অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

৩৬ চৌৰিংগী লেন

৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল।

হালনাগাদ: ৮ মে’ ২০২৫ ৩৪৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

৩৬ চৌৰিংগী লেন (36 Chowringhee Lane) ১৯৮১ চনৰ অপৰ্ণা সেনৰ ৰচনা, পৰিচালনা আৰু শশী কাপুৰৰ প্ৰযোজনাৰে১ নিৰ্মিত এখন বাংলা ছবি। ইয়াৰ জৰিয়তে তেতিয়ালৈকে বাংলা চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিচিত সেনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। মুক্তিৰ লগে লগে ছবিখনে যথেষ্ট সমাদৰ লাভ কৰিছিল। ইয়াত জেনিফাৰ কেণ্ডেলে মূল চৰিত্ৰটোত অভিনয় কৰিছে আৰু সমালোচকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে। অন্য চৰিত্ৰত অভিনয় কৰিছে ধৃতিমান চেটাৰ্জী আৰু দেৱশ্ৰী ৰায়ে। ছবিখনত ব্যৱহৃত দুটা প্ৰধান গীত আছিল ১৯৬০ দশকৰ ব্ৰায়ান হাইলেণ্ডৰ গীত "Yellow polka dot bikiny " আৰু মেৰী মাৰ্টিনৰ ১৯৬৪ চনৰ সংস্কৰণ "Silent night।" ২৩

কাহিনী

স্বাধীনতা-উত্তৰ ভাৰতত এগৰাকী এংলো-ইণ্ডিয়ান শিক্ষয়িত্ৰী ভায়োলেট ষ্টোনহাম এতিয়া কলকাতাৰ ৩৬ চৌৰিংগী লেনত এক নিস্তব্ধ আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰি আছে। তেওঁৰ ভাতৃ এডি বৃদ্ধ আৰু নাৰ্চিং হোমত অসুস্থ হৈ পৰি আছে। ভতিজী ৰোজমেৰীৰ বিয়া হোৱাৰ পিছত তেওঁ মেকুৰী ছাৰ টবিৰ সৈতে অকলে থাকে। জীৱনত তেওঁৰ একমাত্ৰ আনন্দ আছিল শ্বেক্সপীয়েৰক পঢ়োৱা যদিও তেওঁ ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ দেখা নাপায়।

বৰদিনৰ দিনা গীৰ্জাৰ পৰা ঘৰলৈ উভতি অহা ভায়োলেটে তেওঁৰ প্ৰাক্তন ছাত্ৰী নন্দিতা আৰু তেওঁৰ লেখক-প্ৰেমিক সমৰেশক লগ পায় আৰু তেওঁলোকক কফি খাবলৈ মাতে। প্ৰথম অৱস্থাত কিছু দ্বিধাবোধ কৰাৰ পিছত তেওঁলোকে তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰৰে। কিন্তু তেওঁলোকে সোনকালে উপলব্ধি কৰে যে ভায়োলেট কৰ্মস্থলীত থকাৰ সময়ত তেওঁলোকৰ আড্ডাৰ বাবে ভায়োলেটৰ এপাৰ্টমেণ্টটো একেবাৰে উপযুক্ত। সমৰেশে যেতিয়া ভায়োলেটৰ এপাৰ্টমেণ্টটো স্কুলৰ সময়ত ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰে আৰু তেওঁ নিজৰ উপন্যাসখনৰ কাম কৰিব বিচাৰে বুলি কয়, তেতিয়া ভায়োলেট মান্তি হয়। সমৰেশ আৰু নন্দিতাই অতিকৈ বিচৰা গোপনীয়তা পালে আৰু ভায়োলেটে কামৰ পৰা ঘৰলৈ উভতি আহোঁতে তেওঁলোকৰ সৈতে সময় কটাব পাৰে।

অৱশেষত সমৰেশ আৰু নন্দিতাৰ বিয়া হয়, আৰু তেওঁলোকে নিজৰ জীৱনটো আগুৱাই লৈ যায়। ভায়োলেটে বৰদিনৰ দিনা তেওঁলোকক দেখা কৰিব বিচাৰে আৰু তেওঁলোকৰ বাবে এটা কেক তৈয়াৰ কৰে। অৱশ্যে তেওঁলোকৰ ঘৰত সেইদিনা পাৰ্টি এটা আছিল আৰু ভায়োলেট আহিলে এক অস্বস্তিকৰ পৰিস্থিতিত পৰিব বুলি বৰদিনৰ সময়ত চহৰত নাথাকে বুলি মিছা কথা কয়। শেষত ভায়োলেটে গম পায় যে তেওঁক মিছা কথা কোৱা হৈছে। তেওঁ পুনৰ নিজৰ অকলশৰীয়া জীৱনলৈ উভতি যায়। ছবিখনৰ শেষৰ দৃশ্যটোত ভায়োলেটে উচ্চস্বৰে কিং লিয়াৰ আবৃত্তি কৰা দেখা যায়, য’ত তেওঁৰ একমাত্ৰ দৰ্শক হৈছে ৰাস্তাৰ কুকুৰ।৪

বঁটা

২৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮১)৫৪

  • শ্ৰেষ্ঠ পৰিচালক-অপৰ্না সেন
  • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ- অশোক মেহতা
  • শ্ৰেষ্ঠ ইংৰাজী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (11 December 2004). A new role for Shashi Kapoor. দ্য হিন্দু
  2. ↑ Sen, Aparna. 'If I'd made more compromises I may have been more successful' – Rediff On The Net, Movies: An interview with Aparna Sen
  3. ↑ (5 July 2004). Sen in the city. দ্য হিন্দু
  4. ↑ 29th National Film Awards (PDF). Directorate of Film Festivals
  5. ↑ 29th National Film Awards. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰইংৰাজী চলচ্চিত্ৰ১৯৮১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৬ চৌৰিংগী লেন” প্ৰবন্ধৰ সংশোধন ৫০৬৮১৪ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।