অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰসিয়া

ৰসিয়া হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত প্ৰচলিত ভাৰতীয় লোকসংগীতৰ এক জনপ্ৰিয় ধাৰা। ৰসিয়াৰ শৈলী একাধিক উপ-ধাৰাৰে গঠিত আৰু ইয়াক বিভিন্ন প্ৰসংগত পৰিবেশন কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৮১ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰসিয়া হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত প্ৰচলিত ভাৰতীয় লোকসংগীতৰ এক জনপ্ৰিয় ধাৰা।১ ৰসিয়াৰ শৈলী একাধিক উপ-ধাৰাৰে গঠিত আৰু ইয়াক বিভিন্ন প্ৰসংগত পৰিবেশন কৰা হয়।২ বহুতো ভিন্ন বিষয়ৰ উপস্থাপনেৰে ৰসিয়াৰ গীতস গোৱা হয় যদিও, ইয়াৰ বেছিভাগতেই হিন্দু ভগৱান কৃষ্ণ আৰু দেৱী ৰাধাৰ প্ৰেম-কাহিনীক মূল আধাৰ হিচাপে লোৱা হয়।৩৪ ৰসিয়া শব্দটো এটা হিন্দী শব্দ যাৰ ইংৰাজী সমাৰ্থক শব্দ হৈছে “এপিকিউৰ” (epicure), যিয়ে পুৰুষ প্ৰাৰ্থীসকলক বা গীতসমূহৰ মূল নায়ক স্বয়ং কৃষ্ণক বুজায়।৫ ৰসিয়াৰ গীত পৰিৱেশন কৰোতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা হয়, ইয়াৰ ভিতৰত “ধোলক”৬, সাৰংগী আৰু হাৰমনিয়ামেই৫ প্ৰধান। এই সংগীত শৈলী সাধাৰণতে জনপ্ৰিয় প্ৰাচীন হিন্দু উৎসৱ হোলীৰ সৈতে জড়িত আৰু প্ৰায়ে গাঁওবাসী, পেছাদাৰী মনোৰঞ্জনকাৰী শিল্পী আৰু মঠ-মন্দিৰত অনুষ্ঠিত বিভিন্ন অধিবেশনত পৰিবেশন কৰা হয়।৫

বৈশিষ্ট্যসমূহ

ৰসিয়াৰ বৈশিষ্ট্য হৈছে সমগ্ৰ ধাৰাটোত কিছুমান সুৰৰ সমষ্টি সমানে আৰু সঘনাই ব্যৱহাৰ কৰা হয়।২ ৰসিয়া পৰিবেশনত প্ৰায় ২০টা সংৰক্ষিত সুৰ ব্যৱহাৰ কৰা হয়, উদাহৰণস্বৰূপে, এই সুৰৰ কিছুমানৰ নামত “তৰ্জ”, “বাহৰ”, আৰু “ধুন” অন্তৰ্ভুক্ত, অৱশ্যে কিছুমান উপ-ধাৰাত বিশেষকৈ হাথৰাছি আদিত অন্যান্য সুৰো ব্যৱহাৰ কৰা হয়।৭ আধুনিক ৰসিয়াত কামুক গীত আৰু সুৰীয়া শব্দ থাকে৮ আনহাতে পৰম্পৰাগত ৰসিয়াত ৰাধা আৰু কৃষ্ণৰ ভক্তিমূলক চিত্ৰণ পৰিলক্ষিত হয়।৯ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলৰ গ্ৰাম্য জনগোষ্ঠীৰ লোকসকলে প্ৰায়ে অনানুষ্ঠানিক সভাত ৰসিয়া পৰিৱেশন কৰে। ৰসিয়াৰ বিভিন্ন ভিন্নতা আৰু শৈলী আছে আৰু গাঁৱৰ মানুহে নিজৰ স্থানীয় উৎসৱৰ সময়ত নিজৰ নিজৰ আঞ্চলিক ভিন্নতা অনুসৰি এই গীত গায়।৩ হোলীৰ সময়ত মন্দিৰত ৰসিয়া বহুলভাৱে পৰিৱেশন কৰা হয়।৩ ৰসিয়া গীতসমূহত পৰম্পৰাগত বিষয়বস্তুৰ সামৰি লোৱাৰ প্ৰৱণতা থাকে, যদিও এই গীতসমূহৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিব পৰা বিষয়ৰ পৰিসৰ সীমাহীন।৩ লেখক পিটাৰ মেনুৱেলে যুক্তি দিছে যে “ৰসিয়াক পাঠ্যৰ বিষয়বস্তুতকৈ ইয়াৰ বৈশিষ্ট্যপূৰ্ণ সুৰ, শৈলী আৰু প্ৰসংগৰ দ্বাৰা পৃথক কৰা হয়, আৰু এইদৰে ই যিকোনো ধৰণৰ পাঠ্য বিষয়ক সামৰি ল’ব পাৰে”।৩

