পাতি শগুন (White-rumped Vulture,(বাংলা শকুন; বা বাংলা শগুন বৈজ্ঞানিক নাম- Gyps bengalensis) শগুনৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল। ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল১২ যদিও পৰৱৰ্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে। ৩১ ফলস্বৰূপে ইয়াক বৰ্তমান সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ মাজত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। ২
বিৱৰণ

পাতি শগুন মধ্যমীয়া আকাৰৰ, নোমবিহীন মূৰ আৰু ডিঙি, বহল ডেউকা আৰু চুটি ফিছাৰ এটা শগুনৰ প্ৰজাতি। পূৰ্ণবয়স্ক শগুনৰ পৃষ্ঠদেশ বগা, দেহৰ বাকী অংশ ক’লা। মূৰত গুলপীয়া আভা থকা দেখা যয়। ইয়াৰ পোৱালি দেখিবলৈ অলপ ডাঠ ৰঙৰ হয় আৰু পূৰ্ণবয়স্ক পাতি শগুনৰ দৰে ৰং পাবলৈ ইয়াক কমেও ৪-৫ বছৰ লাগে। ৪
Gyps গোটৰ অন্তৰ্গত শগুনসমূহৰ ভিতৰত ই আটাইতকৈ সৰু আকাৰৰ শগুন। ইয়াৰ দেহৰ ওজন ৩.৫-৭.৫ কি.গ্ৰা, দৈৰ্ঘ্য প্ৰায় ৭৫-৯৩ ছে: মি: হয়। ৪৫৬
বিতৰণ
পাতি শগুনে ভাৰত, পাকিস্তান, নেপাল আৰু দক্ষিণ-পূব এছিয়াত মানুহৰ জনবসতিৰ আশে-পাশে ওখ গছত বাহ সাজি বাস কৰে। ই সাধাৰণতে এটাকৈ কণী পাৰে। ই এক থলুৱা শগুনৰ এক থলুৱা প্ৰজাতি। নব্বৈৰ দশকৰ আগলৈকে ভাৰতৰ গঙ্গা নদীৰ সমতল ভূমিত এই প্ৰজাতিটো প্ৰচুৰভাৱে দেখা পোৱা গৈছিল। ইয়াক সেয়ে ভাৰতত পোৱা শগুনৰ প্ৰজাতিসমূহৰ ভিতৰত আটাইতকৈ বেছিকৈ পোৱা প্ৰজাতি বুলিও আখ্যা দিয়া হৈছিল। ৭ নব্বৈৰ দশকৰ আগলৈকে ইহঁতক অনাৱশ্যকীয় (nuisance) বুলি গণ্য কৰা হৈছিল। বিশেষকৈ উৰাজাহাজত খুন্দিয়াই দুৰ্ঘটনাত পতিত কৰা ঘটনাবোৰৰ বাবে ই সমস্যাজনক চৰাই বুলি পৰিগণিত হৈ পৰিছিল।৮৯ কিন্তু ১৯৯০ চনৰ ভিতৰত ই কিছু কিছু অঞ্চলত সম্পূৰ্ণভাৱে বিলুপ্ত হৈ পৰে। ১০
বাসস্থান
এলান অক্টেভিয়ান হিউম (Allan Octavian Hume) এ তেওঁৰ পৰ্য্যবেক্ষণৰ ভিত্তিত সদৰি কৰিছিল যে আশে-পাশে সুবিধাজনক অন্য বাসস্থান থাকিলেও পাতি শগুনে প্ৰায়ে মানুহৰ জনবসতি পূৰ্ণ অঞ্চলত ওখ গছত বাহ সাজে। পাতি শগুনে বাহ সাজিবৰ বাবে বিশেষভাৱে ব্যৱহাৰ কৰা গছকেইবিধমান হ'ল, Banyan, Peepul, অৰ্জুন (Arjun) আৰু নিম ( Neem।
আচৰণ
