হৌ ই (ইংৰাজী ভাষা: Hou Yi) হৈছে চীনৰ পৌৰাণিক কাহিনীৰ এজন ধনুৰ্ধৰ। তেওঁক চেন ই আৰু সাধাৰণভাৱে কেৱল ই বুলিও জনা গৈছিল। তেওঁক সাধাৰণতে "লৰ্ড আৰ্চাৰ" বা "ধনুৰ্ধৰ প্ৰভু" উপাধিও দিয়া হয়। তেওঁক কেতিয়াবা ধনুৰ্ধৰ দেৱতা বা মানৱজাতিক সহায় কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা এজন চিয়ান (Xian)১ হিচাপে চিত্ৰিত কৰা হয়। আন কিছুমান সময়ত তেওঁক কেৱল অৰ্ধ-দেৱতা বা সম্পূৰ্ণ মৰ্ত্যলোকৰ মানুহ হিচাপে দেখুওৱা হয়। তেওঁৰ পত্নী চাং ই হৈছে এগৰাকী চন্দ্ৰ দেৱী।২
জনশ্ৰুতি
চীনৰ পৌৰাণিক কাহিনী অনুসৰি পৃথিৱীত মূলতঃ ১০টা সূৰ্য আছিল; এই আখ্যানৰ কিছুমান সংস্কৰণত এই সূৰ্যকেইটা জেড সম্ৰাটৰ পুত্ৰ বা নাতি। প্ৰথম অৱস্থাত ১০টা সূৰ্যই এটা এটাকৈ আকাশ অতিক্ৰম কৰিছিল, কিন্তু এদিন ১০টা সূৰ্যই একেলগে ওলাই অহাৰ সিদ্ধান্ত ল’লে যাতে তেওঁলোকে ইজনে সিজনৰ লগত খেলিব পাৰে আৰু ইয়াৰ ফলত পৃথিৱী দগ্ধ হৈ গ’ল। পৌৰাণিক সম্ৰাট ইয়াও—কিছুমান সংস্কৰণত জেড সম্ৰাটে—হৌ ইক সূৰ্যবোৰক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব দিছিল। হৌ ইয়ে প্ৰথমে সূৰ্যবোৰক বুজাবলৈ চেষ্টা কৰিছিল। যেতিয়া সেইটোৱে কাম নিদিলে, তেতিয়া তেওঁ ধেনুৰে সিহঁতলৈ টোঁৱাই ভয় খুৱাবলৈ চেষ্টা কৰিলে। যেতিয়া সূৰ্যবোৰে পুনৰ হৌ ইৰ সকীয়ানিলৈ কাণ নিদিলে, তেতিয়া তেওঁ এটাকৈ সূৰ্যবোৰক গুলীয়াই নমাবলৈ ধৰিলে। একো একোটা সূৰ্য মাটিত পৰাৰ লগে লগে সিহঁত তিনিঠেঙীয়া কাউৰীলৈ ৰূপান্তৰিত হ’ল। অৱশেষত মাত্ৰ এটা সূৰ্যহে বাকী থাকিল। ৰজা ইয়াও আৰু সূৰ্যৰ মাতৃ চিহেই মানুহৰ সমৃদ্ধিৰ বাবে সেইটোক ৰেহাই দিবলৈ অনুৰোধ কৰিলে।৩ আন কিছুমান সংস্কৰণত হৌ ইৰ অন্তিমটো কাঁড় চুৰি কৰা হৈছিল—হয় কোনো সাহসী ল’ৰাই নহয় সম্ৰাট ইয়াওৱে নিজেই, যিয়ে উপলব্ধি কৰিছিল যে পৃথিৱীক এটা সূৰ্যৰ প্ৰয়োজন।৪৫
হৌ ইক ইয়াৰ উপৰিও য়ায়ু, জাওচি, জিউয়িং, দাফেং, ফেংচি আৰু চিউচেৰ দৰে আন কেইবাটাও পৌৰাণিক জন্তুক হত্যা কৰা, ঘুণীয়া কৰা আৰু বন্দী কৰাৰ বাবে জনা গৈছিল। ৰজা ইয়াওৱে তেওঁক এই জীৱবোৰৰ পাছত যাবলৈ নিৰ্দেশ দিছিল কাৰণ সেইবোৰে মানুহৰ বাবে অসুবিধাৰ সৃষ্টি কৰি আছিল।৬
দেৱতাসকলে হৌ ইক অমৰত্বৰ বড়ি উপহাৰ দিছিল। হৌ ই চিকাৰ কৰিবলৈ ওলাই যোৱাৰ সময়ত ফেং মেং নামৰ তেওঁৰ এজন শিষ্যই অমৰত্বৰ বড়িটোৰ সন্ধানত হৌ ইৰ ঘৰত সোমাইছিল। ফেং মেঙে বড়িটো পোৱাৰ আগতেই তেওঁৰ পত্নী চাং ইয়ে বড়িটো গিলি পেলাইছিল। বড়িটো খোৱাৰ পিছত চাং ই অমৰ হৈ চন্দ্ৰলৈ উৰি গ’ল।৭
আন এটা সংস্কৰণত, হৌ ইয়ে সূৰ্যবোৰক গুলীয়াই নমাই অনাৰ পিছত ৰাইজে তেওঁক এজন বীৰ-ৰজা হিচাপে ঘোষণা কৰিছিল। কিন্তু এবাৰ ৰজা হোৱাৰ পিছত তেওঁ এজন অত্যাচাৰী হৈ পৰিল আৰু নিজৰ প্ৰজাক দমন কৰিলে। হৌ ইয়ে চিৱাংমুৰ পৰা চিৰকাল জীয়াই থাকিবলৈ এক অমৰত্বৰ অমৃতো লাভ কৰিছিল। চাং ইয়ে ভয় কৰিছিল যে যদি তেওঁ চিৰকাল জীয়াই থাকে, তেন্তে মানুহ চিৰকাল তেওঁৰ নিষ্ঠুৰতাৰ বলি হ’ব। সেয়েহে চাং ইয়ে নিজেই অমৃত পান কৰি উৰি গ’ল। তেওঁ উৰি যাওঁতে হৌ ইয়ে তেওঁক গুলীয়াই নমাবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। তেওঁৰ বলিদানৰ বাবে মানুহে মধ্য-শৰৎ উৎসৱৰ সময়ত তেওঁক সন্মান জনোৱা আৰম্ভ কৰে।৮
