অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নীতি আয়োগ

ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২২ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা। ভাৰতবৰ্ষৰ আৰ্থিক যোজনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্যিক আয়ৰ বাবে কৰিব লগিয়া চিন্তা-চৰ্চাৰ বাবে এই আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ্যতা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি ডাঙৰীয়াই নিজে সম্বোধন কৰে। ১ জানুৱাৰী ২০১৫ ত নীতি আয়োগৰ স্থাপনা হয় আৰু ৮ ফেব্ৰুৱাৰীত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। নীতি আয়োগৰ যোজনা সমূহ আয়োগৰ অধিকাৰি সকলে সাৰ্বজনীক ভাৱে প্ৰকাশ কৰে।

সদস্য

  1. অধ্যক্ষ হিচাপে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী
  2. ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী
  3. কেন্দ্ৰীয় শাষিত অঞ্চলৰ লেফটেনেণ্ট গৰ্বনৰ।
  4. বিশেষজ্ঞ আৰু অৰ্থনীতিৰ বিশেষ অধ্যয়ন থকা প্ৰতিষ্ঠিত লোকক বিশেষ ভাৱে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি।

পূৰ্ণকালীন সদস্য

  1. পৰমেশ্বৰন আয়াৰ (মুখ্য কাৰ্য্যকৰী বিষয়া)
  2. অৰবিন্দ পানগাৰিয়া (উপাধক্ষ্য)
  3. বিবেক দেবৰয় (অৰ্থনৈতিক)
  4. বি কে চৰাৱত (প্ৰাক্তন অধিকাৰি ৰক্ষা বিশেষজ্ঞ আৰু বিকাষ সংগঠন)
  5. অধ্যাপক ৰমেশ চন্দ (কৃষি বিশেষজ্ঞ)
  6. প্ৰধামন্ত্ৰীৰ দ্বাৰা নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ চাৰি জনীয়া সদস্য।

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীতি আয়োগ” প্ৰবন্ধৰ সংশোধন ৩৪০১৫০ (১১ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।