পুৱা সূৰ্য্য উদয় হোৱাৰ পিছত বতাহ গৰম হৈ নুঠালৈকে পাতি শগুন নিষ্ক্ৰিয় হৈ থাকে। ইহঁতে ওপৰলৈ উঠি গৈ বতাহতে পাক মাৰি চিকাৰৰ সন্ধানত ঘূৰে। ১১
খাদ্য
অন্য শগুনৰ প্ৰজাতিসমূহৰ দৰেই পাতি শগুনো মৃতভক্ষী (scavenger) চৰাই। ই প্ৰধানকৈ জন্তুৰ মৰাশ খাই জীয়াই থাকে। ই প্ৰায়ে আকাশত উৰি উৰি মৰাশ নিৰীক্ষণ কৰি থাকে আৰু অন্য মৃতভক্ষীক দেখি বা নিজে সন্ধান পালে তললৈ নামি আহে। পাতি শগুনে প্ৰায়ে জাক পাতি থাকে। ৪
পাতি শগুন সাধাৰণতে ৰাতিপুৱাৰ ভাগত নিষ্ক্ৰিয় হৈ থাকে। ৰ’দৰ উত্তাপত বতাহ কিছু গৰম হৈ উঠাৰ পিছত ই ঘূৰণীয়াকৈ উৰি ওপৰলৈ উঠে। ভাৰতৰ চহৰ অঞ্চলসমূহত এনেকৈ উৰি থকা অৱস্থাত এসময়ত বহুতো পাতি শগুন দেখা গৈছিল। ১১
যেতিয়া পাতি শগুনে এটা মৰাশ বিচাৰি পায় ই ক্ষন্তেকতে তল পায়হি আৰু হুলস্থূল কৰি খাবলৈ আৰম্ভ কৰে। ১২ এটা গোটা ম’হ এজাক শগুনে ২০ মিনিটৰ ভিতৰতে অকণো নেৰাকৈ খাই শেষ কৰাৰ কথা জনা যায়। ১৩ বনাঞ্চলসমূহৰ ওপৰত ঘূৰণীয়াকৈ উৰি থকা পাতি শগুনে প্ৰায়ে বাঘে মৰা জন্তুৰ বিষয়ে ইংগিত দিয়ে। ১৪১৫ ই মাংসৰ লগতে হাড়বোৰো গিলিব পাৰে। ১৬ পানী উভৈনদীকৈ থকা অঞ্চলত পাতি শগুনে নিয়মীয়াকৈ গা ধোৱে আৰু পানী খায়। ১৩
প্ৰজনন
মূলতঃ নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ই বাহ সাজে। জানুৱাৰী মাহত কণী পাৰে। মতা চৰাইটোৱে বাহ সাজিবৰ বাবে মাইকীজনীক গছৰ ঠানি আনি দিয়ে। ১৭ একেলগে ওচৰা-উচৰিকৈ একাধিক বাহ থাকিব পাৰে। কণী পৰাৰ পূৰ্বে বাহত সেউজীয়া পাত থৈ সজায় লয়। এবাৰত এটাকৈ কণী পাৰে। ইয়াৰ বৰণ নীলা-সেউজীয়াৰ পৰশ থকা বগা হয়। ৫ কণী পৰাৰ পিছত ৩০-৩৫ দিন উমনি দিয়াৰ পিছত পোৱালি জগে। মাক-দেউতাকে পোৱালিক মৰাশৰ মাংস খুৱায়। পোৱালি জন্মৰ পৰা প্ৰায় তিনিমাহ পৰ্য্যন্ত বাহত থাকে। ১৭
স্থিতি
এসময়ত ভাৰতত বিশেষকৈ গংগাৰ কাষৰীয়া সমতল অঞ্চলত পাতি শগুনৰ জাক খুবেই সাধাৰণ দৃশ্য আছিল। Hugh Whistler এ পাতি শগুনক ভাৰতত পোৱা শগুনৰ বিভিন্ন প্ৰজাতিসমূহৰ ভিতৰত সকলোতকৈ বেছিকৈ দেখা পোৱা (commonest) বুলি গাইড বুকত উল্লেখ কৰি গৈছে।