ক্লাব এফএম (ইংৰাজী ভাষা: Club FM) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচন। কেৰালাৰ মাতৃভূমি সংবাদ পত্ৰৰদ্বাৰা পৰিচালিত এই ষ্টেচনটোৱে দিনটোৰ বিভিন্ন সময়ত জনপ্ৰিয় সংগীতৰ ওপৰত গুৰুত্ব দিয়ে। অনাতাঁৰ প্ৰযুক্তি আৰু দূৰদৰ্শনৰ ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী কামৰ সন্মান জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰেডিঅ' এণ্ড টিভি এডভাৰটাইজিং প্ৰেক্টিচিয়নাৰ্ছ এছ'চিয়েশ্যনে প্ৰতিষ্ঠা কৰা তিনিটাকৈ ৰাপা বঁটা ২০০৭ চনত এই ষ্টেচনটোৱে লাভ কৰিছিল।১ এই ষ্টেচনটোৱে ২৪ ঘণ্টা মনোৰঞ্জন, গীত আৰু জনসজাগতামূলক তথ্য সম্প্ৰচাৰ কৰে। তিৰুৱনন্তপুৰম, কোচি আৰু কান্নুৰ— এই তিনিখন চহৰত ষ্টেচনটোৰ কম্পনাংক হৈছে ৯৪.৩ মেগাহাৰ্টজ। আনহাতে কোজিকোৰ, ত্ৰিচুৰ আৰু আলাপ্পুঝাত ইয়াৰ কম্পনাংক ১০৪.৮ মেগাহাৰ্টজ।
তথ্য
ক্লাব এফএম হৈছে কেৰালাৰ মাতৃভূমি গোটৰ এফএম উদ্যোগ। প্ৰথমতে ত্ৰিচুৰত ক্লাব এফএম মুকলি কৰা হৈছিল।২ ২০০৭ চনৰ ডিচেম্বৰ মাহৰপৰা পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পাছত ২০০৮ চনৰ নৱবৰ্ষৰ দিনটোৰপৰা ইয়াৰ সেৱা আৰম্ভ হয়। ২০০৮ চনৰ জানুৱাৰী মাহৰ ভিতৰত কান্নুৰ আৰু তিৰুৱনন্তপুৰমত ই মুকলি হয়। ২০০৮ চনৰ ১৭ মে'ত কোচিত ইয়াৰ চতুৰ্থটো ষ্টেচন মুকলি কৰা হৈছিল। ২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীৰপৰা ইয়াৰ কোজিকোৰ ষ্টেচনে কাৰ্যসূচী আৰম্ভ কৰে।৩ কেৰালাত মুকলি হোৱাৰ লগে লগে ২০০৮ চনত ক্লাব এফএমে তিনিটাকৈ ৰাপা বঁটা লাভ কৰিবলৈ সক্ষম হয়।৪
২০২১ চনৰ ১৮ জানুৱাৰীত ক্লাব এফএমৰ পুনৰ নামকৰণৰ কাম কৰা হয় আৰু হালধীয়া আৰু ক’লা ৰঙক প্ৰাথমিক ৰং হিচাপে লৈ ইয়াক পুনৰ মুকলি কৰা হয়। টোভিনো থমাছক ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰা হৈছে।৫
ষ্টেচনৰ অৱস্থানসমূহ
বৰ্তমান ক্লাব এফএমৰ ষ্টেচনসমূহ তলত দিয়া ঠাইত আছে:
- ত্ৰিচুৰ: ক্লাব এফএম ১০৪.৮, মাতৃভূমি বিল্ডিংস, ভেলিয়ান্নুৰ, ত্ৰিচুৰ
- কান্নুৰ: ক্লাব এফএম ৯৪.৩, চিটি চেণ্টাৰ, ফৰ্ট ৰোড, কান্নুৰ
- তিৰুৱনন্তপুৰম: ক্লাব এফএম ৯৪.৩, ভি. এম. নায়াৰ মেম'ৰিয়েল বিল্ডিং, ভাঞ্চিয়ুৰ, তিৰুৱনন্তপুৰম
- কোচি: ক্লাব এফএম ৯৪.৩, দ্বিতীয় মহলা মাতৃভূমি প্ৰেছ, মাঞ্জুমেল কোচি
- কোজিকোৰ: ক্লাব এফএম ১০৪.৮, চেৰুট্টি ৰোড, কোজিকোৰ
- আলাপ্পুঝা: ক্লাব এফএম ১০৪.৮, চাৰ্চ ৰোড, পাল্লাথুৰুথি, আলাপ্পুঝা
বাহ্যিক সংযোগ
- অধিকাৰিক ৱেবছাইট
- ক্লাব এফএম শুনক
- ক্লাব এফএমৰ ডুবাই সম্প্ৰচাৰ লাইভ হৈছে
- মাম্মুটীৰ ক্লাব এফএম ডুবাই ষ্টুডিঅ' পৰিদৰ্শন
তথ্যসূত্ৰ
- ↑ (15 May 2008). Honour for Club FM 94.3. The Hindu
- ↑ Club FM launch in Thrissur . Radio Dunia
- ↑ Club FM 104.8 goes on-air in Kozhikode with its sixth station
- ↑ Club FM won awards. Radio Dunia
- ↑ Mathrubhumi's Club FM relaunched with new logo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৯৪.৩ ক্লাব এফএম” প্ৰবন্ধৰ সংশোধন ৬৩৮৯০১ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।