শিয়াল (Jackal) শিয়াল আফ্ৰিকা আৰু ইউৰেছিয়াৰ কেনিডি পৰিয়ালৰ এবিধ স্থানীয় প্ৰজাতি। শিয়ালৰ ইংৰাজী "জ্যাকেল" শব্দটো ঐতিহাসিকভাৱে কেনিডি পৰিয়ালৰ বহুতো প্ৰজাতিৰ বাবে ব্যৱহাৰ কৰা হৈছে যদিও আধুনিক যুগত সাধাৰণতে তিনিটা প্ৰজাতিক বুজায়৷ সেই কেইটা হৈছে মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ ঘনিষ্ঠ সম্পৰ্কীয় ক'লা পিঠিৰ শিয়াল (Lupulella mesomelas) আৰু কাষত পটি থকা শিয়াল (Lupulella adusta), আৰু দক্ষিণ-মধ্য ইউৰোপ আৰু এছিয়াৰ সোণালী শিয়াল (Canis aureus)। আফ্ৰিকান কুকুৰনেছীয়াকো (Canis lupaster) পূৰ্বতে জ্যাকেল বুলি গণ্য কৰা হৈছিল।
যদিও শিয়ালৰ প্ৰজাতিয়ে একবৰ্গীয় ক্লেড গঠন নকৰে, তথাপি সকলো শিয়াল সুবিধাবাদী সৰ্বভোজী, সৰুৰ পৰা মজলীয়া আকাৰৰ প্ৰাণীৰ চিকাৰ কৰে আৰু সকলোৱে মৰাশ ভক্ষণ কৰে। ইহঁতৰ দীঘল ভৰি আৰু বক্ৰ কৃন্তক দাঁতবোৰ সৰু স্তন্যপায়ী, চৰাই আৰু সৰীসৃপ চিকাৰৰ বাবে উপযোগী আৰু ইহঁতৰ ডাঙৰ ভৰি আৰু সংযুক্ত ভৰিৰ হাড়বোৰে ইহঁতক দীৰ্ঘ দূৰত্বৰ দৌৰাৰ বাবে উপযুক্ত শাৰীৰিৰ প্ৰদান কৰে৷ ইহঁতে ঘণ্টাত ১৬ কিলোমিটাৰ পৰ্যন্ত দীৰ্ঘ সময়ৰ বাবে দৌৰিব পাৰে ( ঘণ্টাত ১০ মাইল)। শিয়ালবোৰ দোকমোকালি আৰু গধূলিৰ সময়ত বেছি সক্ৰিয়।
শিয়ালবোৰে সাধাৰণতে যোৰ পাতি বাস কৰে৷ ইহঁতে অনুপ্ৰৱেশকাৰী অন্য শিয়ালক খেদি খেদি নিজৰ ভূখণ্ড ৰক্ষা কৰে আৰু সিহঁতৰ প্ৰস্ৰাৱ আৰু মলৰ দ্বাৰা ভূখণ্ডৰ চাৰিসীমা চিহ্নিত কৰে। এই ভূখণ্ড যথেষ্ট ডাঙৰ হ’ব পাৰে যাতে কিছুমান যুৱ প্ৰাপ্তবয়স্কই নিজৰ ভূখণ্ড স্থাপন নকৰালৈকে পিতৃ-মাতৃৰ লগত থাকিব পাৰে। কেতিয়াবা শিয়ালবোৰে সৰু সৰু গোট গঠন কৰিব পাৰে, উদাহৰণস্বৰূপে, মৃতদেহ এটা গাঁতৰ পৰা উলিয়াই আনিবলৈ শিয়ালবোৰ জুম পাতে, কিন্তু সাধাৰণতে ইহঁতে অকলে বা যোৰ পাতি চিকাৰ কৰে।
ব্যুৎপত্তি
ইংৰাজী “জ্যাকেল” (jackal) শব্দটো ১৬০০ চনৰে পৰা ব্যৱহাৰ হৈ আহিছে আৰু শব্দটো ফৰাচী chacal শব্দৰ পৰা উদ্ভৱ হৈছে, আনহাতে ফৰাচী শব্দটো তুৰ্কী çakal শব্দৰ পৰা আৰু তুৰ্কী শব্দটো পাৰ্চী شغال (শাঘাল) শব্দৰ পৰা উদ্ভৱ হৈছে। পাৰ্চী শব্দটোৰ সৈতে আকৌ সংস্কৃত শৃগাল (शृगाल) শব্দটোৰ সাদৃশ্য দেখা পোৱা যায় যাৰ অৰ্থ হৈছে "হোৱা দিয়া প্ৰাণী"৷১
প্ৰজাতিসমূহ
| প্ৰজাতি | দ্বৈৰাশিক নামৰ স্বত্ব | বিৱৰণ | পৰিসৰ |
|---|---|---|---|
| 'ক’লা পিঠিৰ শিয়াল'Lupulella mesomelas | স্কৰবাৰ, ১৭৭৫ | এসময়ত কেনিছ (Canis) গণৰ আটাইতকৈ পুৰণি জীৱিত সদস্য বুলি গণ্য কৰা আটাইতকৈ পাতল গঠনৰ শিয়াল,২ বৰ্তমান ইয়াক লুপুলেলা (Lupulella) গণত স্থান দিয়া হৈছে। ই শিয়ালৰ ভিতৰত আটাইতকৈ আক্ৰমণাত্মক, ই নিজৰ ওজনতকৈ বহুগুণে বেছি ওজনৰ জীৱ-জন্তুক আক্ৰমণ কৰে বুলি জনা যায় আৰু ইহঁতে অতিপাত কাজিয়াপূৰ্ণ কৰে।৩ | দক্ষিণ আফ্ৰিকা আৰু কেনিয়াৰ পূৱ প্ৰান্ত, ছমালিয়া, আৰু ইথিঅপিয়া |