প্ৰকাৰভেদ

ধৰ্মীয় ৰসিয়া

ৰসিয়া কেইবাটাও ভিন্ন ৰূপত পৰিৱেশন কৰা হয়। ইয়াৰ এটা প্ৰকাৰ হৈছে ধৰ্মীয় ৰসিয়া, সাধাৰণতে হোলী উৎসৱৰ সময়ত হিন্দু ভগৱান কৃষ্ণ আৰু ৰাধাৰ প্ৰেম-কাহিনীক উপস্থাপন হয়।৩ গীতসমূহ সাধাৰণতে ৰাধাৰ নাৰী দৃষ্টিকোণৰ পৰা লিখা হয় আৰু কৃষ্ণ আৰু তেওঁৰ সৈতে কৰা প্ৰেমালাপক চিত্ৰিত কৰা হয়।৩ গীতৰ কথাবোৰ পৰম্পৰাগতভাৱে হয় আৰু আধুনিক বস্তু (যেনে গাড়ী, ফ্ৰীজ, ফেন) আদিৰ কোনো উল্লেখ কৰা নহয়।

ধৰ্মনিৰপেক্ষ ৰসিয়া

ধৰ্মীয় ৰসিয়াৰ সমানেই জনপ্ৰিয়, অধৰ্মীয় বা ধৰ্মনিৰপেক্ষ ৰসিয়াৰ গীতসমূহো নাৰীৰ দৃষ্টিকোণৰ পৰা বহুলভাৱে লিখা আৰু উপস্থাপন কৰা হয়, এইবোৰত কামোদ্দীপক ভাষা জড়িত হোৱাৰ প্ৰৱণতা থাকে আৰু সাধাৰণতে স্বামী বা প্ৰেমিকক সম্বোধন কৰা এগৰাকী যুৱতী পত্নীৰ কথা উপস্থাপন কৰা হয়।৩ ধৰ্মনিৰপেক্ষ ৰসিয়াৰ গীতৰ কথাত কৃষ্ণ দেৱতাৰ কথা উল্লেখ কৰা হওক বা নহওক কিয়, প্ৰেমিকজনক কৃষ্ণ বুলি ব্যাখ্যা কৰা হয়।৩ এই ধৰ্মনিৰপেক্ষ ৰসিয়া গীতবোৰত নায়িকাগৰাকীৰ প্ৰেমিকৰ প্ৰতি থকা প্ৰত্যয়, দুৰ্বলতা, ইচ্ছা, লজ্জা আৰু উদ্বেগৰ মিশ্ৰ ভাব উপস্থাপন কৰা হয়।৩ উল্লেখযোগ্য যে দুয়ো প্ৰকাৰৰ ৰসিয়া আৰু আমাটৰী হিন্দী কবিতাবোৰত যথেষ্ট পৰিমাণে কৃষ্ণ-প্ৰেম আৰু ধৰ্মনিৰপেক্ষ প্ৰেমৰ সমাসাৰ দেখা পোৱা যায়।৩ ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ দুয়ো প্ৰকাৰৰ ৰসিয়াত কৃষ্ণ আৰু প্ৰেমিকৰ উপস্থাপনৰ মাজত সাদৃশ্য পৰিলক্ষিত হয়। সাধাৰণতে তেওঁলোকক যত্নশীল, ৰসিক, সংবেদনশীল, কিন্তু কিছু হতাশাজনক হিচাপে চিত্ৰিত কৰা হয়। অৱশ্যে দুয়োটা প্ৰকাৰৰ মাজত থকা এটা পাৰ্থক্য হ’ল ব্যৱহৃত গীতৰ কথা। ধৰ্মীয় ৰসিয়াৰ বিপৰীতে ধৰ্মনিৰপেক্ষ ৰসিয়াত আধুনিক সত্তাৰ উল্লেখ কৰা প্ৰায়ে শুনা যায়।

