গুৱাহাটী পৌৰ নিগম (GMC) হৈছে অসমৰ গুৱাহাটীৰ স্থানীয় প্ৰশাসন। ১৯৭১ চনত গুৱাহাটী পৌৰ নিগম আইন-১৯৬৯ৰ দ্বাৰা গুৱাহাটী পৌৰ নিগম চমুকৈ জিএমচি গঠন কৰা হয়।১ এই আইনৰ ধাৰা ৪৫ৰ বিধান অনুসৰি ১৯৭৪ চনত নিৰ্বাচিত কাউন্সিলাৰসকলৰ প্ৰথমখন বৈঠকত নিগমটো যথাযথভাৱে গঠন কৰা হৈছিল।
ব্ৰিটিছ শাসনৰ সময়ত ভাৰতত পৌৰ নিগম ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় আৰু ১৬৮৮ চনত মাদ্ৰাজ (চেন্নাই)ত পৌৰ নিগম গঠন কৰা হয়, পিছলৈ ১৭৬২ চনৰ ভিতৰত বোম্বাই (মুম্বাই) আৰু কলিকতা (কলকাতা)ত পৌৰ নিগম গঠন কৰা হয়।২ গুৱাহাটী পৌৰ নিগম পৌৰ নিগমৰ নেতৃত্বত আছে চহৰৰ মেয়ৰ আৰু কমিচনাৰে শাসন চলায়।
পৌৰ নিগম হৈছে ভাৰতৰ সৰ্বোচ্চ নগৰীয়া শাসন যন্ত্ৰ। বৰ্তমান জিএমচি-ক ৬০টা ৱাৰ্ডত ভাগ কৰা হৈছে।
| + আসনৰ পৰিসংখ্যা | ||||
| দলৰ নাম | বিজেপি | অগপ | আপ | অজাপ |
| আসন | ৫২ | ৬ | ১ | ১ |
২০২২ চনৰ নিৰ্বাচনৰ ফলাফল
তথ্যসূত্ৰ
- ↑ Guwahati Municipal Corporation Act, 1969
- ↑ Gupta, Anupam. City Mayors: Indian Mayors. citymayors.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী পৌৰ নিগম” প্ৰবন্ধৰ সংশোধন ৪১৭৪০২ (৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।