অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

খন্তীয়া হাঁহ

খন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

খন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰজনন কৰে। ১। শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পৰিভ্ৰমণ কৰে। ২৩

টেক্সন'মি

১৭৫৮ চনত প্ৰকাশিত 'চিষ্টেমা নেচুৰী' নামৰ গ্ৰন্থত কেৰ'লাছ লিনিয়াছে পোনপ্ৰথমে এই প্ৰজাতিটোক বৰ্তমানৰ বৈজ্ঞানিক নামেৰে সৈতে উল্লেখ কৰিছিল।৪ 'Anas' গোটত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ইয়াৰ অন্যান্য হাঁহ যেনে আমৰ'লীয়া হাঁহ আদিৰ পৰা কিছূ গঠনগত পাৰ্থক্য আছে। বৰ্তমানলৈকে ইয়াৰ কোনো উপ-প্ৰজাতি চিনাক্ত কৰা হোৱা নাই। ৫

বিতৰণ তথা বাসস্থান

খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে। শীতকালত ই ইউৰোপ, আফ্ৰিকা, ভাৰত, দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ আদিলৈ পৰিভ্ৰমণ কৰে। ১ এই হাঁহৰ প্ৰজাতিটো প্ৰধানকৈ পৰিভ্ৰমণকাৰী আৰু ই প্ৰজননৰ সময়ত বসবাস কৰা অঞ্চল সমূহৰ পৰা দক্ষিণলৈহে পৰিভ্ৰমণ কৰে। প্ৰজনন কালৰ বাহিৰে অন্য সময়ত সৰু জাকত বাস কৰে। ১৯৬০ চনৰ পৰা ইয়াৰ জনসংখ্যা বিপদমুক্ত অৱস্থাত আছে বুলি কোৱা হয়। ইয়াৰ কাৰণ সুস্থ আৰু সফল প্ৰজনন, পৰিভ্ৰমণ তথা বাসস্থানৰ সুস্থিৰতা বুলি গৱেষণাত পোৱা গৈছে। ৬

বিৱৰণ

ত মাইকী খন্তীয়া হাঁহ]]

উত্তৰ গোলাৰ্ধত খন্তীয়া হাঁহৰ বৃহৎ ঠোঁটৰ বাবে ইয়াৰ চিনাক্তকৰণ সহজ হৈ পৰে। প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহৰ মূৰ অংশ গাঢ় সেউজীয়া হয়। ৬লগতে ইয়াৰ বুকু বগা আৰু পেট বাদামী ৰঙৰ হয়। ৩ প্ৰজননৰ বাহিৰে অন্য সময়ত মতা-মাইকী দুয়োবিধ খন্তীয়া হাঁহ দেখাত একে হয়। মাইকী খন্তীয়া হাঁহৰ ঠোঁট বহল আৰু তুলনামূলক ভাৱে অন্য হাঁহৰ প্ৰজাতিতকৈ ডাঙৰ। ইয়াৰ দেহৰ বৰণ মুগা৬৩

খন্তীয়া হাঁহৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১৯ ছে:মি:আৰু ডেউকাৰ দৈৰ্ঘ্য ৩০ ছে:মি। ইয়াৰ ওজন ৬০০ গ্ৰাম হয়। ২

আচৰণ

খন্তীয়া হাঁহে প্ৰধানকৈ উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত ইয়াৰ ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। ৬

খন্তীয়া হাঁহে প্ৰধানকৈ পানীৰ পৰা আঁতৰত জোপোহাৰ মাজত বাহ সাজে। ইয়াৰ বাহটো মাটিতে গাত কৰি উদ্ভিদৰ বিভিন্ন অংশ আৰু পাখি আদিৰে সাজে। সাধাৰণতে ই এবাৰত ৮-৯ টাকৈ কণী পাৰে। প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহৰ মজত মাইকী হাঁহৰ বাবে প্ৰতিযোগিতাও হোৱা দেখা যায়। ৬

খন্তীয়া হাঁহ নীৰৱ হাঁহৰ প্ৰজাতি। মতা হাঁহৰ সৰু মাত শুনা যায়। মাইকী হাঁহে 'কোৱেক' ধৰণৰ মাত উলিয়ায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Clements, James, (2007) The Clements Checklist of the Birds of the World, Cornell University Press, Ithaca
  2. ↑ Floyd, T (2008) Smithsonian Field Guide to the Birds of North America Harper Collins, NY
  3. ↑ Dunn, J. & Alderfer, J. (2006) National Geographic Field Guide to the Birds of North America 5th Ed
  4. ↑ Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata. Holmiae. (Laurentii Salvii). পৃ. 124
  5. ↑ Louchart, Antoine; Mourer-Chauviré, Cécile; Guleç, Erksin; Howell, Francis Clark & White, Tim D. (1998). L'avifaune de Dursunlu, Turquie, Pléistocène inférieur: climat, environnement et biogéographie. Les Comptes rendus de l'Académie des sciences IIA. পৃ. 341–346
  6. ↑ Ducks Unlimited, March/April 2010

সম্পৰ্কিত শ্ৰেণী

হাঁহঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খন্তীয়া হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭১৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।