অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

২ ফ্ৰগছ ইন দ্য ৱেষ্ট

২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী: 2 frogs dans l'ouest, ইংৰাজী: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

২ ফ্ৰগছ ইন দ্য ৱেষ্ট (ফৰাচী ভাষা: 2 frogs dans l'ouest, ইংৰাজী ভাষা: 2 Frogs in the West) হৈছে ২০১০ চনত মুক্তি পোৱা এখন কানাডিয়ান কমেডী-ড্ৰামা চলচ্চিত্ৰ।১ চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা ডেনি পাপিনোৰ পৰিচালনাৰ অভিষেক ঘটা এই ছবিখনৰ প্ৰিমিয়াৰ ২০১০ চনৰ ৮ অক্টোবৰত মণ্ট্ৰিয়েলত অনুষ্ঠিত হৈছিল।১ ইয়াত মিৰিয়ান ব্ৰুল, ডেনি পাপিনো, জেছিকা মালকা, জাৰ্মেইন হৌডে আৰু চাৰ্লি ডেভিদে অভিনয় কৰিছে।

কাহিনী

চলচ্চিত্ৰখনত মিৰিয়ান ব্ৰুলক মেৰী নামৰ চৰিত্ৰটোত দেখা গৈছে। মেৰী কুইবেকৰ এগৰাকী অশান্ত যুৱতী যিয়ে বিশ্ববিদ্যালয়ৰ পঢ়া এৰি আত্ম-আৱিষ্কাৰৰ যাত্ৰাত ব্ৰিটিছ কলম্বিয়াৰ হুইষ্টলাৰলৈ হিতচকিং কৰি যোৱাৰ সিদ্ধান্ত লয়। মেৰীৰ এই সিদ্ধান্তত মাক-দেউতাক অতিশয় অসন্তুষ্ট হয়।১ ব্ৰিটিছ কলম্বিয়াৰ এই যাত্ৰা সহজ নাছিল; পথত মেৰীয়ে বহুতো বাধা আৰু দুৰ্ঘটনাৰ সন্মুখীন হয়। শেষত হুইষ্টলাৰত উপস্থিত হোৱাৰ লগে লগে তাইৰ সকলো মালবস্তু চুৰি হয়।২ এই বিৰক্তিকৰ পৰিস্থিতিৰ পিছত কুইবেকৰে জেঁ-ফ্ৰান্সিছ (পাপিনো) নামৰ এজন ব্যক্তিয়ে মেৰীক তেওঁ আৰু তেওঁৰ দুই কোঠালি সংগীৰ সৈতে থাকিবলৈ আশ্ৰয় দিয়ে। এই সংগী দুজন আছিল জেঁ-ফ্ৰান্সিছৰ প্ৰাক্তন প্ৰেমিকা গ্যেবী (মালকা) আৰু তেওঁলোকৰ এজন বন্ধু ব্ৰেড (বাৰ্টন)। তাত থকাৰ সময়ছোৱাত মেৰী গ্যেবীৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হয় আৰু ইয়াৰ জৰিয়তে জেঁ-ফ্ৰান্সিছ আৰু গ্যেবী— উভয়ৰে সৈতে এক অপ্ৰত্যাশিত ত্ৰিকোণীয়া প্ৰেমৰ জালত আবদ্ধ হৈ পৰে।২

চলচ্চিত্ৰখনৰ অন্যান্য অভিনয় শিল্পীসকলৰ ভিতৰত আছে ব্ৰেণ্ডন বাৰ্টন, জুয়ান ৰিডিংগাৰ, অনিক ভাৰমেট, জাৰ্মেইন হৌডে, ডায়েন লাভালী, ভ্যালেৰী চেভালিঅ', চাৰ্লি ডেভিদ, ব্ৰুনো বেৰনেট, এডাম বাৰ্গকুইষ্ট, ৰিক টে, নিলছ স্নাইডাৰ, বিল মাৰ্চেণ্ট আৰু লিণ্ডা ডাৰল’।

