বনচিৰিকা ( Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা (cavity) আদিত বাহ সাজে৷ এবাৰত পাঁচ-ছটা কণী পাৰে৷ বনচিৰিকাৰ বহুল বিস্তৃতিৰ বাবে ইয়াক বিপদমুক্ত বুলি গণ্য কৰা হয় যদিও ঠাইবিশেষে ইয়াৰ জনসংখ্যা হ্ৰাস হোৱা বুলি তথ্য পোৱা গৈছে৷
বিৱৰণ
বনচিৰিকাৰ দেহৰ দৈৰ্ঘ্য ১২.৫-১৪ ছে:মি:,১ আৰু ওজন প্ৰায় ২৪ গ্ৰাম হয়৷২৷ গতিকে ঘৰচিৰিকাৰ তুলনাত ই আকাৰত ১০% সৰু হয়৷৩ পূৰ্নবয়স্ক বনচিৰিকাৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ ইয়াৰ ঠেং শেঁতা মটিয়া বৰণৰ আৰু ঠোঁট গ্ৰীষ্মকালত নীলা আৰু শীতকালত ক’লা বৰণৰ হোৱা দেখা যায়৷
টেক্স’নমি
thumb|লিনিয়াছৰ “Systema naturae'' গ্ৰন্থত ঘৰচিৰিকা আৰু বনচিৰিকাৰ বিৱৰণ৪]]
ঠাইবিশেষে বনচিৰিকা বাহ্যক গঠনৰ কিছু ভিন্নতা দেখা যায় আৰু তাৰ ভিত্তিতেই কমেও পোন্ধৰবিধ উপপ্ৰজাতি চিনক্ত কৰা হৈছে৷ ৫৬
- P. m. montanus- ইউৰোপ, গ্ৰীচ, তুৰ্কী, কাজাখস্তান, মংগোলিয়া তথা কোৰিয়া৷
- P. m. transcaucasicus Sergei Aleksandrovich Buturlin,১৯০৬ -ইৰাণ, ৫
- P. m. dilutus, Charles Wallace Richmond, ১৮৫৬- উত্তৰ-পূব ইৰাণ, পাকিস্তান, উত্তৰ-পশ্চিম ভাৰত, চীন৫
- P. m. tibetanus, Stuart Baker,১৯২৫- উত্তৰ হিমালয়, নেপাল, তীব্বতৰ পৰা চীনলৈকে বিস্তৃত৷ ৫
- P. m. saturatus, Leonhard Hess Stejneger, ১৮৮৫, জাপান, টাইৱান আৰু দক্ষিণ কোৰিয়া৷ ৫
- P. m. malaccensis, Alphonse Dubois,১৮৮৫- ইণ্ডোনেছিয়া ৫
- P. m. hepaticus,Sidney Dillon Ripley,১৯৪৮- অসম আৰু ম্যানমাৰ ৫
বিতৰণ
বনচিৰিকা প্ৰাকৃতিক ভাৱে ইউৰোপ আৰু এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত৫৭৮ ৷ তদুপৰি ইয়াক মানুহে ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিত সফলতাৰে সংযোজন (introduce) কৰিছে৷৫
আচৰণ
বনচিৰিকাই জন্মৰ এবছৰৰ ভিতৰতে পূৰ্ণবয়স্ক হৈ উঠে৷ ইহঁতে গছৰ খোৰোং বা শিলৰ ফাঁকত বাহ সাজে৯১০৷ তদুপৰি ঘৰৰ মুধচৰ ফাঁকতো হহঁতে বাহ সাজিব পাৰে৷১০১১ মতা বনচিৰিকাৰ মাত উত্তেজিত চ্চিপ (tschip) ধৰণৰ হোৱা দেখা যায়৷ ৩ ৷ মতা বনচিৰিকাই সাধাৰণতে নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ বা মাইকী বনচিৰিকাক আকৰ্ষন কৰিবলৈ মাতে৷৫
বনচিৰিকাই ঘাইকৈ গছৰ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে৷৫ ১২
বিভিন্ন মাংসভোজী চৰাইসমূহ যেনে- ফেঁচা, Accipiter, Falcon, Owl, Eurasian Sparrowhawk Common Kestrel আদি ইহঁতৰ প্ৰধান ভক্ষক৷১২১৩
স্থিতি
বনচিৰিকা এবিধ বহুল ভাৱে বিস্তৃত তথা বৃহৎ জনসংখ্যাৰে পুষ্ট চৰাইৰ প্ৰজাতি৷ সেয়ে আই ইউ চি এনৰ ৰেড লিষ্টত ইয়াক "Least Concern" ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে৷
গ্ৰন্থপঞ্জী
- Anderson, Ted R. (2006). Biology of the Ubiquitous House Sparrow: From Genes to Populations. Oxford University Press. ISBN 0-19-530411-X
- Arlott, Norman. (2007). Birds of the Palearctic: Passerines. Collins. ISBN 0-00-714705-8
- Brisson, Mathurin Jacques. (1760). Ornithologie ou méthode contenant la division des oiseaux en ordres, sections, genres, especes & leurs variétés. A laquelle on a joint une description exacte de chaque espece, avec les citations des auteurs qui en ont traité, les noms qu'ils leur ont donnés, ceux que leur ont donnés les différentes nations, & les noms vulgaires. Ouvrage enrichi de figures en taille-douce. Bauche
- Byers, Clive; Curson, Jon; Olsson, Urban. (1995). Sparrows and Buntings: a Guide to the Sparrows and Buntings of North America and the World. Pica Press. ISBN 1-873403-19-4
- Clement, Peter; Harris, Alan; Davis, John. (1993). Finches and Sparrows: an Identification Guide. Christopher Helm. ISBN 0-7136-8017-2
