{{Taxobox | name = শেন (Shaheen Falcon) | status = Vulnerable১ | image = FalcoAtricepsKeulemans.jpg | image_width = 250px | regnum = প্ৰাণীia | phylum = Chordata | classis = Aves | ordo = Falconiformes | familia = Falconidae | genus = Falco | species = F. peregrinus' | subspecies = F. p. peregrinator | trinomial = Falco peregrinus peregrinator | trinomial_authority = Sundevall, 1837 | synonyms = *Falco atriceps
- Falco shaheen
}}
শেন২ (Shaheen Falcon,বৈজ্ঞানিক নাম-Falco peregrinus peregrinator)৩ ভাৰত উপ-মহাদেশ তথা শ্ৰীলংকাত দেখা পোৱা এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷৪
টেক্স'নমি
শেন চৰাইৰ বিষয়ে পোনপ্ৰথমে বৰ্ণনা কৰিছিল ১৮৩৭ চনত কাৰ্ল জেকব সুন্দাভল (Karl Jakob Sundevall) এ৷ ৫ ইয়াক মাজে সময়ে Falco atriceps বা Falco shaheen বুলিও উল্লেখ কৰা দেখা যায়৷
বিৱৰণ
শেন চৰাই এবিধ মজলীয়া আকাৰৰ আৰু শক্তিশালী মাংসভোজী চৰাইৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৩৮০-৪৪০ মি:মি: হয়৷১ মতা শেনৰ আকাৰ প্ৰায় পাতিকাউৰীৰ সমান আৰু মাইকীজনীৰ আকাৰ তাতোকৈ কিছু ডাঙৰ হোৱা দেখা যায়৷৩ ইয়াৰ দেহৰ পিঠি অংশ ক'লা আৰু তলৰ অংশ মাখন বৰণীয়া তথা ডিঙি বগা হোৱা দেখা যায়৷ ইয়াৰ ক'লা মুখ খন বগা ডিঙিৰ পৰা স্পষ্টকৈ পৃথক হে থাকে৷ ১ মতা আৰু মাইকী শেনৰ বাহ্যিক গঠন প্ৰায় একে হয়৷ ৩
বিতৰণ
শেন চৰাই প্ৰধানত: দক্ষিণ আফ্ৰিকাৰ পাকিস্তান, ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু দক্ষিণ-পূব চীনত বিস্তৃত হৈ আছে৷ ভাৰত ত ইয়াক উত্তৰ প্ৰদেশৰ বাহিৰে বাকী আটাইকেইখন ৰাজ্যতে দেখা পোৱা যায়৷ তাৰোপৰি আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জতো এই চৰাইবিধ দেখা যায়৷৬
শ্ৰীলংকাতো শেন এবিধ স্থানীয় চৰাই৷১৷ এই অঞ্চলত শেন প্ৰধানকৈ পাহাৰীয়া ঠাইসমূহত দেখিবলৈ পোৱা যায়৷ ৩ পাহাৰৰ শীৰ্ষত থকা শিলাময় টিঙত ইহঁতে বাহ সাজে আৰু উৰন্ত অৱস্থাতে চৰাই চিকাৰ কৰে৷৭
আচৰণ
শেন চৰায়ে সাধাৰণতে অকলশৰে বা যোৰ পাতি পাহাৰৰ ওখ শিলাময় টিঙত বাস কৰে৷ ইহঁতে জীৱনৰ বাবে যোৰ পতা দেখা যায়৷ ৩ মতা আৰু মাইকী শেন চৰাইৰ দেহৰ আকাৰৰ পাৰ্থক্যৰ বাবে যোৰপাতি বাস কৰা শেনেও বেলেগ বেলেগ চিকাৰ ধৰা দেখা যায়৷ বতাহত উৰন্ত অৱস্থাতে চিকাৰ কৰিবলৈ ইহঁত বিশেষভাৱে অভিযোজিত৷৮
খাদ্য
শেন চৰায়ে প্ৰধানত: সৰু আৰু মজলীয়া আকাৰৰ চৰাই যেনে পাৰ, ভাটো আদি চিকাৰ কৰি খায়৷ ৩ ইহঁত শক্তিশালী আৰু খৰ হোৱাৰ হেতুকে বহু উচ্চতাৰ পৰা তললৈ উৰি আহি চিকাৰ ধৰিব পাৰে৷
প্ৰজনন
শেন চৰায়ে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে৷ ই শিলাময় পাহাৰৰ সুৰুঙাত বাহ সাজে৷ ৩ এবাৰত ই ৩-৪ টাকৈ কণী পাৰে৷ ৪৮ দিনৰ পিছত পোৱালিৰ পাখি গজে৷ ৬ ভাৰতত শেন চৰায়ে মানুহে সজা বিভিন্ন ঠাই যেনে অট্টালিকা বা ম'বাইল টাৱাৰ আদিতো বাহ সজাৰ তথ্য পোৱা যায়৷ ৬
স্থিতি
শ্ৰীলংকাত শেন চৰাইক সংকটাপন্ন (Vulnerable) প্ৰজাতি বুলি স্বীকৃতি দিয়া হৈছে৷ ১ ১৯৯৬ চনত ইয়াৰ জনসংখ্যা ৪০ যোৰ প্ৰজননকাৰী শেন বুলি তথ্য পোৱা গৈছিল৷ ৯
লগতে চাওক
- Döttlinger, Hermann. (2002). The Black Shaheen Falcon (Falco Peregrinus Peregrinator Sundevall 1837), its Morphology, Geographic Variation and the History and Ecology of the Sri Lanka (Ceylon) Population. ISBN 3-8311-3626-2
- In Pakistani literature, the Shaheen has a special association with the poetry of the country's national poet, Allama Muhammad Iqbal.১০
তথ্যসূত্ৰ
- ↑ Gehan de Silva Wijeratne. (2007). A Photographic Guide to Birds of Sri Lanka. New Holland Publishers (UK) Ltd. পৃ. 37. ISBN 978-1-85974-511-3
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Manjula Vijesundara. (2007). Sinhala Kurulu Vishvakoshaya (Sinhala Bird Encyclopaedia) - Part 1. Suriya Publishers. পৃ. 278. ISBN 955-8892-94-7
- ↑ Döttlinger, Hermann; & Nicholls, Mike. (2005). Distribution and population trends of the ‘black shaheen’ Peregrine Falcon Falco peregrinus peregrinator and the eastern Peregrine Falcon F. p. calidus in Sri Lanka. Forktail. পৃ. 133–138
- ↑ Avibase the wirld bird database
- ↑ Pande, Satish; Yosef, Reuven; Mahabal, Anil. (2009). Peregrine Falcon populations – Status and Perspectives in the 21st Century. European Peregrine Falcon Working Group and Society for the Protection of Wild animals "Falcon", Poland and Turl Publishing & Poznan University of Life Sciences Press, Warsaw-Poznan. পৃ. 493–520. ISBN 978-83-920969-6-2
- ↑ de Silva Wijeyeratne, G. (2006). Synergy. পৃ. Page 53
- ↑ U.S. Fish and Wildlife Service. (1999). All about the Peregrine falcon
- ↑ Döttlinger,Hermann; Hoffmann,Thilo W. (1999). Status of the Black Shaheen or Indian Peregrine Falcon Falco peregrinus peregrinator in Sri Lanka. J. Bombay Nat. Hist. Soc.. পৃ. 239–243
- ↑ See also Peregrine falcon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেন” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।