চু চি সংকলনৰ হেভেনলী কুৱেচনছ বা স্বৰ্গীয় প্ৰশ্ন শাখাত লিপিবদ্ধ কৰা হৈছে: "সম্ৰাটে হৌ ইক চিয়াৰ লোকসকলক সংস্কাৰ কৰিবলৈ পঠিয়াইছিল। তেওঁ কিয় হেবোক গুলীয়াই তেওঁৰ পত্নী লুওচেনক লৈ গৈছিল?" এই কবিতাত সম্ৰাটে চিয়াৰ লোকসকলক সংস্কাৰ কৰিবলৈ পঠোৱা হৌ ইৰ কাহিনী কোৱা হৈছে। তেওঁ এজন পাকৈত ধনুৰ্ধৰ আৰু চিকাৰী আছিল আৰু তেওঁ নিজৰ দক্ষতা ব্যৱহাৰ কৰি পৃথিৱীখনক বহুতো দানৱ আৰু কীট-পতংগৰ পৰা মুক্ত কৰিছিল। কিন্তু তেওঁ অহংকাৰী আৰু অত্যাচাৰীও হৈ পৰিছিল আৰু অৱশেষত হালধীয়া নদীৰ দেৱতা হেবোক হত্যা কৰি তেওঁৰ পত্নী লুওচেনক নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল।৯১০
ঐতিহাসিক উল্লেখ
ধ্ৰুপদী উৎসসমূহত হৌ ইক প্ৰাচীন চীনৰ এজন জনজাতীয় নেতা হিচাপেও চিত্ৰিত কৰা হৈছে, যাক সাধাৰণতে এই কিংবদন্তি চৰিত্ৰটোৰ সৈতে একাকাৰ কৰি পেলোৱা হয়। বেম্বু এনেলছ অনুসৰি, হৌ ইয়ে ৰজা টাইকাঙৰ শাসনৰ প্ৰথম বছৰত চিয়া বংশক আক্ৰমণ কৰিছিল আৰু টাইকাঙে লুও নদীৰ সিপাৰে চিকাৰ কৰি থকাৰ সময়তে চিয়াৰ ৰাজধানী ঝেনচুন দখল কৰিছিল। টাইকাঙৰ ভতিজাক চিয়াৰ চিয়াঙৰ ৰাজত্বকালৰ অষ্টম বছৰত২ হৌ ইক তেওঁৰ লেফটেনেণ্ট হান ঝুৱে পদচ্যুত কৰিছিল। শেহতীয়া গৱেষণাই সূচাইছে যে হৌ ইয়ে ১০টা সূৰ্য (十日) গুলীয়াই মৰাৰ কিংবদন্তিটো হৌ ইয়ে চিয়াঙক (相) গুলীয়াই মৰাৰ এটা ভুল লিখনিৰ পৰা উদ্ভৱ হৈছে।১১
তথ্যসূত্ৰ
- হৌ ই। (n.d.)। মিথোপিডিয়া। ১৩ এপ্ৰিল, ২০২৩ তাৰিখে Hou Yi-ৰ পৰা সংগ্ৰহ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Ni, Xueting C. (2023). Chinese Myths: From Cosmology and Folklore to Gods and Immortals. Amber Books. পৃ. 132. ISBN 978-1-83886-263-3
- ↑ Hou Yi. Encyclopedia Britannica
- ↑ Walls, Jan. (1984). Classical Chinese Myths. Joint Publishing Co. পৃ. 68–69
- ↑ Bartlett, Sarah. (2009). The Mythology Bible: The Definitive Guide to Legendary Tales. Sterling. ISBN 9781402770029
- ↑ (November 2009). Hou Yi Shooting the Sun
- ↑ Masako, Mori. (1995). Restoring the "Epic of Hou Yi". Asian Folklore Studies. পৃ. 239–257
- ↑ Chang'e, Chinese Deity. Encyclopedia Britannica. The Editors of Encyclopedia Britannica
- ↑ Yang, Lihui; An, Deming; Anderson Turner, Jessica. (2008). Handbook of Chinese Mythology. Oxford University Press. ISBN 9780195332636
- ↑ 被水下的洛神惊艳,你可知道她的前世今生?. yn.people.com.cn
- ↑ Theobald, Ulrich. Luo Shen 洛神, the Goddess of the River Luo (www.chinaknowledge.de). www.chinaknowledge.de
- ↑ (2023-03-31). 《历史的错觉》①|嫦娥其实和后羿没关系?. The Paper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৌ ই” প্ৰবন্ধৰ সংশোধন ৬৩১০৭৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।