সাতভনী বা বাৰীলোটা (Jungle Babbler, Turdoides striata), 'Leiothrichidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ইয়াক সমগ্ৰ ভাৰত উপমহাদেশতে দেখিবলৈ পোৱা যায়৷ ই সাধাৰণতে ছয়ৰ পৰা দহটামান চৰাইৰ গোট হৈ চৰে৷ সাতোটামান চৰাই একেলগে ঘূৰি ফুৰে বাবে ইয়াক সাতভনী, সাতভাই, সাতভায়া আদি নাম দিয়া হৈছে৷ আনহাতে মানুহৰ বাৰী, জাৰণি আদিত পোক, লেটা, ফল-মূল আদি এফালৰ পৰা খাই ফুৰে বাবে বাৰীলোটাও বোলে৷১
বিৱৰণ

হাবি-বান, খেতিপথাৰ, জাৰণিৰ দৰে ঠায়েই সাতভনীৰ মূল বাসস্থান৷ অন্য babbler চৰাইৰ দৰে ই অ-পৰিভ্ৰমী৷ ইয়াৰ পাখি ঘূৰণীয়া আকৃতিৰ আৰু উৰণ দুৰ্বল। মটীয়া ধোঁৱাবৰণৰ ৰং আৰু হালধীয়া ঠোঁটেৰে মতা আৰু মাইকী চৰাই দেখিবলৈ একে। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা Yellow-billed Babblerৰ লগত ইয়াৰ সাদৃশ আছে। . শৰীৰৰ ওপৰৰ অংশ সাধাৰণতে অলপ ডাঠ ৰঙৰ আৰু ডিঙি-বুকুৰ অংশত অলপ দাগ থাকে।২ পোৱালিবোৰৰ চকুৰ মণি ক'লাবৰণীয়া। বয়স্ক চৰাইৰ চকুৰ মণি শেঁতা মাখন বৰণীয়া।৩
টেক্স'নমি

বংগত পোৱা এটা নমুনাক ভিত্তি কৰি প্ৰথম ১৮২৩ চনত Cossyphus striatus নামৰে প্ৰজাতিটোৰ বিৱৰণ দিয়া হৈছিল। অঞ্চলভেদে পোৱা সামান্য ভিনৰঙী উপ-প্ৰজাতিবোৰৰ নামো বেলেগ বেলেগ।৪ শ্ৰীলংকাত পোৱা rufescens ক এতিয়া সুকীয়া প্ৰজাতি বুলি গণ্য কৰা হয়। সৰ্বগ্ৰহণযোগ্য উপ-প্ৰজাতিবোৰ হ'ল:
- striata ( Dumont de Sainte Croix, ১৮২৩) যিটো হিমালয় পাদদেশৰ দক্ষিণে উত্তৰ ভাৰতৰ প্ৰায়বোৰ ঠাই আৰু ভূটান, অসম, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু উত্তৰ-পূব অন্ধ্ৰ প্ৰদেশত পোৱা যায়।৫
- sindiana ( Ticehurst, ১৯২০) এটা শেঁতা মৰুভূমিৰ প্ৰকাৰ যিটো পাকিস্তানৰ সিন্ধু সমতলৰ পৰা ভাৰতৰ ৰাজস্থান আৰু কচ্ছৰ ৰান পৰ্যন্ত পোৱা যায়।i
- somervillei ( Sykes, ১৮৩২) উত্তৰ পশ্চিম ঘাটৰ পৰা দক্ষিণে গোৱা গেপ পৰ্যন্ত দেখা যায়।
- malabarica ( Jerdon, ১৮৪৫) দক্ষিণ পশ্চিম ঘাটত দেখা যায়।
- orientalis ( Jerdon, ১৮৪৫) দক্ষিণ ভাৰতত পশ্চিম ঘাটৰ পূব দিশে দেখা যায়।
আচৰণ



