN 81-900866-O-X
  4. ↑ Choudhury, A.U.(2004). Kaziranga: Wildlife in Assam. Rupa & Co., New Delhi
  5. ↑ Choudhury, A. U. (1987). Railway threat to Kaziranga. 'Oryx' 21: 160–163
  6. ↑ Choudhury, A. U. (1986). Manas Sanctuary threatened by extraneous factors. The Sentinel 16 February
  7. ↑ Choudhury, A. U. (2003). The mammals of Arunachal Pradesh. Regency Publications, New Delhi. 140pp
  8. ↑ Schaller, G.B. (1967) The Deer and the Tiger - A Study of Wildlife in India. University Chicago Press, Chicago, IL, USA
  9. ↑ indiabiodiversity.org/species/show/253969

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীতৃণভোজী প্ৰাণীপহুঅসমৰ স্তন্যপায়ী বন্যজন্তু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দল-হৰিণা” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৫৯ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।