স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টি (Autonomous District Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে ১:
| ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
|---|---|---|---|
| ১ | ১৬, হাফলং বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | ডিমা হাছাও |
| ২ | ১৭, বোকাজান বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
| ৩ | ১৮, হাওৰাঘাট বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
| ৪ | ১৯, ডিফু বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
| ৫ | ২০, বৈথালাংছু বিধানসভা সমষ্টি | অনুসূচিত জনজাতি | কাৰ্বি আংলং |
লোকসভাৰ সদস্যসকল
আৰম্ভণিৰেপৰা বৰ্তমানলৈ স্বায়ত্ব শাসিত জিলা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।২
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৭৭ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৮৪ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৯১ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
| ৪ | ১৯৯৬ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
| ৫ | ১৯৯৮ | জয়ন্ত ৰংপি | অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি |
| ৬ | ১৯৯৯ | জয়ন্ত ৰংপি | ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেলিনবাদী) লিবাৰেচন |
| ৭ | ২০০৪ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮ | ২০০৯ | বিৰেন সিং ইংতি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ২০১৪ | বিৰেন সিং ইংতি৩ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ 164.100.47.132/LssNew/members/lokprev.aspx
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৩৮৭৫১৪ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।