২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল।১ চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদ ভৱনৰ নিম্ন সদন।
১৩ মে' ২০০৪ তাৰিখে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) আৰু ইয়াৰ মিত্ৰজোঁট ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই পৰাজয় স্বীকাৰ কৰে। স্বাধীনতাৰ পৰা ১৯৯৬ চনলৈকে পাঁচ বছৰৰ বাহিৰে সকলো সময় ভাৰতত ক্ষমতাত থকা ভাৰতীয় জাতীয় কংগ্ৰেছে আঠ বছৰ শাসনভাৰৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহে। কংগ্ৰেছে তেওঁলোকৰ মিত্ৰশক্তিৰ সহায়ত ৫৪৩ জনৰ ভিতৰত ৩৩৫ জনতকৈ ওপৰৰ সদস্যৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই ৩৩৫ জন সদস্যৰ ভিতৰত আছিল কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা, নিৰ্বাচনৰ পিছত গঠন কৰা শাসনকাৰী মিত্ৰজোঁট, লগতে বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), কেৰালা কংগ্ৰেছ (কেচি) আৰু বাওঁ মৰ্চাৰ বাহ্যিক সমৰ্থন। (বাহ্যিক সমৰ্থন হৈছে শাসনকাৰী মিত্ৰজোঁটৰ অংশ নোহোৱা দলবোৰৰ সমৰ্থন)।
ফলাফল
সংযুক্ত প্ৰগতিশীল মৰ্চাৰ চৰকাৰ গঠনত সমৰ্থন
| চৰকাৰ গঠন কৰা ৰাজনৈতিক দল/মিত্ৰজোঁট |
|---|
| ইউ পি এ (২১৮) বাওঁ মৰ্চা (৫৯) সমাজবাদী পাৰ্টি (৩৬) বহুজন সমাজ পাৰ্টি (১৯) কেৰালা কংগ্ৰেছ (১) ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টি (১) জম্মু এণ্ড কাশ্মীৰ পিপুলছ ডেমোক্ৰেটিক পাৰ্টি (১) |
| মুঠ: ৩৩৫ খন আসন (৬১.৭%) |
দলভিত্তিক ফলাফল
| ক্ৰমিক নং | দল | সংক্ষিপ্ত নাম | দলৰ স্থিতি | লাভ কৰা আসন |
|---|---|---|---|---|
| ১ | ভাৰতীয় জনতা পাৰ্টি | BJP | ৰাষ্ট্ৰীয় | ১৩৮ |
| ২ | বহুজন সমাজ পাৰ্টি | BSP | ৰাষ্ট্ৰীয় | ১৯ |
| ৩ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি | CPI | ৰাষ্ট্ৰীয় | ১০ |
| ৪ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPM | ৰাষ্ট্ৰীয় | ৪৩ |
| ৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | INC | ৰাষ্ট্ৰীয় | ১৪৫ |
| ৬ | নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি | NCP | ৰাষ্ট্ৰীয় | ৯ |
| ৭ | অসম গণ পৰিষদ | AGP | ৰাজ্যিক | ২ |
| ৮ | অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক | AIFB | ৰাজ্যিক | ৩ |
| ৯ | অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ | AITC | ৰাজ্যিক | ২ |
| ১০ | বিজু জনতা দল | BJD | ৰাজ্যিক | ১১ |
| ১১ | দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম | DMK | ৰাজ্যিক | ১৬ |
| ১২ | জনতা দল (চেকুলাৰ) | JD(S) | ৰাজ্যিক | ৩ |
| ১৩ | জনতা দল (সংযুক্ত) | JD(U) | ৰাজ্যিক | ৮ |
| ১৪ | জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ | JKN | ৰাজ্যিক | ১ |
| ১৫ | ঝাৰখণ্ড মুক্তি মৰ্চা | JMM | ৰাজ্যিক | ৫ |
| ১৬ | কেৰালা কংগ্ৰেছ | KEC | ৰাজ্যিক | ১ |
| ১৭ | মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম | MDMK | ৰাজ্যিক | ৪ |
| ১৮ | মিজো নেচনেল ফ্ৰণ্ট | MNF | ৰাজ্যিক | ১ |
| ১৯ | মুছলিম লীগ কেৰালা ষ্টেট কমিটি | MUL | ৰাজ্যিক | ১ |
| ২০ | নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্ট | NPF | ৰাজ্যিক | ১ |
| ২১ | পাট্টালি মাক্কাল কাচ্চি | PMK | ৰাজ্যিক | ৬ |
| ২২ | ৰাষ্ট্ৰীয় জনতা দল | RJD | ৰাজ্যিক | ২৪ |
| ২৩ | ৰাষ্ট্ৰীয় লোকদল | RLD | ৰাজ্যিক | ৩ |
| ২৪ | ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি | RSP | ৰাজ্যিক | ৩ |
| ২৫ | শিৰোমণি আকালি দল | SAD | ৰাজ্যিক | ৮ |
| ২৬ | চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট | SDF | ৰাজ্যিক | ১ |
| ২৭ | শিৱসেনা | SHS | ৰাজ্যিক | ১২ |
| ২৮ | সমাজবাদী পাৰ্টি | SP | ৰাজ্যিক | ২৩ |
| ২৯ | তেলেগু দেশম | TDP | ৰাজ্যিক | ৫ |
| ৩০ | অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন | AIMIM | পঞ্জীভূক্ত | ১ |
| ৩১ | ভাৰতীয় নবশক্তি পাৰ্টি | BNP | পঞ্জীভূক্ত | ১ |
| ৩২ | ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টি | IFDP | পঞ্জীভূক্ত | ১ |
| ৩৩ | লোক জনশক্তি পাৰ্টি | LJNSP | পঞ্জীভূক্ত | ৪ |
| ৩৪ | নেচনেল লোকতান্ত্ৰিক পাৰ্টি | NLP | পঞ্জীভূক্ত | ১ |
| ৩৫ | ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (এ) | RPI(A) | পঞ্জীভূক্ত | ১ |
| ৩৬ | সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়) | SJP(R) | পঞ্জীভূক্ত | ১ |
| ৩৭ | তেলেংগানা ৰাষ্ট্ৰীয় সমিতি | TRS | পঞ্জীভূক্ত | ৫ |
| ৩৮ | নিৰ্দলীয় | IND | IND | ৫ |
| মুঠ | ৫৪৩ | ০ | ||
| উৎস ভাৰতৰ নিৰ্বাচন আয়োগ |
তথ্যসূত্ৰ
- ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSABHA. Election Commission of india
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৬৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।