অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

২২ ফিমেল কোট্টায়ম

২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

২২ ফিমেল কোট্টায়ম ( 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত১২ ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।৩

ছবিখন ২০১২ চনৰ ১৩ এপ্ৰিলত মুক্তি পাইছিল আৰু সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। বক্স অফিচতো এইখন ভাল সমাদৰ লাভ কৰে।৪৫ এই ছবিখনৰ ক্লাইমেক্স ২০১৫ চনৰ হলিউডৰ ছবি ৰিটাৰ্ণ টু চেণ্ডাৰৰ ক্লাইমেক্সৰ সৈতে বহুত মিল আছে।

নিৰ্মাণ

আছিকে কয় যে ছবিখনৰ অৱধাৰণা বহু বছৰ ধৰি তেওঁৰ মনত আছিল। "এই ধাৰণাটো মোৰ মনত তেতিয়াই আহিছিল, যেতিয়া মই মোৰ প্ৰথম ছবি ডেডী কুলৰ কাম কৰি আছিলো। ই মোৰ মনত ৰৈ গৈছিল আৰু এসময়ত এই অৱধাৰণাটো কামত লগাব বিচাৰিছিলো। ছল্ট এন পিপাৰৰ সফলতাৰ পিছত বিষয়টোত আগবাঢ়ি যোৱাৰ আত্মবিশ্বাস আহিছিল। এইটো সকলো প্ৰযোজকক আকৰ্ষণ কৰিব পৰা সাধাৰণবিধৰ কাহিনী নহয়। ইয়াত এক নিৰ্দিষ্ট পৰিমাণৰ ৰিস্ক আছে।"৬ ছল্ট এন পিপাৰৰ সফলতাৰ পিছত আছিকে তেওঁৰ পৰৱৰ্তী ছবি ইডুকি গোল্ডৰ ঘোষণা কৰে। প্ৰি-প্ৰডাকচনৰ সময়ত আবুৱে এই প্ৰকল্পটো স্থগিত ৰাখি ২২ ফিমেল কোট্টায়মৰ কাম আৰম্ভ কৰে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ '22 FK' opens to positive responses. IndiaGlitz
  2. ↑ (21 April 2012). '22 Female Kottayam' is a hit
  3. ↑ (22 February 2013). Celluloid clinches top honours at Kerala State Film Awards. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Nagarajan, Saraswathy. (2019-12-19). The 25 best Malayalam films of the decade: 'Premam', 'Maheshinte Prathikaram', 'Kumbalangi Nights' and more. The Hindu
  5. ↑ (10 April 2012). 22 Female Kottayam on April 13. Sify
  6. ↑ "Ashik to thrill audience"
  7. ↑ "Malayalam directors usher in a new cinematic language"

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰমালায়লম চলচ্চিত্ৰ২০১২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ ফিমেল কোট্টায়ম” প্ৰবন্ধৰ সংশোধন ৬৩৭৯০৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।