ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (Ministry of Social Justice and Empowerment) হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়। ই সমাজৰ সুবিধাবঞ্চিত আৰু প্ৰান্তিক শ্ৰেণীৰ কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণৰ বাবে দায়বদ্ধ, যাৰ ভিতৰত আছে অনুসূচীত জাতি (এছচি), অন্যান্য পিছপৰা শ্ৰেণী (ওবিচি), বিকলাঙ্গ, বৃদ্ধ,আৰু মাদক…
-
সুগৌলী সন্ধি
সুগৌলী সন্ধি ১৮১৪–১৬ চনৰ এংলো-নেপালী যুদ্ধৰ পিছত ১৮১৬ চনৰ ৪ মাৰ্চত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু গুৰু গজৰাজ মিশ্ৰৰ মাজত স্বাক্ষৰিত হয়।
-
সেউজ ৰাজনীতি
সেউজ ৰাজনীতি (ইংৰাজী: Green politics) বা পাৰিস্থিতিক ৰাজনীতি হৈছে এক বিশ্বজোৰা ৰাজনৈতিক মতাদৰ্শ, যি পৰিৱেশবাদ, অহিংসা, সামাজিক ন্যায় আৰু তৃণমূল গণতন্ত্ৰৰ দৰে মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
-
সেনা ডাক সেৱা (ভাৰত)
সেনা ডাক সেৱা (Army Postal Service)-ই ভাৰতত সামৰিক মেইল প্ৰণালী হিচাপে কাম কৰে। সেনা ডাক সেৱা প্ৰণালীৰ এটা প্ৰাথমিক বিশেষত্ব হ'ল - যাতে বিদেশ আৰু গৃহ দেশৰ মাজত পোষ্ট কৰা সামৰিক মেইলৰ বাবে প্ৰেৰকৰ সাধাৰণ ঘৰুৱা মেইল ট্ৰেফিকতকৈ অধিক ব্যয় নহয়।
-
সৌদাতু মাহদি
সৌদাতু মাহদি (Saudatu Mahdi; জন্ম:-২০ এপ্ৰিল ১৯৫৭)নাইজেৰিয়ান অধিবক্তা আৰু মহিলা অধিকাৰৰ এগৰাকী সমৰ্থক। তেওঁ মহিলা অধিকাৰ উন্নীতকৰণ আৰু সুৰক্ষা বিকল্প (WRAPA)ৰ মহাসচিব।
-
স্কিল ইণ্ডিয়া
স্কিল ইণ্ডিয়া (Skill India) হৈছে ভাৰত চৰকাৰৰ এক ৰাষ্ট্ৰীয় অভিযান, যাৰ উদ্দেশ্য দেশৰ যুৱ সমাজক বিভিন্ন ব্যৱসায়িক, কাৰিকৰী আৰু উদ্যোগমূলক দক্ষতাৰে প্ৰশিক্ষিত কৰি কৰ্মসংস্থান আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। ২০১৫ চনৰ ১৫ জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ শুভাৰম্ভ কৰে।
-
স্বয়ম
স্বয়ম (SWAYAM; সম্পূৰ্ণ নাম: Study Webs of Active-learning for Young Aspiring Minds) হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত পৰিচালিত এটা অনলাইন শিক্ষা মঞ্চ। ইয়াৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিভিন্ন বিষয়ৰ মুক্ত অনলাইন পাঠ্যক্ৰম (MOOC) আগবঢ়োৱা হয়।
-
হায়া শ্বেলম
হায়া শ্বেলম (Haya Shalom; জন্ম: ৪ ডিচেম্বৰ, ১৯৪৪, ইজৰাইলৰ জেৰুজালেমৰ) এগৰাকী লেছবিয়ান নাৰীবাদী আৰু মানৱ অধিকাৰ কৰ্মী। জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস অধ্যয়নত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। ১০০০ মহিলাৰ ভিতৰত শ্বালমক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।
-
হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ
হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগ হৈছে হাৰিয়ানা ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে হাৰিয়ানা চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
হিনা জিলানী
হিনা জিলানী (Hina Jilaniজন্ম:১৯ ডিচেম্বৰ ১৯৫৩) পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা৷ তেওঁ পঞ্জাৱৰ লাহোৰৰ মানৱ অধিকাৰৰ অধিবক্তা।তেওঁ পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইন সংস্থা, পাকিস্তানৰ প্ৰথম আইনী সাহায্য কেন্দ্ৰ আৰু মহিলা কাৰ্য্য মঞ্চৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
হিমাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
হিমাচল প্ৰদেশ ৰাজ্যিক মহিলা আয়োগ হৈছে হিমাচল প্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে হিমাচল প্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
হিৰৌট গুয়েব্ৰে চেলাছি
হিৰৌট গুয়েব্ৰে চেলাছি (জন্ম-১৯৫২) এগৰাকী ইথিঅ'পিয়াৰ কূটনীতিবিদ আৰু মানৱ অধিকাৰৰ অধিবক্তা। ৰাষ্ট্ৰসংঘত কেইবাটাও জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ শেহতীয়াকৈ ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ২০১৭ চনৰ ৬ আগষ্টলৈকে পশ্চিম আফ্ৰিকা আৰু চাহেলৰ কাৰ্যালয়ৰ উপ-বিশেষ প্ৰতিনিধি (ডি এছ আৰ এছ জি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হেলেন টাফ্টছ বেইলী
হেলেন টাফ্টছ বেইলী (Heln Tufts Bailie; ৯ জানুৱাৰী, ১৮৭৪ – মে' ১৯৬২)এগৰাকী সমাজ সংস্কাৰক আৰু সমাজকৰ্মী আছিল। ১৯২৮ চনত ব্যক্তি আৰু সংগঠনৰ বিষয়ে ক'লা তালিকা থকাৰ বাবে টাফ্টছক ডটাৰ্ছ অৱ দ্য ৰিভল্যুচনক আউটিং কৰা বুলি জনা যায়।
-
হোম ৰুল
হোম ৰুল বা স্বশাসন (Home rule) হৈছে কোনো উপনিবেশ, নিৰ্ভৰশীল দেশ বা অঞ্চলৰ নিজৰ নাগৰিকৰ দ্বাৰা পৰিচালিত চৰকাৰ। এইদৰে ৰাজ্য বা বাহ্যিক নিৰ্ভৰশীল দেশৰ কোনো এটা অংশৰ (প্ৰশাসনিক বিভাগ) ক্ষমতাই নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত ৰাজ্যখনৰ এনে শাসন ক্ষমতা প্ৰয়োগ কৰাটো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বিকেন্দ্ৰীকৰণ…
-
১৯৮০ মোৰাদাবাদ সংঘৰ্ষ
১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ নগৰত ১৯৮০ৰ আগষ্টৰ পৰা নবেম্বৰলৈ হোৱা হিংসাত্মক ঘটনাৰাজিক বুজায়। এই হিংসাত্মক ঘটনাৰাজি আংশিকৰূপে হিন্দু-মুছলমানৰ মাজত ঘটা সংঘাট আৰু আংশিকৰূপে আৰক্ষী আৰু মুছলমানৰ মাজত ঘটা সংঘাট আছিল।
-
২০০৬ চনত মহাৰাষ্ট্ৰত দলিত প্ৰতিবাদ
২০০৬ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কানপুৰত আম্বেদকাৰৰ মূৰ্তি এটা ভাঙি পেলোৱাৰ ফলশ্ৰুতিত ভাৰতৰ মহাৰাষ্ট্ৰত দলিতসকলে এক হিংসাত্মক প্ৰতিবাদৰ সূচনা কৰে।
-
২০২৩ চনৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰী দেওবাৰে বাংলাদেশৰ ২২ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ কিন্তু ১২ ফেব্ৰুৱাৰীত দুপৰীয়াৰ ভাগত মনোনয়ন বন্ধ হৈ পৰে আৰু সংবিধানৰ বিধান অনুসৰি মনোনয়ন দিয়া আৱামি লীগৰ ৰাজনীতিবিদ মহম্মদ চাহাবুদ্দিন, মনোনীত একমাত্ৰ প্ৰাৰ্থী।
-
২০২৩-২৪ ভাৰতীয় ট্ৰাক চালকসকলৰ প্ৰতিবাদ
২০২৩–২৪ চনৰ ভাৰতীয় ট্ৰাক চালকৰ প্ৰতিবাদ হ'ল ১৬৩ নং ধাৰাৰ অন্তৰ্গত মটৰ গাড়ী আইনত উল্লিখিত হিট এণ্ড ৰান গোচৰৰ বিতৰ্কিত সংশোধনীৰ বিৰুদ্ধে প্ৰকাশ কৰা এক গণবিক্ষোভ। ২০২৪ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰতীয় ন্যায় সংহিতাৰ নতুন হিট এণ্ড ৰান কেছ ক্ল’জৰ বিৰোধিতা কৰি প্ৰতিবাদটিৰ সূচনা হয়।
-
২০২৫ চনৰ ভাৰতীয় নিৰ্বাচনী বিতৰ্ক
২০২৫ চনৰ ১ আগষ্টত লোকসভা বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ব্যক্ত কৰে যে তেওঁৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি) এ ২০২৪চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী জালিয়াতি ৰ ্ৰমাণ পাইছিল। ৭ আগষ্টত তেওঁ অভিযোগ কৰে যে কৰ্ণাটক মহাদেৱপুৰ বিধানসভা সমষ্টি বাবে ভাৰতীয় নিৰ্বাচন আয়োগে (ই. চি.
