তিতাবৰ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১০২ হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। তিতাবৰ যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ যোৰহাট, টীয়ক, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।১
বিধায়কসকল
| নিৰ্বাচন | নাম | দল | |
|---|---|---|---|
| 1952 | সৰ্জু প্ৰসাদ সিং | অল পিপলছ পাৰ্টি (অসম) | |
| 1957 | সৰ্বেশ্বৰ বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| 1962 | |||
| 1967 | ডি. শৰ্মা | ||
| 1972 | জয় চন্দ্ৰ বৰা | ||
| 1978 | গিৰিধৰ ঠেঙাল | ভাৰতীয় কমিউনিষ্ট পাৰ্টি | |
| 1983 | জয় চন্দ্ৰ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| 1985 | দেৱ কুমাৰ বৰা | নিৰ্দলীয় | |
| 1991 | মহেন্দ্ৰ বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| 1996 | হেমন্ত কলিতা | অসম গণ পৰিষদ | |
| 2001 | দীপ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| 2001^ | তৰুণ গগৈ | ||
| 2006 | |||
| 2011 | |||
| 2016 | |||
| 2021 | ভাস্কৰ জ্যোতি বৰুৱা |
External links
- Results of all Assam Assembly elections. eci.gov.in. Election Commission of India
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিতাবৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১৯ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।