অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হৰী-ভৰী

হৰী-ভৰী (ইং অনু. Fertility ; Hare Kanch Ki Chooriyan) ২০০০ চনৰ শ্যাম বেনেগাল পৰিচালিত এখন হিন্দী ছবি; য'ত শাৱানা আজমী, ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, সুৰেখা ছিক্ৰী আৰু নন্দিতা দাস অভিনয় কৰিছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হৰী-ভৰী (ইং অনু. Fertility ; Hare Kanch Ki Chooriyan) ২০০০ চনৰ শ্যাম বেনেগাল পৰিচালিত এখন হিন্দী ছবি; য'ত শাৱানা আজমী, ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, সুৰেখা ছিক্ৰী আৰু নন্দিতা দাস অভিনয় কৰিছে।১

বিভিন্ন প্ৰজন্মৰ পাঁচগৰাকী মহিলাৰ কাহিনীক কেন্দ্ৰ কৰি আৱৰ্তিত ছবিখনত প্ৰত্যেকেই মুক্তি আৰু নিজৰ নিজৰ জীৱন চলাই যোৱাৰ অধিকাৰ বিচাৰিছে। ছবিখনৰ মূল বিষয়বস্তু হৈছে মহিলাৰ ‘প্ৰজনন অধিকাৰ’ সৱলীকৰণ।

২০০০ চনত এই ছবিখনে পৰিয়াল কল্যাণ বিষয়ক শ্ৰেষ্ঠ ছবিৰ ৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২

প্লট

চিনেমাখনত এগৰাকী আদবয়সীয়া মুছলমান মহিলা গজালাৰ (শাৱানা আজমী) কাহিনী বৰ্ণনা কৰা হৈছে, যাক পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে স্বামীয়ে দুৰ্ব্যৱহাৰ কৰি পিতৃ-মাতৃৰ ঘৰলৈ ঘূৰাই পঠায়। গজলাৰ এজনী কন্যা ছালমা (ৰাজেশ্বৰী সচদেৱ) আছেই। মাকৰ ঘৰত থকা গজালা আৰু ঘৰৰ বাকীসকল অৰ্থাৎ মাক আৰু ভনীয়েকহঁতে সন্মুখীন হোৱা সমস্যাক লৈয়ে ছবিখনৰ কাহিনীভাগ আৱৰ্তিত হৈছে। প্ৰজনন ক্ষমতাৰ নামত বা বেলেগ অৰ্থত, বিশেষকৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত পুৰুষ সন্তান জন্ম দিয়াৰ হেঁপাহৰ নামত মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ সুন্দৰ বৰ্ণনা ছবিখনে আগবঢ়াইছে।

শ্যাম বেনেগালৰ এই ছবিখনত গ্ৰাম্য ভাৰতৰ মহিলাসকলৰ দুৰ্দশাৰ প্ৰতিফলন ঘটিছে। বিড়ম্বনাৰ কথা এইটোৱে যে চিনেমাখনৰ আৰম্ভণিতে এটা দৃশ্য দেখা যায় য’ত ম’হ এজনীক গৰ্ভধাৰণ কৰিবলৈ অনা মতা ম’হ এটাক দেখুওৱা হৈছে। পাঁচগৰাকী ভিন্ন নাৰী, প্ৰত্যেকৰে একোটা বেলেগ বেলেগ কাহিনী আছে, যিয়ে এগৰাকী নাৰীৰ জীৱনৰ কঠোৰ বাস্তৱতাক চিত্ৰিত কৰিছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Adarsh, Taran. (26 December 2000). Hari-Bhari: Fertility Movie Review. বলিউড হাংগামা
  2. ↑ 47th National Film Awards. Directorate of Film Festivals
  3. ↑ Hari-Bhari plot

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০০০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰী-ভৰী” প্ৰবন্ধৰ সংশোধন ৪৯৫৭৮৮ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।