গলমণিকা (Rose-ringed Parakeet, বৈজ্ঞানিক নামকৰণ পদ্ধতি-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে।
গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত।১ ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই।
বিৱৰণ
গলমণিকাৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪০ ছে: মি: হয়। কেৱল ডেউকাৰ দৈৰ্ঘ্য ১৫-১৭.৫ ছে: মি: হয়। ইয়াৰ দেহ মূলতঃ সেউজীয়া বৰণৰ আৰু নেজ যথেষ্ট দীঘল। গলমণিকাৰ মতা আৰু মাইকী দেখিবলৈ কিছু ভিন্ন হয়। মতা চৰাইৰ ডিঙিত গুলপীয়া ৰঙৰ মণিৰ দৰে এডাল আঁচ থাকে বাবে ইয়াক গলমণিকা নামেৰে অভিহিত কৰা হয়।
টেক্স'নমি
গলমণিকাৰ মুঠ চাৰিটা উপপ্ৰজাতি দেখা যায়-
- আফ্ৰিকান উপ-প্ৰজাতি:
African-ringnecked (aka ARN) Parakeet (P. krameri krameri): পশ্চিম আফ্ৰিকা, পূব আৰু পশ্চিম উগাণ্ডা আৰু দক্ষিণ চুডানত পোৱা যায়। Abyssinian-ringnecked (aka Aby-RN) Parakeet (P. krameri parvirostris): উত্তৰ-পশ্চিম ছোমালিয়া, চুডান।
- এছিয়ান উপ-প্ৰজাতি:
Indian-ringnecked (aka IRN) Parakeet (P. krameri manillensis): ভাৰত উপমহাদেশ, অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন, আমেৰিকা ইত্যাদিত বহুলভাৱে বিস্তৃত। Boreal or Neumann's ringnecked (aka BRN) Parakeet (P. krameri borealis): বাংলাদেশ, পাকিস্তান, উত্তৰ ভাৰত, নেপাল আৰু ম্যানমাৰত দেখা যায়।
খাদ্য

বনৰীয়া গলমণিকাই প্ৰধানতঃ ফল-মূল, শাক-পাচলি, গুটি আদি খাই জীয়াই থাকে। ইহঁতে বৃহৎ জাক পাতি খেতি-পথাৰ আদিত খাই বিস্তৰ ক্ষতি কৰে। ২ অন্য দক্ষিণ এছিয়াৰ চৰাইৰ প্ৰজাতিৰ পৰা ব্যতিক্ৰম হিচাপে ইহঁতে শীতকালতো প্ৰজনন কৰে। ৩
এভিকালচাৰ (Aviculture)
গলমণিকা পোহনীয়া চৰাই হিচাপে যথেষ্ট জনপ্ৰিয়। ঐতিহাসিক কালৰে পৰা ইয়াক মানুহে পোহাৰ তথ্য পোৱা যায়। পূ্ৰ্বতে গ্ৰীচত ভাৰতীয় উপ-প্ৰজাতি P. krameri manillensis আৰু ৰোমত আফ্ৰিকান উপ-প্ৰজাতি es P. krameri krameriক পোহনীয়া হিচাপে ৰখাৰ তথ্য আছে। বৰ্তমান বিভিন্ন ধৰণৰ ৰঙত ভাৰতীয় গলমণিকা বজাৰত পোৱা যায়। ৪
অনুকৰণধৰ্মিতা (Mimicry)
গলমণিকাৰ মতা আৰু মাইকী দুয়োটা চৰাইৰে মানুহৰ মাত নকল কৰিব পৰাৰ ক্ষমতা আছে। প্ৰথমে ই চাৰিওফালৰ শব্দবোৰ শুনে আৰু তাৰ পিছত একেধৰণে নকল কৰে। কিছুমান মানুহে কেৱল এইবাবেই গলমণিকাৰ পোৱালি নিজে ডাঙৰ কৰে।
বাহ্যিক সংযোগ
- Indian Ringneck website
- Rose-ringed Parakeet in California
- Oriental Bird Images: Rose-ringed Parakeet Photos of Rose-ringed Parakeet in the wild
- In Internet Bird Collection
তথ্যসূত্ৰ
- ↑ Jobling, J. A. (1991). A Dictionary of Scientific Bird Names. OUP. ISBN 0-19-854634-3
- ↑ Sailaja, R., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. 1988 Environmental, dietary, and hormonal factors in the regulation of seasonal breeding in free-living female Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4), pp. 518–527
- ↑ Krishnaprasadan, T.N., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. (1988) Environmental and hormonal factors in seasonal breeding in free-living male Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4):488–496
- ↑ Alderton, David. (2003). The Ultimate Encyclopedia of Caged and Aviary Birds. Hermes House. পৃ. 189–190. ISBN 1-84309-164-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গলমণিকা” প্ৰবন্ধৰ সংশোধন ৬৩১৭৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।