অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উলূম’ৰা

উলূম'ৰা (Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

উলূম'ৰা (Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে। ১

বিৱৰণ

ত এটা উলূমৰা চৰাই]]

পূৰ্ণবয়স্ক উলূম'ৰাৰ দেহৰ দৈৰ্ঘ্য ৬৬-৬৮ ছে:মি: আৰু উচ্চতা ৫৫ ছে: মি: মান হয়। ২মতা উলূম'ৰাৰ মূৰৰ পৰা ডিঙি পৰ্য্যন্ত বৰণ ক'লা। ইয়াৰ মূৰত এটা দীঘল মুকুট (crest) থাকে। উৰন্ত অৱস্থাত মতা উলূম'ৰাৰ ডেউকা দুখন সম্পূৰ্ণ বগা যেন দেখা যায়। ইয়াৰ ঠেং কেইখন হালধীয়া, ঠোঁট গাঢ় বৰণৰ। ৩

মাইকী উলূম'ৰা চৰাইৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়। ৩ ইহঁত সাধাৰণতে নীৰৱ হৈ থাকে যদিও কেতিয়াবা 'চ্চিক-চ্চিক-চ্চিক' ধৰণে মতা শুনা যায়। ৩

বিতৰণ

উলূম'ৰা প্ৰধানকৈ দুটা অঞ্চলত বিস্তৃত হৈ আছে-ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া। ভাৰতত ই উত্তৰ প্ৰদেশ, নেপালৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশ আদিত বিস্তৃত। দক্ষিণ-পূব [[এছিয়া]ত ইয়াক কম্বোডিয়া আৰু ভিয়েটনামত দেখা পোৱা যায়। ৩

বাসস্থান

উলূম'ৰাই মুকলি আৰু ওখ ঘাঁহনি অঞ্চলত বাস কৰে। ইয়াৰ পছন্দৰ ঘাঁহৰ প্ৰজাতি সমূহৰ বিতৰত 'satintail', কুঁহিয়াৰ আৰু 'Kans Grass' আদিয়ে প্ৰধান। ৩

স্থিতি তথা সংৰক্ষণ

উলূম'ৰা বৰ্ত্তমান তেনেই বিৰল হৈ পৰিছে কাৰণ ই দক্ষিণ-পূব এছিয়াৰ দুবিধমান বিভক্ত (Fragments) সৰু অঞ্চলতহে বিস্তৃত হৈ আছে। খেতি-পথাৰৰ পৰিৱৰ্ত্তন, চোৰাং চিকাৰ আদিয়ে ইয়াৰ দ্ৰুত বিলুপ্তিৰ অন্যতম কাৰণ। ভাৰত তথা দক্ষিণ এছিয়াত ইয়াৰ ৩৫০ টামান উলূম'ৰা চৰাইহে আছেগৈ বুলি সন্দেহ কৰা হয়। আনহাতে দক্ষিণ-পূব এছিয়াৰ বাকী অঞ্চলত ১০০০ মান চৰাই বৰ্ত্তমান আছে বুলি তথ্য পোৱা যায়। ৪

ইয়াৰ শেহতীয়া স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উলূম'ৰাক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তিৰ পথত বুলি স্বীকৃতি দিয়া হৈছে। ৫

লগতে চাওক

  • Grimmett, R; Inskipp, C. and T. (1998): Birds of the Indian Subcontinent. Christopher Helm, London. ISBN 0-7136-4004-9
  • Baral, N; Timilsina, N; Tamang, B. (2003): Status of Bengal Florican Houbaropsis bengalensis in Nepal. Forktail'19': 51-55. PDF download
  • BirdLife International (BLI) (2007): [ 2006-2007 Red List status changes ]. Retrieved 2007-AUG-26.
  • BirdLife International (BLI) (2009): Bengal Florican Species Factsheet. Retrieved 2009-JUN-11.
  • Poudyal, L. P; Singh, P. B., Maharjan, S. (2008): The Decline of Bengal Florican Houbaropsis bengalensis in Nepal. Danphe 17 (1): 4-6. PDF download
  • Gray, T. N. E; Collar, N. J; Davidson, P. J. A; Dolman, P. M; Evans, T. D; Fox, H. N; Chamnan H; Borey R; Hout, S. K; Van Zalinge R. N. (2009) Distribution, status and conservation of the Bengal Florican Houbaropsis bengalensis in Cambodia. Bird Conservation International (2009) 19: 1–14 PDF download

তথ্যসূত্ৰ

  1. ↑ BirdLife International (2009) Species factsheet: Houbaropsis bengalensis.
  2. ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
  3. ↑ Grimmett, R; Inskipp, C. and T. (1998): Birds of the Indian Subcontinent. Christopher Helm, London
  4. ↑ BirdLife International (2008, 2009) Species factsheet: Houbaropsis bengalensis
  5. ↑ BirdLife International (2007, 2008, 2009) Species factsheets: Houbaropsis bengalensis

সম্পৰ্কিত শ্ৰেণী

ডাউকঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উলূম’ৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।