৭ কিন্তু ১৯৯০ চনত এই প্ৰজাতিটো অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিলুপ্ত হ’বলৈ ধৰে। Bandola গোটৰ মানুহে খাদ্যৰ বাবে কৰা চিকাৰকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰা হয়। কিন্তু পৰৱৰ্তী কালত ইয়াৰ লগতে অন্যান্য শগুনৰ প্ৰজাতিবোৰৰো ভাৰত আৰু কাষৰীয়া দেশত ৯৯.৯% জনসংখ্যা লুপ্ত হোৱা বুলি তথ্য পোৱা গ'ল। ১৮১৯। বিভিন্ন গৱেষণাত জানিব পৰা গ’ল যে গৰুৰ বাবে বৰৱহাৰ কৰা ভেটেৰিনেৰী দৰৱ ডাইক্লফেনেক ( diclofenac) এই অস্বাভাৱিক বিলুপ্তিৰ মূল কাৰণ। গৰু মৰাৰ পিছত মৰাশতো এই দৰৱ থাকি যায় আৰু শগুনে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিষ্ক্ৰিয় হৈ শগুনবোৰ মৃত্যুমুখত পৰে। ২০২১ == সংৰক্ষণ বৰ্তমান কেৱল কম্বোডিয়া আৰু ম্যানমাৰতে এই প্ৰজাতিটোৰ কিছু বাচি আছে কিন্তু তাতো ইয়াৰ সংখ্যা যথেষ্ট কম। ১ বৰ্তমান শগুনৰ ক্ষতিসাধন কৰা ডাইক্লফেনেক নামৰ এই ড্ৰাগটোৰ সলনি সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পৰা মেল’ক্সিকেম (Meloxicam) নামৰ দৰৱটোৰ প্ৰস্তাৱ দিয়া হৈছে। ২২
পাতি শগুনৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding ), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (artificial feeding or "vulture restaurants") আদিৰ ব্যৱস্থা কৰা হৈছে। ২৩২৪
অন্যান্য উৎস
- Ahmad, S. 2004. Time activity budget of Oriental White-backed Vulture (Gyps bengalensis) in Punjab, Pakistan. M. Phil. thesis, Bahauddin Zakariya University, Multan, Pakistan.
- Grubh, R. B. 1974. The ecology and behaviour of vultures in Gir Forest. Ph.D. dissertation, University of Bombay, Bombay, India.
- Grubh, R. B. 1988. A comparative study of the ecology and distribution of the Indian White-backed Vulture (Gyps bengalensis) and the Long-billed Vulture (G. indicus) in the Indian region. Pages 2763-2767 in Acta 19 Congressus Internationalis Ornithologici. Volume 2. Ottawa, Canada 22–29 June 1986 (H. Ouellet, Ed.). University of Ottawa Press, Ottawa, Ontario.
- Eck, S. 1981. [Thanatose beim Bengalgeier (Gyps bengalensis)]. Ornithologische Jahresberichte des Museums Heineanum 5-6:71-73.