লংগুৰিয়া

ৰসিয়াৰ আন এটা প্ৰকাৰ হৈছে “লংগুৰিয়া” উপ-ধাৰা। উপ-ধাৰা হিচাপে লাংগুৰিয়া সাধাৰণ ৰসিয়াৰ পৰা পৃথক কাৰণ ইয়াক সাধাৰণতে মাত্ৰ দুটা বা তিনিটা গোটৰ সুৰত গোৱা হয়।৩ হিন্দু দেৱী কৈলা দেৱীৰ সৈতে এই প্ৰকাৰটোৰ কিছু সম্পৰ্ক আছে যাৰ মন্দিৰ আগ্ৰা চহৰৰ দক্ষিণ-পশ্চিমে অৱস্থিত।৩ দেৱী কৈলাৰ প্ৰহৰী বা সহায়িকা হিচাপে গণ্য কৰা এটা লংগুৰিয়াৰ নামেৰে এই ধাৰাটোৰ নামকৰণ কৰা হৈছে।৩

হাথৰসী ৰসিয়া

হাথৰসী ৰসিয়া হৈছে উত্তৰ প্ৰদেশৰ হাথৰস চহৰৰ নামেৰে নামাকৰণ কৰা ৰসিয়াৰ আন এটা উপ-ধাৰা।৫ আখাৰা নামেৰে পৰিচিত সংগীত গোষ্ঠীৰ অৰ্ধ পেছাদাৰী সদস্যই এই ৰসিয়া পৰিবেশন কৰে।

তথ্যসূত্ৰ

  1. ↑ Nandan Jha, Durgesh. (April 9, 2011). Jats pitch in with Rasiya. The Times of India
  2. ↑ Manuel. (2015). The Intermediate Sphere in North Indian Music Culture: Between and Beyond "Folk" and "Classical". Ethnomusicology. পৃ. 82–115
  3. ↑ Manuel, Peter. (1994). Syncretism and Adaptation in Rasiya, a Braj Folksong Genre. Department of African American studies, John Jay College of Criminal Justice. African Studies Companion Online
  4. ↑ Kumar, Mukesh. (2019). The Art of Resistance: The Bards and Minstrels' Response to Anti-Syncretism/Anti-liminality in north India. Journal of the Royal Asiatic Society. পৃ. 225
  5. ↑ Manuel, Peter. (2015). Hathrasi Rasiya: An Intermediate Song Genre of North India. Asian Music. পৃ. 3–24
  6. ↑ (2018). Unity in Cultural Diversity. National Council of Educational Research and Training. পৃ. 157. ISBN 978-93-5292-059-4
  7. ↑ Henry, Edward O. (2000). Folk Song Genres and Their Melodies in India: Music Use and Genre Process. Asian Music. পৃ. 71–106
  8. ↑ Manuel, Peter. (October 2014). The regional North Indian popular music industry in 2014: from cassette culture to cyberculture. Popular Music. পৃ. 389–412
  9. ↑ Langlois, Tony. (2016). Non Western Popular Music. Routledge. পৃ. 318. ISBN 9780754629849

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰসিয়া” প্ৰবন্ধৰ সংশোধন ৬২৪৭০৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।