ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দৰং–ওদালগুৰি (লোকসভা সমষ্টি)
দৰং–ওদালগুৰি লোকসভা সমষ্টি (ইংৰাজী: Darrang–Udalguri Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। ২০২৩ চনৰ ১১ আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত আদেশ প্ৰকাশ কৰে আৰু এই সমষ্টিটো গঠন কৰে।
-
বহুজন সমাজ পাৰ্টি
বহুজন সমাজ পাৰ্টি (Bahujan Samaj Party; সংক্ষিপ্ত ৰূপত. বসপা) ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল, যিটো বহুজন (আক্ষৰিক অৰ্থত সংখ্যাগৰিষ্ঠতা থকা সম্প্ৰদায়)ক প্ৰতিনিধিত্ব কৰিবলৈ গঠন কৰা হৈছিল।
-
শোণিতপুৰ (লোকসভা সমষ্টি)
শোণিতপুৰ লোকসভা সমষ্টি (Sonitpur Lok Sabha constituency) অসমৰ নতুন এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
ৰাজহুৱা ক্ষেত্ৰ
ৰাজহুৱা ক্ষেত্ৰ বুলিলে সেইবোৰ কাৰ্যক বুজায় যিবোৰৰ একছেতিয়া অধিকাৰ স্বত্বৰ ম্যাদ শেষ বা বাজেয়াপ্ত অথবা অপ্ৰযোজ্য হৈছে। উদাহৰণস্বৰূপে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্ম, আৰু চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণিৰ অধিকাংশ নিৰ্বাক চলচ্চিত্ৰ, বৰ্তমান ৰাজহুৱা ক্ষেত্ৰৰ অধীন, আৰু স্বত্বাধিকাৰ আইন কাৰ্যকৰীৰ পূৰ্বৰ…
-
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা। ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে।
-
নীতি আয়োগ
ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা।
-
মঙ্গলদৈ (লোকসভা সমষ্টি)
মঙ্গলদৈ লোকসভা সমষ্টি (Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হয়। ভোটগণনা হয় ২৩ মে’ত। লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্বাচনো একেলগে অনুষ্ঠিত হয়।
-
টীয়ক বিধানসভা সমষ্টি
টীয়ক বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৯ হৈছে টীয়ক বিধানসভা সমষ্টিৰ ক্ৰমাংক। টীয়ক যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
ডিফু (লোকসভা সমষ্টি)
ডিফু লোকসভা সমষ্টি (ইংৰাজী: Diphu Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত।
-
তেজপুৰ (লোকসভা সমষ্টি)
তেজপুৰ লোকসভা সমষ্টি (Tezpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
যোৰহাট বিধানসভা সমষ্টি
যোৰহাট বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০০ হৈছে যোৰহাট বিধানসভা সমষ্টিৰ ক্ৰমাংক। যোৰহাট যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (Nationalist Congress Party) চমুকৈ NCP, ভাৰতৰ অন্যতম জাতীয় দল। এই দলটোৱে সাধাৰণতে ভাৰতীয় জাতীয়তাবাদ আৰু গান্ধী ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে। ই মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ বিৰোধী দল আৰু নাগালেণ্ডৰ তৃতীয় বৃহত্তম দল। আন ৰাজ্যতো ই এক উল্লেখযোগ্য দল।
-
তিতাবৰ বিধানসভা সমষ্টি
তিতাবৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০২ হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। তিতাবৰ যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
তেলেগু দেশম পাৰ্টি
তেলেগু দেশম পাৰ্টি (Telegu Desham Party) চমুকৈ টিডিপি হৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যত যথেষ্ট প্ৰভাৱ থকা ভাৰতীয় আঞ্চলিক ৰাজনৈতিক দল। ১৯৮২ চনৰ ২৯ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাৱে (N.T.R.) প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে তেলেগু ভাষীসকলক সমৰ্থন কৰাত গুৰুত্ব আৰোপ কৰিছে।
-
ভাৰতৰ শিক্ষা মন্ত্ৰালয়
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ।
-
মৰিয়নী বিধানসভা সমষ্টি
