অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমীয়া বান্দৰ

অসমীয়া বান্দৰ (Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ…

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

অসমীয়া বান্দৰ (Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্য, খেতি পথাৰ আদিত সাগৰ পৃষ্ঠৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে পোৱা যায়৷ অসমীয়া বান্দৰে সাধাৰণতে ফল-মূল, পাত, পোক-পৰুৱা, খেতিত হোৱা শস্য আৰু পাচলি আদি আৰু কেতিয়াবা সৰু জীৱ-জন্তু যেনে জেঠী আদি খায়৷ অসমীয়া বান্দৰ ত্ৰিছ বছৰ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷

দৈহিক গঠন

অসমীয়া বান্দৰৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত ৷ ইয়াৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত, পেটৰ অংশ বগা আৰু চকুৰ চাৰিওফালে শেঁতা বগা বৰণৰ৷ ইয়াৰ গাল দুখন দীঘল নোমেৰে আৱৰা৷ মতা বান্দৰবোৰৰ মুখত দাড়ি থাকে৷ ইয়াৰ দেহৰ ওজন ৪.৬-১২ কি.গ্ৰা., মতা বান্দৰৰ দৈৰ্ঘ্য ৭৩ ছেমি আৰু মাইকীৰ ৫৯ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷ ১

বিতৰণ

অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে ২ -

বিভিন্ন ধৰণৰ পৰিৱেশত জীৱন-ধাৰণ কৰাৰ দক্ষতা থকাৰ ফলত বিভিন্ন ধৰণৰ অৰণ্যত এই প্ৰজাতিটো দেখা পোৱা যায়৷ভাৰতবৰ্ষত অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায়৷ ৩

বিচৰণ

অসমীয়া বান্দৰ হিংস্ৰ নহয়৷ মলুৱা বান্দৰৰ তুলনাত ইহঁত শান্ত প্ৰকৃতিৰ৷ মানুহৰ ওচৰে-পাঁজৰে এই প্ৰজাতিটোৱে বাধ্য হৈয়ে বিচৰণ কৰে৷ ইহঁতে ১৫-২০ টাৰ দল বান্ধি থাকে৷

অসমীয়া বান্দৰে সাধাৰণতে খাদ্য, ফল-মূল, পাত, পোক-পৰুৱা ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ই মানুহৰ খেতিত হোৱা শস্য আৰু পাচলি আদিও খায়৷

প্ৰজনন

অসমীয়া বান্দৰ সাধাৰণতে পাঁচ বছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়৷ এই বয়সত মতা বান্দৰে দল এৰি অন্য দলত যোগ দিয়ে কিন্তু মাইকীবোৰ একেটা দলতে ৰৈ যায়৷ সাধাৰণতে অসমীয়া বান্দৰে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰজনন কৰে কিন্তু ঠাইবিশেষ এই সময়ৰ তাৰতম্য হোৱা দেখা যায়৷ ৪মাইকী বান্দৰ প্ৰায় ১৬৫ দিন গৰ্ভৱতী হৈ থাকি এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত এটা পোৱালীৰ জন্ম দিয়ে৷ মতা বান্দৰে পোৱালিৰ যত্নত মাকৰ সমানে অংশ লোৱা দেখা যায়৷৫৪

স্থিতি তথা সংৰক্ষণ

চাংহাই চিৰিয়াখানা ত অসমীয়া বান্দৰ
চাংহাই চিৰিয়াখানা ত অসমীয়া বান্দৰছবি: Assam-Makak_1670.JPG: J. Patrick Fischer derivative work: Hic et nunc (talk) · CC BY-SA 3.0

বসতিস্থল ধ্বংস, চোৰাং চিকাৰ আদি বিভিন্ন কাৰণত এই প্ৰাণীবিধৰ জনসংখ্যা অতি দ্ৰুত গতিক হ্ৰাস পোৱাৰ বাবে ২০০৮ চনত ইয়াক আই.ইউ. চি. এন (International Union for Conservation of Nature, IUCN)-এ সংকতাসন্ন প্ৰজাতি (Near Threatened) বুলি ঘোষণা কৰিছে। ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে (Indian Wildlife Protection Act,1972) এই প্ৰজাতিবিধক ১নং তালিকাভুক্ত প্ৰাণী হিচাপে স্বীকৃতি দিছে৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আইন মতে দণ্ডনীয় অপৰাধ৬৷

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Françis, C. M. (2008) A field guide to the mammals of South-East Asia. New Holland Publishers. ISBN 1845377354
  2. ↑ Groves, C. P. (2001) Primate taxonomy. Smithsonian Institution Press, Washington, DC, USA
  3. ↑ Srivastava, A. and Mohnot, S. M. (2001) Distribution, conservation status and priorities for primates in Northeast India. ENVIS Bulletin: Wildlife and Protected Areas 1(1): 102–108
  4. ↑ Fürtbauer, I., Schülke, O., Heistermann, M., & Ostner, J. (2010). Reproductive and Life History Parameters of Wild Female Macaca assamensis. International journal of primatology, 31(4), 501–517. doi.org/10.1007/s10764-010-9409-3
  5. ↑ www.neprimateconservancy.org/assam-macaque.html
  6. ↑ "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

সম্পৰ্কিত শ্ৰেণী

বান্দৰঅসমৰ স্তন্যপায়ী বন্যজন্তু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৫৪ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।