অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বন-ৰৌ

বন-ৰৌ বা কেমটাই পহু (Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু।

হালনাগাদ: ২০ ডিচেম্বৰ ২০২৪ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বন-ৰৌ বা কেমটাই পহু (Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু।

দৈহিক গঠন

জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত। ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু। দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায়।

বিতৰণ

আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান, ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায়।

বসতিস্থল

বেছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে। ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায়।

আচৰণ

ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে। ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায়। দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে।

ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে। ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে।

সম্পৰ্কিত শ্ৰেণী

সৰ্বভোজীস্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন-ৰৌ” প্ৰবন্ধৰ সংশোধন ৪৫৬৩৬৫ (২০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।