ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা।১ ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে। ৰাজ্যসমূহৰ পৰা বিশেষ অনুমতি নোলোৱাকৈয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থায়ে সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ চলায় থাকিব পাৰে। ২০০৮ চনৰ ৩১ ডিচেম্বত সংসদত গৃহীত হোৱা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বিধি ২০০৮ ৰ অনুসৰি ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।২৩৪৫
২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদ আক্ৰমণৰ ঠিক পিছতেই ভাৰতত এক স্বতন্ত্ৰ সন্ত্ৰাসবাদ বিৰোধী অনুসন্ধান সংস্থাৰ অভাৱ অনুভৱ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা স্থাপন কৰা হৈছিল। ইয়াৰ দণ্ডাজ্ঞাৰ হাৰ অতি উচ্চ। বৰ্তমান এই হাৰ ৯৫%। এতিয়ালৈকে ই পঞ্জীভুক্ত কৰা ১৮৫টা গোচৰৰ ভিতৰত ১৬৭টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে।৬

ৰাধা বিনোদ ৰাজু ইয়াৰ প্ৰথম সঞ্চালক প্ৰধান আছিল।৭৮বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া যোগেশ চান্দেৰ মোদী ইয়াৰ সঞ্চালক প্ৰধান। তেওঁ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ NIA to have new HQ complex on Tuesday
- ↑ National Investigation Agency: About Us. National Investigation Agency
- ↑ TNN 16 Dec 2008, 12.04am IST. (2008-12-16). Finally, govt clears central terror agency, tougher laws. Articles.timesofindia.indiatimes.com
- ↑ Cabinet clears bill to set up federal probe agency. Ndtv.com
- ↑ PTI 16 Dec 2008, 07.40pm IST. (2008-12-16). Govt tables bill to set up National Investigation Agency. Articles.timesofindia.indiatimes.com
- ↑ (2018-01-24). Our conviction rate is 95%: NIA DG YC Modi
- ↑ (February 2010). Sharad Chandra Sinha new NIA chief. Deccan Herald
- ↑ S.C. Sinha- Appointed Director General of NIA. Jagranjosh.com
- ↑ (2017-09-18). Y.C. Modi appointed NIA chief. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা” প্ৰবন্ধৰ সংশোধন ৬২৫৮২৩ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।