| ছানডেভল, ১৮৪৭ | সাধাৰণতে শিয়ালবোৰ কাঠনিত বাস নকৰে যদিও ইহঁত প্ৰধানকৈ কাঠনি অঞ্চলত বাস কৰে। সকলো শিয়াল প্ৰজাতিৰ ভিতৰত ইহঁত আটাইতকৈ কম আক্ৰমণাত্মক আৰু বৃহৎ স্তন্যপায়ী প্ৰাণীক খুব কমেইহে চিকাৰ কৰে।৪ | মধ্য আৰু দক্ষিণ আফ্ৰিকা | |
| লিনিয়াছ, ১৭৫৮ | শিয়ালৰ সকলো প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ব্যাপকভাৱে পোৱা শিয়ালৰ প্ৰজাতি। ই আফ্ৰিকাৰ শিয়াল প্ৰজাতিৰ তুলনাত কুকুৰনেছীয়াৰ সৈতেহে অধিক ঘনিষ্ঠভাৱে জড়িত। | দক্ষিণ-পূৱ ইউৰোপ, মধ্য পূৱ, পশ্চিম এছিয়া, আৰু দক্ষিণ এছিয়া |
লোককথা আৰু সাহিত্য
খেঁকশিয়াল আৰু কুকুৰনেচীয়াৰ দৰে শিয়ালবোৰক আঞ্চলিক লোককথা আৰু কিংবদন্তিত প্ৰায়ে চতুৰ প্ৰাণী হিচাপে চিত্ৰিত কৰা হয়। বাইবেলত শিয়ালৰ বিষয়ে প্ৰায় ১৪ বাৰ উল্লেখ কৰা হৈছে। পূৰ্বৰ চহৰৰ ধ্বংসাৱশেষ আৰু পৰিত্যক্ত অঞ্চলৰ ধ্বংসাৱশেষত বাস কৰাৰ অভ্যাসৰ উল্লেখ কৰি ইয়াক সঘনাই নিৰ্জনতা, নিসংগতা আৰু পৰিত্যাগক চিত্ৰিত কৰিবলৈ সাহিত্যিক সমল হিচাপে ব্যৱহাৰ কৰা হয়। বাইবেলৰ কেইবাটাও অনুবাদত ইয়াক "বন্য কুকুৰ" (wild dog) বুলি কোৱা হৈছে। কিং জেমছ বাইবেলত শিয়াল অথবা হায়েনাক 'দুখী প্ৰাণী' (doleful creatures) বুলি উল্লেখ কৰা হৈছে।৫
ভাৰতীয় পঞ্চতন্ত্ৰৰ কাহিনীত শিয়ালক ধূৰ্ত আৰু জ্ঞানী বুলি উল্লেখ কৰা হৈছে।৬ বাংলা তান্ত্ৰিক পৰম্পৰামতে শিয়ালে কালী দেৱীক প্ৰতিনিধিত্ব কৰে। কোৱা হয় যে কালী দেৱীলৈ মাংস অৰ্পন কৰিলে দেৱীয়ে শিয়ালৰ ৰূপ ধাৰণ কৰি সেই প্ৰসাদ ভক্ষণ কৰে।
চেৰেৰ ধৰ্ম (Serer religion) আৰু সৃষ্টিৰ লোককথামতে চেৰেৰ জনগোষ্ঠীৰ সৰ্বোচ্চ দেৱতা ৰুগে (Roog) সৃষ্টি কৰা প্ৰথম প্ৰাণীবোৰৰ ভিতৰত শিয়াল অন্যতম প্ৰাণী আছিল।৭
তথ্যসূত্ৰ
- ↑ The American Heritage Dictionary of the English Language
- ↑ Macdonald, David. (1992). The Velvet Claw. BBC Books. পৃ. 256. ISBN 978-0-563-20844-0
- ↑ Estes, Richard. (1992). The behavior guide to African mammals: including hoofed mammals, carnivores, primates. University of California Press. ISBN 978-0-520-08085-0
- ↑ Side-Striped Jackal. Canids.org
- ↑ "Jackal", classic.net.bible.org; accessed 26 February 2015
- ↑ Roshen Dalal. (18 April 2014). Hinduism: An Alphabetical Guide. Penguin UK. পৃ. 189. ISBN 9788184752779
- ↑ Thiaw, Issa laye. (23–24 June 2009). Mythe de la création du monde selon les sages sereer. Enracinement et Ouverture — "Plaidoyer pour le dialogue interreligieux". Konrad Adenauer Stiftung. পৃ. 45–50
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিয়াল” প্ৰবন্ধৰ সংশোধন ৪৬১৫৮২ (৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।