- Naidoo, Vinasan 2008. Diclofenac in Gyps vultures: a molecular mechanism of toxicity. Ph.D. Thesis, University of Pretoria. Fulltext (Includes old photos showing their numbers)
বাহ্যিক সংযোগ
- Vulture Territory Facts and Characteristics: Asian White-backed Vulture
- BirdLife Species Factsheet
- media on Arkive
- Indian White-backed Vulture media on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ White-rumped Vulture (Gyps bengalensis) — BirdLife species factsheet. BirdLife.org. BirdLife International
- ↑ (2009-06-08). New nestlings bring cautious hope for Asia's Threatened vultures. BirdLife.org. BirdLife International
- ↑ Prakash, V; Pain, D.J.; Cunningham, A.A. (2003). Catastrophic collapse of Indian white-backed Gyps bengalensis and long-billed Gyps indicus vulture populations. Biological Conservation. পৃ. 381–390
- ↑ Rasmussen, Pamela C.; Anderton, J. C. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 89–90
- ↑ Hume, Allan Octavian. (1896). My Scrap Book or rough notes on Indian Ornithology. Baptist Mission Press. পৃ. 26–31
- ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
- ↑ Whistler, Hugh. (1949). Popular Handbook of Indian Birds. Gurney & Jackson. পৃ. 354–356. ISBN 1-4067-4576-6
- ↑ Satheesan SM. (1994). Bird Strikes Committee Europe, Conference proceedings. BSCE, Vienna
- ↑ Singh, R B. (1999). Ecological strategy to prevent vulture menace to aircraft in India.. Defence Science Journal. পৃ. 117–121
- ↑ Satheesan, SM & Manjula Satheesan. (2000). International Bird Strike Committee IBSC25/WP-SA3. IBSC, Amsterdam
- ↑ Cunningham, David Douglas. (1903). Some Indian friends and acquaintances. J Murray. পৃ. 238
- ↑ Morris, R. C. (1934). Death of an Elephant Elephas maximus Linn. while calving. J. Bombay Nat. Hist. Soc.. পৃ. 722
- ↑ Ali, Sálim; Ripley, Sidney Dillon. (1978). Handbook of the birds of India and Pakistan, Volume 1. Oxford University Press. পৃ. 307–310. ISBN 978-0-19-562063-4
- ↑ Gough, W. (1936). Vultures feeding at night. J. Bombay Nat. Hist. Soc.. পৃ. 624
- ↑ Morris, R. C. (1935). Vultures feeding at night. J. Bombay Nat. Hist. Soc.. পৃ. 190
- ↑ Grubh, R. B. (1973). Calcium intake in vultures of the genus Gyps'. J. Bombay Nat. Hist. Soc.''. পৃ. 199–200
- ↑ Sharma, Indra Kumar. (1970). Breeding of the Indian whitebacked vulture at Jodhpur. Ostrich. পৃ. 205-207
- ↑ V. Prakash, R.E. Green, D.J. Pain, S.P. Ranade, S. Saravanan, N. Prakash, R. Venkitachalam, R. Cuthbert, A.R. Rahmani, & A.A. Cunningham. (2007). Recent changes in populations of resident Gyps vultures in India. J. Bombay Nat. Hist. Soc.. পৃ. 129–135
- ↑ Baral, Nabin; Gautam, Ramji; Tamang, Bijay. (2005). Population status and breeding ecology of White-rumped Vulture Gyps bengalensis in Rampur Valley, Nepal. Forktail. পৃ. 87–91
- ↑ Green, Rhys E.; Newton, IAN; Shultz, Susanne. (2004). Diclofenac poisoning as a cause of vulture population declines across the Indian subcontinent. Journal of Applied Ecology. পৃ. 793–800
- ↑ Meteyer, Carol Uphoff, Rideout, Bruce A., Gilbert, Martin, Shivaprasad, H. L., Oaks, J. Lindsay. (2005). Pathology and proposed pathophysiology of diclofenac poisoning in free-living and experimentally exposed oriental white-backed vultures (Gyps bengalensis). J. Wild. Dis.. পৃ. 707–716
- ↑ Swan, Gerry; Naidoo, Vinasan; Cuthbert, Richard. (2006). Removing the Threat of Diclofenac to Critically Endangered Asian Vultures. PLoS Biology. পৃ. e66
- ↑ Gilbert, Martin; Watson, Richard T.; Ahmed, Shakeel. (2007). Vulture restaurants and their role in reducing diclofenac exposure in Asian vultures. Bird Conservation International. পৃ. 63
- ↑ (2007-02-23). First Captive-Bred Asian Vulture Chicks Die. planetark.com. Reuters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাতি শগুন” প্ৰবন্ধৰ সংশোধন ৬২৪৭০২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।