চলচ্চিত্ৰখনৰ অনুপ্ৰেৰণা

এই চলচ্চিত্ৰখন পৰিচালক পাপিনোৰ নিজৰ অভিজ্ঞতাৰদ্বাৰা পোনপটীয়াকৈ অনুপ্ৰাণিত। তেওঁ স্নাতক মহলাত পঢ়ি থকা সময়ত নিজৰ গৃহ প্ৰদেশ কুইবেকৰপৰা এলবাৰ্টালৈ ভ্ৰমণ কৰিছিল। কুইবেকত থকা সময়ত তেওঁ শ্বেৰব্ৰুকত ইঞ্জিনিয়াৰিং পঢ়ি আছিল, কিন্তু এলবাৰ্টাৰ বানফৰ এটা ফাৰ্মত এটা গ্ৰীষ্মকাল অতিবাহিত কৰাৰ পাছত তেওঁ শ্বেৰব্ৰুকলৈ উভতি যোৱাৰ পৰিৱৰ্তে তাতেই থকাৰ সিদ্ধান্ত লয়। পশ্চিম কানাডাত এনেদৰে সফল সময় অতিবাহিত কৰাৰ পাছত তেওঁ এবছৰীয়া পাঠ্যক্ৰমৰ বাবে ভ্যানকুভাৰ ফিল্ম স্কুলত নাম ভৰ্তি কৰে আৰু অৱশেষত ছবছৰ ধৰি ভ্যানকুভাৰত বাস কৰে।৩ পাপিনোৱে প্ৰথমে ২০০৪ চনত ২১ মিনিটৰ এখন চুটি ছবি হিচাপে ২ ফ্ৰগছ লিখিছিল আৰু তাৰ পিছত অভিনয়ত সফলতা লাভ কৰি চুটি ছবিখনক বৰ্তমানৰ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হয়। ২০১০ চনৰ হুইষ্টলাৰ ফিল্ম ফেষ্টিভেলত এটা সাক্ষাৎকাৰৰ সময়ত পাপিনোৱে উল্লেখ কৰিছিল যে কেনেকৈ এই চিনেমাখনৰ অনুপ্ৰেৰণা সেইসকল যুৱক-যুৱতীৰপৰা আহিছিল যিসকলে সমগ্ৰ বিশ্বৰপৰা হুইষ্টলাৰলৈ আহে আৰু কেইমাহমানৰ বাবে তাতেই থাকি জীৱনত কি কৰিব বিচাৰে সেইটো নিৰ্ণয় কৰাত সহায় লয়। তেওঁ প্ৰকাশ কৰিছিল যে এই কাৰণতে বহুত মানুহে চলচ্চিত্ৰখনত নিজকে বিচাৰি পাব বুলি তেওঁ অনুভৱ কৰিছিল।৪

সঁহাৰি

মণ্ট্ৰিয়েলত মুক্তি পোৱাৰ পিছত চলচ্চিত্ৰখনে সমালোচকৰপৰা উৎকৃষ্ট সঁহাৰি লাভ কৰিছিল। এলজিবিটি (LGBT) চলচ্চিত্ৰ সমাজত ইয়াৰ অংশগ্ৰহণৰ বাবে বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল আৰু বহু প্ৰশংসা বুটলিছিল। ২০১২ চনত ডৰবান গে এণ্ড লেচবিয়ান ফিল্ম ফেষ্টিভেলত ইয়াক অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে চিহ্নিত কৰা হৈছিল৫ আৰু হিউষ্টন ইণ্টাৰনেশ্যনেল এলজিবিটিকিউ ফিল্ম ফেষ্টিভেলসহ বহুতো এলজিবিটি অনুষ্ঠানত প্ৰদৰ্শিত হৈছিল।৬ বিদেশত স্বীকৃত হোৱাৰ উপৰি ছবিখনে কানাডাতো 'গ্ল’ব এণ্ড মেইল'ৰ দৰে প্ৰকাশনত বিশেষ স্থান লাভ কৰিছিল আৰু একাধিক কানাডিয়ান চলচ্চিত্ৰ মহোৎসৱত উপস্থাপন কৰা হৈছিল। ছবিখনে কেৱল এলজিবিটি সম্প্ৰদায়ৰ চিত্ৰণৰ বাবে নহয়, বৰঞ্চ কানাডিয়ান সংস্কৃতিৰ চিত্ৰণৰ বাবেও প্ৰশংসিত হৈছিল। যিহেতু ছবিখনে এজন কিশোৰ কানাডিয়ানৰ সাধাৰণ অভিজ্ঞতা বৰ্ণনা কৰে— যিয়ে পশ্চিম কানাডাত কাম বিচাৰিবলৈ পূবৰ প্ৰদেশসমূহৰ নিজৰ পুৰণি ঘৰ এৰি যায়, সেয়েহে ছবিখনে কানাডিয়ান প্ৰভাৱ প্ৰতিফলিত কৰা বঁটাও লাভ কৰিছিল। বিশেষভাৱে ক’বলৈ গ’লে, ২০১০ চনৰ হুইষ্টলাৰ ফিল্ম ফেষ্টিভেল সমাপ্ত কৰিবলৈ এই ছবিখন বাছনি কৰা হৈছিল।৩ মহোৎসৱখনত চিনেমাখনে শ্ৰেষ্ঠ মাউণ্টেইন কালচাৰ ফিল্ম বঁটা লাভ কৰিছিল।৭

