অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল। ২০০৯ৰ ফেব্ৰুৱাৰীত ভাৰতৰ সংসদত এই নিৰ্বাচনৰ বাবে ১১.২০ কোটি ধাৰ্য কৰা হৈছিল। লোকসভাৰ ৫৪৩খন আসনৰ বাবেমুঠ ৮০৭০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল পঞ্চম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ তিনিদিন পাছত, ১৬ মে’ত ঘোষনা কৰা হৈছিল।১২

ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন প্ৰাক-নিৰ্বাচনী সংযুক্ত প্ৰগতিশীল মৰ্চাই ২৬২খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। মৰ্চাই অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ভাল ফল দেখুৱাইছিল। বহুজন সমাজ পাৰ্টি, সমাজবাদী পাৰ্টি, জনতা দল (চেকুলাৰ), ৰাষ্ট্ৰীয় জনতা দল আৰু কেইটামান সৰু-সৰু দলে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল।৩

২০০৯ৰ ২২ মে’ত ৰাষ্ট্ৰপতি ভৱনৰ অশোকা প্ৰেক্ষাগৃহত মনমোহন সিঙে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত-গ্ৰহণ কৰিছিল।৪

দলভিত্তিক ফলাফল

ক্ৰমিক নংদলদলৰ স্থিতিলাভ কৰা আসনপ্ৰাপ্তভোটৰ %
১বহুজন সমাজ পাৰ্টিৰাষ্ট্ৰীয়২১৬.১৭
২ভাৰতীয় জনতা পাৰ্টীৰাষ্ট্ৰীয়১১৬১৮.৮০
৩ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰাষ্ট্ৰীয়৪১.৪৩
৪ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰাষ্ট্ৰীয়১৬৫.৩৩
৫ভাৰতীয় জাতীয় কংগ্ৰেছৰাষ্ট্ৰীয়২০৬২৮.৫৫
৬নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰাষ্ট্ৰীয়৯২.০৪
৭ৰাষ্ট্ৰীয় জনতা দলৰাষ্ট্ৰীয়৪১.২৭
৮অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰাজ্যিক৯
৯অসম গণ পৰিষদৰাজ্যিক১
১০অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰাজ্যিক২
১১অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰাজ্যিক১৯
১২অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰাজ্যিক১
১৩বিজু জনতা দলৰাজ্যিক১৪
১৪দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰাজ্যিক১৮
১৫জনতা দল (চেকুলাৰ)ৰাজ্যিক৩
১৬জনতা দল (সংযুক্ত)ৰাজ্যিক২০
১৭জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চৰাজ্যিক৩
১৮ঝাৰখণ্ড মুক্তি মৰ্চাৰাজ্যিক২
১৯কেৰালা কংগ্ৰেছ (এম)ৰাজ্যিক১
২০মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমৰাজ্যিক১
২১মুছলিম লীগ কেৰালা ষ্টেট কমিটিৰাজ্যিক২
২২নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্টৰাজ্যিক১
২৩ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টিৰাজ্যিক২
২৪শিৰোমণি আকালি দলৰাজ্যিক৪
২৫চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্টৰাজ্যিক১
২৬শিৱসেনাৰাজ্যিক১১
২৭সমাজবাদী পাৰ্টিৰাজ্যিক২৩
২৮তেলেগু দেশমৰাজ্যিক৬
২৯তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰাজ্যিক২
৩০অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনপঞ্জীভূক্ত১
৩১বহুজন বিকাশ আঘাড়িপঞ্জীভূক্ত১
৩২বড়োলেণ্ড পিপ’লছ্ ফ্ৰণ্টপঞ্জীভূক্ত১
৩৩হাৰিয়ানা জনহিত কংগ্ৰেছ (বি.এল.)পঞ্জীভূক্ত১
৩৪ঝাৰখণ্ড বিকাশ মৰ্চা (প্ৰজাতান্ত্ৰিক)পঞ্জীভূক্ত১
৩৫ৰাষ্ট্ৰীয় লোকদলপঞ্জীভূক্ত৫
৩৬স্বাভিমানী পক্ষপঞ্জীভূক্ত১
৩৭বিদুথালাই চিৰুথাইগল কাচ্চিপঞ্জীভূক্ত১
৩৮নিৰ্দলীয়নিৰ্দলীয়৯
মুঠ৫৪৩
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্যসূত্ৰ

  1. ↑ STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSABHA. Election Commission of india
  2. ↑ (16 May 2009). India's ruling party wins resounding victory. Associated Press
  3. ↑ (19 May 2009). Smooth sailing for UPA, parties scramble to support. CNN-IBN
  4. ↑ (22 May 2009). India PM Singh takes oath for second term. Reuters

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাধাৰণ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৭৩ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।