-
ৰংগা লনি
ৰংগা লনি (Wranga Loni) হৈছে পাকিস্তানৰ উত্তৰ বেলুচিস্তানৰ সঞ্জাৱীৰ এজন পাকিস্তানী মানৱ অধিকাৰ কৰ্মী আৰু লেখিকা৷ তেওঁ পাষ্টুন তাহাফুজ আন্দোলন (PTM), আৰু পাষ্টুন মহিলাসকলৰ মাজত ৰাজনৈতিক সজাগতা অনাৰ লক্ষ্যৰে ৱাক আন্দোলনৰ সদস্য।
-
ৰয়া টলৌই
ৰয়া টলৌই (Roya Toloui); জন্ম: ২২ মে', ১৯৬৬, ইৰাণৰ কুৰ্দিস্তান প্ৰদেশৰ বানেহত) এগৰাকী বিশিষ্ট কুৰ্দি-ইৰাণী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু নাৰীবাদী। তেওঁ বৰ্তমান আমেৰিকাত বাস কৰে। তেওঁ পশ্চিম ইৰাণৰ বানেহত জন্মগ্ৰহণ কৰিছিল।
-
ৰাজনৈতিক আখ্যান
ৰাজনৈতিক আখ্যান (Political Narrative) হৈছে মানৱ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানত কাহিনীকথনে বাস্তৱৰ বোধগম্যতাৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা শব্দ।
-
ৰাজস্থান ৰাজ্যিক মহিলা আয়োগ
ৰাজস্থান মহিলা আয়োগ হৈছে ৰাজস্থান ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৯ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে ৰাজস্থান চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
ৰাজহুৱা স্থানত স্তন্যপান
ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ সামাজিক মনোভাৱ আৰু আইনী স্থিতি সমগ্ৰ বিশ্বৰ সংস্কৃতিত ব্যাপকভাৱে পৃথক হোৱা দেখা যায়। বহুতো দেশত, দক্ষিণ বিশ্ব আৰু কেইবাখনো পশ্চিমীয়া দেশত, সাধাৰণ ৰাইজৰ মুকলি দৃষ্টিত শিশুক স্তন্যপান কৰোৱাটো সাধাৰণ কথা আৰু ইয়াক এক সমস্যা হিচাপে গণ্য কৰা নহয়।
-
ৰাজীৱ গান্ধী কিশোৰী সবলীকৰণ আঁচনি
ৰাজীৱ গান্ধী কিশোৰী সবলীকৰণ আঁচনি চমুকৈ সবলা আঁচনি ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা কিশোৰী সবলীকৰণ বাবে আঁচনি। ২০১১ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে। উক্ত আঁচনিৰ অধীনত ১১-১৮ বছৰৰ বয়সৰ কিশোৰীসকলক সাঙুৰি লোৱা হৈছে।
-
ৰাণী ঝান্সী ৰেজিমেণ্ট
ৰাণী ঝান্সী ৰেজিমেণ্ট (Rani of Jhansi Regiment) ভাৰতীয় জাতীয় সেনাৰ মহিলা ৰেজিমেণ্ট আছিল। ভাৰতীয় জাতীয় সেনা জাপানৰ সহায়ত ঔপনিৱেশিক ভাৰতৰ ব্ৰিটিছ ৰাজক উৎখাত কৰাৰ লক্ষ্যৰে ১৯৪২ চনত ভাৰতীয় জাতীয়তাবাদীসকলে দক্ষিণ-পূব এছিয়াত গঠন কৰা সশস্ত্ৰ বাহিনী।
-
ৰাবাব আব্দুলহাদী
ৰাবাব ইব্ৰাহিম আব্দুলহাদী (Rabab Abdulhadi) এগৰাকী পেলেষ্টাইনত জন্মগ্ৰহণ কৰা আমেৰিকীয় পণ্ডিত, কৰ্মী, শিক্ষাবিদ, সম্পাদক আৰু এজন শৈক্ষিক পৰিচালক। তেওঁ জাতিগত অধ্যয়ন, জাতি আৰু প্ৰতিৰোধ অধ্যয়নৰ সহযোগী অধ্যাপিকা আৰু ছান ফ্ৰান্সিস্কো ষ্টেট ইউনিভাৰ্চিটি (এছ এফ এছ ইউ)ৰ আৰব আৰু মুছলমান জাতি আৰু…
-
ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান
ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (National Botanical Research Institute)বা চমূকৈ NBRI হৈছে ভাৰতৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)-ৰ অধীনস্থ এক আগশাৰীৰ উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত।
-
ৰাষ্ট্ৰীয় পোষণ মাহ
ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্য্যসূচী। ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাই তাৰিখে 'ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে' ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।
-
ৰুখছানা মিডিয়া
ৰুখছানা মিডিয়া (Dari:رسانه رخشانه) হৈছে ২০২০ চনৰ নৱেম্বৰ মাহত প্ৰতিষ্ঠা কৰা আফগানিস্তানৰ মহিলা সংবাদ মাধ্যমৰ সংস্থা। এই সংস্থাটো ৰুখছানা নামৰ এগৰাকী যুৱতীৰ সোঁৱৰণীত প্ৰতিষ্ঠা কৰা হৈছিল, যাক ২০১৫ চনত বলপূৰ্বক বিবাহৰ পিছত প্ৰেমিকৰ সৈতে পলায়ন কৰা বাবে ঘৰ প্ৰদেশত নমৰালৈকে শিলগুটিৰে হানি-খুচি হত্যা…