২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হয়। ভোটগণনা হয় ২৩ মে’ত।১২৩ লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্বাচনো একেলগে অনুষ্ঠিত হয়।৪
নিৰ্বাচন সূচী

| স্তৰ | তাৰিখ | লোকসভা সমষ্টি | ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা | ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল |
|---|---|---|---|---|
| ১ | ১১ এপ্ৰিল | ৯১ | ২০ | অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, উৰিষ্যা, চিক্কিম, তেলেঙ্গানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বঙ্গ, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ |
| ২ | ১৮ এপ্ৰিল | ৯৭ | ১৩ | অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, পুদুচেৰী |
| ৩ | ২৩ এপ্ৰিল | ১১৫ | ১৪ | অসম, বিহাৰ, ছট্টিশগড়, গুজৰাট, গোৱা,জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দাদৰ আৰু নগৰহাৱেলী, দমন আৰু দিউ |
| ৪ | ২৯ এপ্ৰিল | ৭১ | ৯ | বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ |
| ৫ | ৬ মে’ | ৫১ | ৭ | বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ |
| ৬ | ১২ মে’ | ৫৯ | ৭ | বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দিল্লী |
| ৭ | ১৯ মে’ | ৫৯ | ৮ | বিহাৰ, হিমাচল, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, পঞ্জাব, পশ্চিম বঙ্গ, ছট্টিশগড়, উত্তৰ প্ৰদেশ |
তথ্যসূত্ৰ
- ↑ timesofindia.indiatimes.com/india/ec-may-announc
- ↑ Staff, Scroll. 2019 General Elections: Voting to be held in 7 phases from April 11 to May 19, counting on May 23. Scroll.in
- ↑ Lok Sabha Election 2019 Dates Schedule LIVE, Assembly Elections Dates For Andhra Pradesh, Odisha, Sikkim, Arunachal Pradesh, 2019 Election Date Time for Polling, Counting and Results. www.timesnownews.com
- ↑ (2018-09-04). Lok Sabha elections 2019: Congress MP favours more seats for RJD in Bihar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৪১৪৫৯৭ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।