- Cocker, Mark; Mabey, Richard. (2005). Birds Britannica. Chatto & Windus. ISBN 0-7011-6907-9
- Coward. (1930). The Birds of the British Isles and Their Eggs. Frederick Warne. ISBN 0-7232-0999-5
- Forbush, Edward Howe. (1907). Useful Birds and Their Protection. Massachusetts State Board of Agriculture
- Kennedy, Robert S.; Gonzales, Pedro C.; Dickinson, Edward C. (2000). A Guide to the Birds of the Philippines. Oxford University Press. ISBN 0-19-854668-8
- Linnaeus, Carolus. (1758). ((10th edition of Systema Naturae|Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata)). Laurentius Salvius
- Pinowski, Jan; Kavanagh, P. P.; Górski, W. (eds.). (1991). Nestling mortality of granivorous birds due to microorganisms and toxic substances. Polish Scientific Publishers. ISBN 83-01-10476-7
- Pinowski, Jan; Summers-Smith, J. Denis (eds.). (1990). Granivorous birds in the agricultural landscape. Polish Academy of Sciences. ISBN 83-01-08460-X
- Rasmussen, Pamela C.; Anderton, John C. (2005). ((Birds of South Asia: The Ripley Guide)). Smithsonian Institution Press and Lynx Edicions. ISBN 84-87334-67-9
- Robinson, Herbert C.; Chasen, Frederick Nutter. (1927–1939). Birds of the Malay Peninsula. H. F. & G. Witherby
- Snow, David; Perrins, Christopher M. (editors). (1998). ((The Birds of the Western Palearctic)). Oxford University Press. ISBN 0-19-854099-X
- Summers-Smith, J. Denis. (1988). The Sparrows. T. & A. D. Poyser. ISBN 0-85661-048-8
বাহ্যিক সংযোগ
- ARkive Photographs, video.
- Skull image
- Ageing and sexing (PDF) by Javier Blasco-Zumeta
- Tree Sparrow videos, photos & sounds on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ Mullarney, Killian; Svensson, Lars; Zetterstrom, Dan. (1999). ((Collins Bird Guide)). HarperCollins. ISBN 0-00-219728-6
- ↑ Tree Sparrow Passer montanus (Linnaeus, 1758). Bird facts. British Trust for Ornithology
- ↑ Snow Perrins 1998, পৃ. 1513–1515
- ↑ Although Linnaeus gives the location as simply in Europa, the type specimen was from [[Bagnacavallo, Italy (Clancy, Philip Alexander. (1948). Bulletin of the British Ornithologists' Club. পৃ. 135) Linnaeus's text for the Tree Sparrow translates "F[inch]. With dusky wings and tail, black and grey body paired white wing bars."
- ↑ Clement Harris Davis, পৃ. 463–465
- ↑ Vaurie, Charles; Koelz, W. (1949). Notes on some Ploceidae from western Asia. American Museum Novitates. পৃ. 22–26
- ↑ Raju, K.; Krishna, S. R.; Price, Trevor D. (1973). Tree Sparrow Passer montanus (L.) in the Eastern Ghats. Journal of the Bombay Natural History Society. পৃ. 557–558
- ↑ Rasmussen Anderton 2005
- ↑ An Age entry for Passer montanus. AnAge, the animal ageing and longevity database
- ↑ Coward 1930, পৃ. 56–58
- ↑ Robinson Chasen 1927–1939
- ↑ Tree sparrow – Passer montanus – Family: Fringillidae/Passeridae. Natural England
- ↑ Costantini, David; Casagrande, Stefania; Di Lieto, Giuseppe. (2005). Consistent differences in feeding habits between neighbouring breeding kestrels. Behaviour. পৃ. 1409–1421
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনচিৰিকা” প্ৰবন্ধৰ সংশোধন ৬৩২০৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।