এই চৰাইবিধ দল পাতি থকা বিধৰ আৰু বৰ সামাজিক। কেতিয়াবা সিহঁতে মিশ্ৰিত প্ৰজাতি খাদ্য-সংগ্ৰহ দলত (mixed-species foraging flock) ভাগ লয়।৬
খাদ্য
সাতভনীয়ে ঘাইকৈ পোক খায়, কিন্তু গুটি, মৌ আৰু জামুও খায়।৭
প্ৰজনন
ইহঁতে গোটেই বছৰ ধৰি পোৱালি জগায়; উত্তৰ ভাৰতত মাৰ্চ-এপ্ৰিল আৰু জুলাই-ছেপ্তেম্বৰ মাহৰ মাজভাগত বেছিকৈ পোৱালি জগোৱা পৰিলক্ষিতত হয়। ইহঁতে ৩বছৰ বয়সৰ পৰা প্ৰজননক্ষম হয়।৮ গছৰ মাজভাগমানত পাতেৰে ঢাক খাই থকাকৈ বাহ সাজে। সাধাৰণতে তিনিটা বা চাৰিটা (সাতটালৈকে হ'ব পাৰে) ডাঠ সেউজ নীলা ৰঙৰ কণী পাৰে। উৰণক্ষম হ'লে মাইকী চৰায়ে প্ৰায় দুবছৰৰ পাছত পৰিয়াল এৰে।<৮ গোটৰ চৰায়ে প্ৰায়েই ইটোৱে সিটোৰ পাখি ঠোঁটেৰে ঘঁহা, খেদা-খেদি আৰু ধেমালি যুঁজ কৰে।৯ চিকাৰী প্ৰাণীৰ মুখামুখি হ'লে সিহঁতে কেতিয়াবা মৰাৰ অভিনয় কৰে বুলি কোৱা হয়।১০
লগতে চাওক
- Andrews MI & RM Naik (1965) Some observations on flocks of the Jungle Babbler Turdoides striatus (Dumont) during winter. Pavo 3:47-54.
- Naik,RM; Andrews,MI (1966) Pterylosis, age determination and moult in the jungle babbler. Pavo 4(1-2):48-57.
- Andrews,MI; Naik,RM (1966) The body weight and the thyroid and gonadal cycles of the jungle babbler. Pavo 4(1&2):48-57.
- Andrews,MI; Naik,RM (1972) The biology of the jungle babbler. Pavo 08(1&2):1-34.
- Rana,BD (1972) Some observations on food of the Jungle Babbler, Turdoides striatus, and the Common Babbler, Turdoides caudatus in the Rajasthan Desert, India. Pavo 8(1&2):35-44.
- Rana,DB (1985) Abnormality in the testis of Streptopelia decaocto and Turdoides striatus in the Rajasthan desert. Pavo 23(1&2):101-102.
- Suresh,PK; Chaturvedi,CM (1986) Annual endocrine cycles in male babbler, Turdoides somerveillei. Pavo 24(1&2):43-54.
- Parasharya,BM (1986) Early breeding date of Jungle Babbler in Gujarat. Pavo 24(1&2):117-118.
- Inglis,CM (1936) The Bengal Jungle Babbler or "Seven Sisters," Turdoides terricolor terricolor (Hodgson). J. Darjeeling Nat. Hist. Soc. 10(4):117-123
- Ali,S (1974) Jungle Babblers at Pali Hills, Bandra, Bombay 400050. Newsletter for Birdwatchers . 14(11):5-6.
- R. Ray-Chaudhuri, T. Sharma, S. P. Ray-Chaudhuri (1969) A comparative study of the chromosomes of birds. Chromosoma 26(2):148-168
- Mitra, Sarat Chandra (1926-27?) Studies in bird-myths:
- No. {X}: On a probable aetiological myth about the jungle babbler;
- No. {XI}: On an aetiological myth about the Indian house-crow;
- No. {XII}: On three aetiological myths about the spots on the peacock's tail-feathers;
- No. {XIII}: Quarterly Journal of the Mythic Society 17:63-64
বাহ্যিক সংযোগ
- Jungle Babler videos, photos & sounds on the Internet Bird Collection.
- Photo of a leucistic individual
তথ্যসূত্ৰ
- ↑ ভুৱনেশ্বৰ শৰ্মা. (২০১৩). চিনাকি চৰাই. অসম সাহিত্য সভা. পৃ. ১৫৬
- ↑ Ali, S & S D Ripley. (1996). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 224–230
- ↑ Andrew MI & RM Naik. (1965). Structural basis of the change of eye colour of the Jungle Babbler, Turdoides striatus (Dumont), during post-embryonic development.. Pavo. পৃ. 72–74
- ↑ Ripley, S Dillon. (1958). Indian Birds. VII.. Postilla. পৃ. 1–12
- ↑ Ripley,S Dillon. (1969). The name of the Jungle Babbler Turdoides striatus (Aves) from Orissa.. J. Bombay Nat. Hist. Soc.. পৃ. 167–168
- ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide.. Smithsonian Institution & Lynx Edicions. পৃ. 445–446
- ↑ Narang, ML & Lamba, BS. (1986). Food habits of jungle babbler Turdoides striatus (Dumont) and its role in the ecosystem. Indian Journal of Ecology. পৃ. 38–45
- ↑ Gaston, AJ. (1978). Demography of the Jungle Babbler, Turdoides striatus. Journal of Animal Ecology. পৃ. 845–870
- ↑ Gaston, A. J. (1977). Social behaviour within groups of jungle babblers Turdoides striatus'. Animal Behaviour''. পৃ. 828
- ↑ Neelakantan,KK. (1957). Hypnotic behaviour of a White-headed Babbler (Turdoides striatus). J. Bombay Nat. Hist. Soc.. পৃ. 460–461 (Note: the reference uses the binomial of the Jungle Babbler)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাতভনী” প্ৰবন্ধৰ সংশোধন ৬২৪০২০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।