অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰটোকোলা

বৰটোকোলা (Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বৰটোকোলা (Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়। বৰটোকোলা দক্ষিণ-পূব এছিয়াত ভাৰত ৰ পৰা জাভা লৈকে বহুল ভাৱে বিস্তৃত।

বিৱৰণ

বৰটোকোলাৰ মূৰ অংশ
বৰটোকোলাৰ মূৰ অংশছবি: Greg Hume · CC BY-SA 3.0

বৰটোকোলা হ'ল ডাঙৰ ঠোঁট, তপামূৰীয়া, থিয় দীঘল প্ৰায় পাখিহীন ডিঙিৰে বগলীজাতীয় অলপ ডাঙৰ আকাৰৰ চৰাই। ইয়াৰ কান্ধ, পেট, বুকুত বগা পাখি আছে। পিঠি আৰু ডেউকা ক'লা। ঠেং মটীয়া বৰণৰ।১ ইয়াৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪৭-৯৩ ছে: মি:; উচ্চতা প্ৰায় ১১০-১২০ ছে: মি: আৰু ইয়াৰ ওজন প্ৰায় ৪-৫.৭১ কি.গ্ৰা. হয়। ২৩৪ বৰটোকোলাৰ লগত প্ৰায়েই সামঞ্জস্য দেখা পোৱা অন্যবিধ চৰাইৰ প্ৰজাতি হ'ল হাড়গিলা ( Greaterer Adjutant), ইয়াৰ ডিঙিত এটা টোপোলা থাকে। কিন্তু বৰটোকোলাৰ ডিঙিত টোপোলা নাথাকে আৰু ই হাড়গিলাতকৈ আকাৰত সৰু। উৰন্ত অৱস্থাত ডিঙি ভাজটো টোপোলাৰ দৰে দেখা বাবে দূৰৈৰপৰা ইয়াক হাড়গিলা বুলি প্ৰায়ে ভুল কৰা হয়।৫মতা আৰু মাইকী চৰাটো দখাত একে যদিও মতাটোৰ ঠোঁটটোৰ আকাৰ অলপ ডাঙৰ।৪৬প্ৰজননৰ সময়ত ইয়াৰ মুখৰ অংশ ৰঙা আৰু ডিঙি অংশ কমলাৰঙী হৈ পৰে।

বিতৰণ আৰু বসতিস্থল

বৰটোকোলা বহুলভাৱে বিস্তৃত আৰু প্ৰায়বোৰ অঞ্চলতে ই থলুৱা। ইয়াক সাধাৰণতে ঘন কাঠনিৰ মাজত ডাঙৰ নদী আৰু হ্ৰদ সমূহত দেখা পোৱা যায়। বৰটোকোলা ভাৰত, নেপাল,৭ শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ৮ আদি দেশত পোৱা যায়। ভাৰতৰ পূৰ্বত্তৰ ৰাজ্য যেনে- অসম, পশ্চিমবংগ, বিহাৰ আদিত ইয়াৰ অধিক বিস্তৃতি দেখা যায়। ভূটানত ইয়াক অঘৰী পক্ষী হিচাবেহে দেখা যায়। ৯দক্ষিণ ভাৰতত ইয়াক প্ৰায় দেখা নাযায় বুলিব পাৰি।১০১১

আচৰণ

বৰটোকোলাই জলাশয় সমূ্হত প্ৰধানকৈ মাছ, ভেকুলী, সৰীসৃপ আৰু ডাঙৰ আকাৰৰ অমেৰুদণ্ডী প্ৰাণীসমূহ খাই জীয়াই থাকে। প্ৰজননৰ সময়ত ইহঁতে কেতিয়াবা সৰু চৰাই আৰু নিগনি আদিও ধৰি খায়। সেই সময়ৰ বাদে অন্য সময়ত ই অকলশৰে থাকে।২ উত্তৰ-পূব ভাৰত আৰু দক্ষিণ ভাৰতত বৰটোকোলাৰ প্ৰজননৰ সময় ক্ৰমান্বয়ে নৱেম্বৰ-জানুৱাৰী আৰু ফেব্ৰুৱাৰী-মে’ হয়।১২ ইয়াৰ বাহ প্ৰধানকৈ ওখ গছত ঠাল-ঠেঙুলী আদি দি বনোৱা হয়। বাহটোৰ দীঘ আৰু প্ৰস্থ ১ মিটাৰৰো অধিক আৰু সিমানেই গভীৰো হোৱা দেখা যায়।২ এবাৰত তিনিৰ পৰা চাৰিটাকৈ পোৱালি জন্ম হয়।১২১৩ সাধাৰণতে বৰটোকোলা নীৰৱ চৰাই।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Blanford, WT. (1898). The Fauna of British India. Birds. Volume 4. Taylor and Francis. পৃ. 374–375
  2. ↑ Ali, S & SD Ripley. (1978). Handbook of the Birds of India and Pakistan. Volume 1. Oxford University Press. পৃ. 107–109
  3. ↑ Elliot, A. (1994). Handbook of the Birds of the World. Volume 1. Ostrich to Ducks. Lynx Edicions. পৃ. 436–465
  4. ↑ Hancock & Kushan, Storks, Ibises and Spoonbills of the World. Princeton University Press (1992), ISBN 978-0-12-322730-0
  5. ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 64
  6. ↑ Weckauf R & M Handschuh. (2011). A method for identifying the sex of lesser adjutant storks Leptoptilos javanicus using digital photographs. Cambodian Journal of Natural History. পৃ. 23–28
  7. ↑ Baral HS. (2005). Surveys for Lesser Adjutant Leptoptilos javanicus in and around Koshi Tappu Wildlife Reserve, Nepal. Forktail. পৃ. 190–193
  8. ↑ Subaraj R and A. F. S. L. Lok. (2009). Status of the Lesser Adjutant Stork (Leptoptilos javanicus). Nature in Singapore. পৃ. 107–113
  9. ↑ Choudhury, A. (2005). First record of Lesser Adjutant Leptoptilos javanicus for Bhutan. Forktail. পৃ. 164–165
  10. ↑ Andheria, A. P. (2001). J. Bombay Nat. Hist. Soc.. পৃ. 443–445
  11. ↑ Andheria, A. (2003). First sighting of lesser adjutant-stork Leptoptilos javanicus from Sanjay Gandhi National Park, Mumbai. J. Bombay Nat. Hist. Soc.. পৃ. 111
  12. ↑ Baker, ECS. (1929). Fauna of British India. Birds. Volume 6. Taylor and Francis. পৃ. 329–330
  13. ↑ Maust, M., Clum, N. and Sheppard, C. (2007). Ontogeny of chick behavior: a tool for monitoring the growth and development of lesser adjutant storks. Zoo Biol.. পৃ. 533–538

সম্পৰ্কিত শ্ৰেণী

বকঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰটোকোলা” প্ৰবন্ধৰ সংশোধন ৫৪০৬১৫ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।