অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লৰীয়তী

লৰীয়তী (Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লৰীয়তী (Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।

বিৱৰণ

লৰীয়তীৰ ঠোঁট দীঘলীয়া আৰু ইয়াৰ ঠেং দুখনো দীঘলীয়া আৰু হালধীয়া বৰণৰ। ইয়াৱ দেহৰ দৈৰ্ঘ্য ২২-২৬ ছে: মি: আৰু ওজন প্ৰায় ৪৫-১২০ কি:গ্ৰা। হোৱা দেখা যায়। প্ৰজনন কালত ইয়াৰ দেহৰ বৰণ মুগা-মটিয়া হৈ পৰে। আনহাতে শীত কালত ই শেঁতা বৰণৰ হয়।১

বিতৰণ

লৰীয়তী চৰাই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি। ইয়াৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।

ত এটা লৰীয়তী চৰাই]]

''Tringa stagnatilis''
Tringa stagnatilisছবি: Roger Culos · CC BY-SA 4.0

আচৰণ

খাদ্য

লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে।

তথ্যসূত্ৰ

  • Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
  • Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor'107'(3): 514–526. DOI: 10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 HTML abstract

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Marsh Sandpiper. Oiseaux-birds.com

সম্পৰ্কিত শ্ৰেণী

দলমৰাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰীয়তী” প্ৰবন্ধৰ সংশোধন ৫৪০৫৯১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।