মৰিয়নী বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০১ হৈছে মৰিয়নী বিধানসভা সমষ্টিৰ ক্ৰমাংক। মৰিয়নী যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।
-
ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)
ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ) (Indian National Congress (R)) হৈছে ১৯৬৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আতঁৰি গৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত গঠন হোৱা এটা দল। ১৯৬৭ চনত যেতিয়া সন্মিলিত বিৰোধী দলসমূহে সংযুক্ত বিধায়ক দলৰ (Samyukt Vidhayak Dal) বেনাৰত হিন্দী বলয়ৰ ৰাজ্যসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিবলৈ…
-
বিজু জনতা দল
বিজু জনতা দল ( Biju Janata Dal) চমুকৈ বিজেডি হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ নেতৃত্বত এই দল প্ৰতিষ্ঠা তথা গঢ় লৈ উঠিছিল, তেওঁৰ নামেৰেই এই দলটোৰ নামকৰণ কৰা হৈছে। ১৯৯৭ চনৰ ২৬ ডিচেম্বৰত দলটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)
স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টি (Autonomous District Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
-
২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদৰ নিম্ন সদন।
-
অসম বিধান পৰিষদ
অসম বিধান পৰিষদ ১৯১৩ চনৰ পৰা ১৯৩৫ চনলৈ ভাৰতৰ অসম আৰু তাৰ পিছত ১৯৩৫ চনৰ পৰা ১৯৪৭ চনলৈ দ্বিকক্ষীয় আইনসভাৰ উচ্চ সদন আছিল। ইয়াৰ পিছত ভাৰত (প্ৰাদেশিক বিধানসভা) আদেশ, ১৯৪৭ আৰু অসম বিধানসভাৰ দ্বাৰা ভংগ হোৱাৰ পিছত ই এককভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে।
-
বঙাইগাঁও বিধানসভা সমষ্টি
বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা। বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।
-
বিজেপি মহিলা মৰ্চা
বিজেপি মহিলা মৰ্চা বা সৰলভাৱে মহিলা মৰ্চা (BJP Mahila Morcha) ভাৰতৰ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শাখা। তামিলনাডু বিজেপি গোটৰ প্ৰাক্তন উপ-সভাপতি তথা কইম্বাটুৰ দক্ষিণ ৰাজ্যিক বিধানসভা সমষ্টিৰ তামিলনাডু বিধানসভাৰ বৰ্তমানৰ সদস্য ৱানথি শ্ৰীনিবাসন গোটটোৰ ৰাষ্ট্ৰীয় সভাপতি।
-
বৰপেটা বিধানসভা সমষ্টি
বৰপেটা বিধানসভা সমষ্টি (ইংৰাজী: Barpeta Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা জিলাত অৱস্থিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ এটা অংশ।
-
ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজিত দলসমূহ
ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ এটা মুখ্য ৰাজনৈতিক দল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰে পৰা দলটোৰ যথেষ্ঠবাৰ বিভাজিত হোৱা দেখা যায়। ইয়াৰে কিছুমান বিভাজিত গোটে স্বাধীন দল হিচাপে ৰাজনৈতিক কাৰ্য-কলাপ চলাই আছে; আন কিছুমান বৰ্তমান বিলুপ্ত। আকৌ কিছুমান গোট মূল দলৰ সৈতে বা আন দলৰ সৈতে চামিল হৈ গৈছে।
-
মাজুলী বিধানসভা সমষ্টি
মাজুলীৰ আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত৷
-
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল।
-
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ ( Akhil Bharatiya Ram Rajya Parishad: সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল। লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।
-
গুৱাহাটী পৌৰ নিগম
গুৱাহাটী পৌৰ নিগম (GMC) হৈছে অসমৰ গুৱাহাটীৰ স্থানীয় প্ৰশাসন। ১৯৭১ চনত গুৱাহাটী পৌৰ নিগম আইন-১৯৬৯ৰ দ্বাৰা গুৱাহাটী পৌৰ নিগম চমুকৈ জিএমচি গঠন কৰা হয়। এই আইনৰ ধাৰা ৪৫ৰ বিধান অনুসৰি ১৯৭৪ চনত নিৰ্বাচিত কাউন্সিলাৰসকলৰ প্ৰথমখন বৈঠকত নিগমটো যথাযথভাৱে গঠন কৰা হৈছিল।