অৱশ্যে কানাডিয়ান সংস্কৃতি আৰু এলজিবিটি সম্প্ৰদায়ৰ চিত্ৰণৰ বাবে ইতিবাচক সঁহাৰি লাভ কৰিলেও, ইয়াৰ "পূৰ্বানুমানযোগ্য" কাহিনীভাগৰ বাবে সাধাৰণ দৰ্শকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।৮ ছবিখনৰ কিছুমান অনলাইন ৰিভিউত ইয়াক কল্পনাশক্তিহীন আৰু অভিনয়ক দুৰ্বল বুলি বৰ্ণনা কৰা হৈছিল।৯ যিয়েই নহওক, এটা কথা স্পষ্ট আছিল যে এজন পৰিচালক হিচাপে পাপিনোৰ বহু সম্ভাৱনা আছে। সমালোচকসকলে যিয়েই আসোঁৱাহ নেদেখুৱাওক কিয়, ২ ফ্ৰগছে দেখুৱাই দিছিল যে এজন লেখক/পৰিচালকৰ ইতিবাচক সম্ভাৱনা প্ৰদৰ্শন কৰিও এখন ছবি কেনেকৈ সমালোচিত হ’ব পাৰে।১০

বঁটা আৰু সন্মান

  • শ্ৰেষ্ঠ কাহিনী চিত্ৰ - য়োচেমিটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ
  • শ্ৰেষ্ঠ মাউণ্টেইন কালচাৰ ফিল্ম - হুইষ্টলাৰ ফিল্ম ফেষ্টিভেল ২০১০
  • শ্ৰেষ্ঠ মাউণ্টেইন কালচাৰ ফিল্ম - ৰিভেলষ্টোক ২০১১
  • অফিচিয়েল চিলেকচন - ফেয়াৰীটেলছ কেলগেৰী ২০১১
  • চিলেকচন - ল্যাম্বিছ ইংলেণ্ড ২০১১
  • দুটাকৈ মনোনয়ন - আৰভিচিকিউ (RVCQ) মণ্ট্ৰিয়েল ২০১১১১

তথ্যসূত্ৰ

  1. ↑ "Cross-country adventure leaves much behind". The Gazette (Montreal), October 8, 2010
  2. ↑ La Fête du Cinema. frenchfilmfestival.org.uk
  3. ↑ (2010-12-07). Whistler Film Festival 2010: Quebec director Dany Papineau finds filmmaking success in B.C.. Georgia Straight Vancouver's News & Entertainment Weekly
  4. ↑ whistlerfilm. (2010-12-06). WFF2010 - Meet the Artist - Dany Papineau
  5. ↑ 2 FROGS IN THE WEST. news.artsmart.co.za
  6. ↑ 2 Frogs in the West. The Museum of Fine Arts, Houston
  7. ↑ Canadian Thriller 'Whistleblower' Wins Borsos Competition at Whistler Film Festival. The Hollywood Reporter
  8. ↑ Two Frogs In The West (2010) Movie Review from Eye for Film. www.eyeforfilm.co.uk
  9. ↑ 2 Frogs dans l'Ouest (2010)
  10. ↑ (28 June 2012). Canadian Film Review: 2 Frogs in the West (2010). flickchickcanada.blogspot.ca
  11. ↑ 2 Frogs in the West. Atlas Grove Entertainment

সম্পৰ্কিত শ্ৰেণী

কানাডাইংৰাজী চলচ্চিত্ৰএলজিবিটিনাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ ফ্ৰগছ ইন দ্য ৱেষ্ট” প্ৰবন্ধৰ সংশোধন ৫৯৭২৩৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।