অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হোৱাইট ৰেইনবো

হোৱাইট ৰেইনবো (শ্বেত নামেৰেও পৰিচিত; White Rainbow) ২০০৫ চনৰ ধৰণ মান্দ্ৰায়াৰৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী আৰু ইংৰাজী ভাষাৰ ছবি আৰু ইয়াত সোণালী কুলকাৰ্ণী, অমৰদ্বীপ ঝা, শামীম শেইখ আৰু অমৰুতা সুভাষে অভিনয় কৰিছে।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হোৱাইট ৰেইনবো (শ্বেত নামেৰেও পৰিচিত; White Rainbow) ২০০৫ চনৰ ধৰণ মান্দ্ৰায়াৰৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী আৰু ইংৰাজী ভাষাৰ ছবি আৰু ইয়াত সোণালী কুলকাৰ্ণী, অমৰদ্বীপ ঝা, শামীম শেইখ আৰু অমৰুতা সুভাষে অভিনয় কৰিছে।১২ ছবিখনত বৃন্দাবনৰ বিধৱাসকলৰ বিষয়ে; যিসকল মহিলাই কম বয়সতে বিয়া হৈ গৈছে; অসুস্থতাৰ বাবে স্বামীক হেৰুৱাইছে আৰু বগা কাপোৰ পিন্ধি পৰলোকত স্বামীৰ সৈতে মিলন হবলৈ অপেক্ষা কৰি আছে। এই মহিলাসকলৰ কেইবাগৰাকীকো দ্বিতীয় বিবাহ নাকচ কৰাৰ পিছত ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য কৰোৱা হৈছিল।২ ছবিখনত চাৰিগৰাকী বেলেগ বেলেগ বিধৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে।৩

২০১৩ চনত লিণ্ডা মন্দ্ৰায়ৰে দ্য হোৱাইট ৰেইনবো প্ৰজেক্ট প্ৰতিষ্ঠা কৰে, যিয়ে বৃন্দাবনৰ বিধৱাসকলক পুনঃব্যৱহৃত শাড়ীৰ পৰা হাতেৰে নিৰ্মিত কাপোৰ আৰু আনুষংগিক সামগ্ৰী তৈয়াৰ কৰাত সহায় কৰে।৪

নিৰ্মাণ

লিণ্ডা মান্দ্ৰায়াৰে প্ৰথমে বৃন্দাবনৰ বিধৱাসকলৰ বিষয়ে গ্ল'ৰিয়া ৱেলানৰ হোমলেচ ৱৰ্ল্ডৰ পৰা জানিব পাৰিছিল আৰু তেওঁৰ স্বামী ধৰণ মান্দ্ৰায়াৰে বিধৱাসলৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল।৫

ধৰন মান্দ্ৰায়াৰে অনুভৱ কৰিছিল যে বিধৱাসকলৰ মাজত সন্মুখত এটা দীঘলীয়া জীৱন পৰি আছে।৬ ১৯৯৯ চনত বৃন্দাবন বিধৱাসকলৰ বিষয়ে নিৰ্মিত ছবি ৱাটাৰৰ শ্বুটিং বন্ধ হোৱাৰ পিছত এই ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়। বৃন্দাবনলৈ যাবলৈ বাধ্য হোৱা এজনী ১৩ বছৰীয়া বিধৱাৰ বিষয়ে পঢ়ি মান্দ্ৰায়াৰে এই ছবিখন নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল।৭

তথ্যসূত্ৰ

  1. ↑ (29 May 2005). Bonsall filmmakers tackle ostracism in India. San Diego Union-Tribune
  2. ↑ (9 September 2004). Film highlights widows' plight. BBC
  3. ↑ Rangajaran, Malathi. (20 May 2005). Moving ahead with zest. The Hindu
  4. ↑ Rangajaran, Malathi. (20 May 2005). Moving ahead with zest. The Hindu
  5. ↑ Rangajaran, Malathi. (20 May 2005). Moving ahead with zest. The Hindu
  6. ↑ Rangajaran, Malathi. (20 May 2005). Moving ahead with zest. The Hindu
  7. ↑ (7 July 2006). Where white is thrust on them. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰইংৰাজী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোৱাইট ৰেইনবো” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৮৪ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।