সৰুমূগী হাঁহ (Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
বিৱৰণ


সৰুমূগী হাঁহ দেহৰ দৈৰ্ঘ্য ৪৬-৫৬ ছে:মি: আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৮-৯০ ছে:মি: হয়৷ ১ মতা সৰুমূগী হাঁহ মাইকীতকৈ আকাৰত কিছু ডাঙৰ হয় আৰু ইয়াৰ ওজনো তুলনামূলকভাৱে অধিক হয়৷ ২ প্ৰজননৰ সময়ত মতা সৰুমূগী হাঁহ দেহৰ বৰণ মুগা, ডেউকা বাদামী হয় ৷ ৩ অন্য সময়ত ই মাইকীৰ দৰে প্ৰায় একে হয়, কেৱল ঠোঁটৰ বৰণ পাতল কমলা হোৱা দেখা যায় ৷ ২
মাইকী খন্তীয়া হাঁহৰ দেহ পাতল মটিয়া হয়৷ ইয়াৰ ঠৌঁট গাঢ় কমলা আৰু বুকু বগা বৰণৰ হোৱা দেখা যায়৷৩ ই সাধাৰণতে নীৰৱ হৈ থাকে৷ কেৱল প্ৰজননৰ সময়ত মতা খন্তীয়া হাঁহে 'nheck' ধৰণে হুইছেলৰ দৰে মাত মাতে আৰু মাইকী জনীয়ে 'কোৱেক' ধৰণে মাত উলিয়ায়৷ ২
টেক্স'নমি
কেৰ'লাছ লিনিয়াছে ১৭৫৮ চনত প্ৰকাশিত গ্ৰন্থ 'চিষ্টেমা নেচুৰী' ত সৰুমূগী হাঁহৰ প্ৰথম উল্লেখ কৰিছিল৷৪ Anas গোত্ৰৰ ভিতৰত সৰুমূগী হাঁহৰ আটাইতকৈ ওচৰসম্পৰ্কীয় হাঁহৰ প্ৰজাতি হ'ল 'Falcated Duck ৷ ৫
সৰুমূগী হাঁহৰ দুটা উপ-প্ৰজাতি পোৱা যায়, অৱশ্যে ইয়াৰে এটা ইতিমধ্যে লুপ্ত হৈ পৰিছে:
বিতৰণ
সৰুমূগী হাঁহে প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰজনন কৰে৷ উত্তৰ আমেৰিকাত ই ছেইন্ট ল'ৰেঞ্চ নদী, আলবাৰ্টা, ড'কোটাৰ পৰা কেলিফ'ৰ্ণিয়া, আলাস্কালৈকে বিস্তৃত৷ ১৩ ইয়াৰ বিস্তৃতি পৰ্য্যায়ক্ৰমে বৃদ্ধি পোৱা বুলি তথ্য পোৱা যায়৷ ই সাধাৰণতে পৰিভ্ৰমী চৰাইৰ প্ৰজাতি ৷ সৰুমূগী হাঁহে আলাস্কা. আমেৰিকা, অহায়', ভাৰ্জিনিয়া আদিত শীটকালত পৰিভ্ৰমণ কৰে৷১৩ বৰ্তমান ইয়াক আই.ইউ.চি.এন.ৰ ৰেড ডাটা বুকত 'Least Concern' প্ৰজাতিৰ স্থানত ৰকা হৈছে৷
আচৰণ


সৰুমূগী হাঁহে প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ কিন্তু মুকলি জলাশয়ত চৰে৷ ই পানীৰ পৰা আঁতৰত মাটিত বাহ সাজে৷ প্ৰজননৰ সময়ৰ বাহিৰে অন্য সময়ত ই সৰু গোটত বাস কৰে৷ সৰুমূগী হাঁহ সাধাৰণতে নীৰৱে থাকে৷ মতা হাঁহৰ হুইছেলৰ দৰে এটা মাত আছে৷
লগতে চাওক
- Forktail. পৃ. 87
- Clements, James. (2007). The Clements Checklist of the Birds of the World''. Cornell University Press
- Floyd, T. (2008). Smithsonian Field Guide to the Birds of North America. HarperCollins
বাহ্যিক সংযোগ
- BirdLife Species Factsheet
- RSPB A to Z of UK Birds Page
- An article and photograph
- Gadwall Information - Cornell Lab of Ornithology
- Gadwall - USGS Patuxent Bird Identification InfoCenter
- Massachusetts Breeding Bird Atlas
- Gadwall videos, photos & sounds on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ Floyd, 2008
- ↑ Madge, Steve. (1988). Wildfowl: An Identification Guide to the Ducks, Geese and Swans of the World. Christopher Helm. পৃ. 200–202. ISBN 0-7470-2201-1
- ↑ Dunn and Alderfer, 2006
- ↑ Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii). পৃ. 125
- ↑ Johnson, Kevin P. (1999). Phylogeny and biogeography of dabbling ducks (genus: Anas): A comparison of molecular and morphological evidence. The Auk. পৃ. 792–805
- ↑ Clements, 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰুমূগী হাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৮৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।