অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বামুণ বগলী

বামুণ বগলী (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

বামুণ বগলী১ (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷

বিৱৰণ

প্ৰজনন নোহোৱা কালত বামুণ বগলী
প্ৰজনন নোহোৱা কালত বামুণ বগলীছবি: CC BY-SA 3.0

ত উৰন্ত অৱস্থাত বামুণ বগলী]]

পূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু ক'লা বৰণৰ, ঠৌঁট ঠেক, ক'লা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল বিশেষ ধৰণৰ পাখি (plumes) ওলায়৷ তাৰোপৰি ইয়াৰ ঠোঁট আৰু চকুৰ মাজৰ অংশটো ৰঙচুৱা হৈ উঠে৷

পোৱালি বামুণ বগলীৰ বাহ্যিক গঠন প্ৰজনন নকৰা পূৰ্ণবয়স্ক বগলীৰ সৈতে একে হয়৷ ই সাধাৰণতে নীৰৱে থাকে যদিও ভয় খালে ই বিভিন্ন শব্দ কৰিব পাৰে৷

ডিঙি কোঁচাই উৰা অৱস্থাত বামুণ বগলী
ডিঙি কোঁচাই উৰা অৱস্থাত বামুণ বগলীছবি: S.Gopinath babu · CC BY-SA 3.0

টেক্স'নমি

বৰ্তমানলৈকে বামুণ বগলীৰ তিনিবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে২-

বিতৰণ

প্ৰজননৰ সময়ত ''E. g. nigripes''
প্ৰজননৰ সময়ত E. g. nigripesছবি: D. Gordon E. Robertson · CC BY-SA 3.0

ত পূৰ্ণবয়স্ক E. g. immaculata]]

বামুণ বগলী প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়া তথা অষ্ট্ৰেলিয়াত বিস্তৃত হৈ আছে৷ বিষুৱীয় অঞ্চলসমূহত ই স্থানীয়ভাৱে বিস্তৃত৷ কিন্তু ইউৰোপৰ পৰা ইহঁতে শীতকালত আফ্ৰিকা তথা দক্ষিণ এছিয়ালৈ প্ৰব্ৰজন কৰে৷

আচৰণ

খাদ্য

ত E. g. garzetta]]

বামুণ বগলীয়ে সাধাৰণতে মাছ, পোক-পতংগ, উভচৰ প্ৰাণী, কেকোঁৰা আৰু বিভিন্ন সৰীসৃপ আদি খাই জীয়াই থাকে৷ ই সাধাৰণতে অগভীৰ পানীত চোপ লৈ থাকি খাদ্যৰ চিকাৰ কৰে৷

প্ৰজনন

'' Egretta garzetta ''
Egretta garzetta ছবি: Didier Descouens · CC BY-SA 4.0

বামুণ বগলীয়ে জাক-পাতি বাস কৰে৷ ই গছ বা জোপোহা আদিত ডালিৰে বাহ সাজে৷ এবাৰত ই ৩-৫ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়া আৰু পোৱালিৰ যত্ন লয়৷ কণীৰ আকাৰ ডিম্বাকৃতিৰ আৰু নীল-সেউজীয়া বৰণৰ৷ ২১-২৫ দিনৰ উমনিৰ অন্তত কণি ফুটি পোৱালি জগে৷ ৪০-৪৫ দিনৰ ভিতৰত পোৱালিৰ পাখি গজিবলৈ আৰম্ভ কৰে৷

স্থিতি তথা সংৰক্ষণ

বামুণ বগলীৰ জনসংখ্যা বৰ্তমান বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই বাবে বৰ্তমান ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷

তথ্যসূত্ৰ

  • D. W. Snow & C. M. Perrins (1998) Birds of the Western Palearctic: Concise Edition, Vol. 1, Oxford University Press

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  2. ↑ Avibase Little Egret Egretta garzetta

সম্পৰ্কিত শ্ৰেণী

বকজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বামুণ বগলী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।