অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হেপ্পী বাৰ্থডে মাম্মীজী

হেপ্পী বাৰ্থডে মাম্মীজী হৈছে ২০২১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চুটি ছবি। শ্বেফালি শ্বাহে ছবিখনৰ কাহিনীটো লিখিছে। ছবিখনৰ পৰিচালনাও তেখেতেই কৰিছে। ইয়াৰ লগতে ছবিখনৰ মুখ্য একক চৰিত্ৰটোত তেখেতে অভিনয় কৰিছে। ছবিখন ছানচাইন পিকচাৰ্ছে প্ৰযোজনা কৰিছে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৪ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হেপ্পী বাৰ্থডে মাম্মীজী হৈছে ২০২১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চুটি ছবি। শ্বেফালি শ্বাহে ছবিখনৰ কাহিনীটো লিখিছে। ছবিখনৰ পৰিচালনাও তেখেতেই কৰিছে। ইয়াৰ লগতে ছবিখনৰ মুখ্য একক চৰিত্ৰটোত তেখেতে অভিনয় কৰিছে। ছবিখন ছানচাইন পিকচাৰ্ছে প্ৰযোজনা কৰিছে।

পটভূমি

চুটি ছবিখনত জন্মদিনৰ পাৰ্টি আয়োজন কৰা এগৰাকী মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁ এনে এগৰাকী মহিলা, যাক আত্মীয়-ঘনিষ্ঠৰ সৈতে থকা সম্পৰ্কৰ দ্বাৰা স্বীকৃতি দিয়া হয়। ভাৰতত কভিড-১৯ৰ লকডাউন চলি থকা সময়ত পৰিয়ালৰ পৰা বহু দূৰত অকলশৰীয়াকৈ এগৰাকী গৃহিণী থাকিবলগীয়া হয়। তেওঁ শাহুৱেকৰ বাবে এটা ছাৰপ্ৰাইজ বাৰ্থডে পাৰ্টিৰ আয়োজন কৰিছিল আৰু তাৰেই পৰিকল্পনাত সম্পূৰ্ণভাৱে সাজু হৈছিল। কিন্তু তেওঁ ভবামতে পাৰ্টিটো হৈ উঠিলনে? তেওঁৰ ওপৰত জোৰকৈ যি নিসংগতা জাপি দিয়া হৈছিল, সেই নিসংগতাক তেওঁ কিদৰে গ্ৰহণ কৰিলে? পৰিয়ালৰ বাকীসকলে তেওঁক কেনেদৰে মূল্য দিয়ে? তেওঁৰ স্বামীয়ে সেই সময়ত তেওঁৰ লগত কেনেধৰণৰ আচৰণ কৰিলে?-ছবিখনে কাহিনীটোৰ জৰিয়তে এনেধৰণৰ প্ৰশ্ন কিছুমানৰ অৱতাৰণা কৰিছে। ১

প্ৰযোজনা

২০২০ চনত শ্বাহে স্ব-অভিনেত্ৰী ক'ভিড-১৯ ভিত্তিক দুখন চুটি ছবি কৰে। এখন হৈছে ছামডে আৰু আনখন হৈছে হেপি বাৰ্থডে মাম্মীজী। দুয়োখন ছবিৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্ব তেওঁ নিজে লোৱাৰ সিদ্ধান্ত লয়।২৩ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা ছামডে'ত তেওঁ এগৰাকী ফ্ৰণ্টলাইন স্বাস্থ্যসেৱা কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে মহামাৰীৰ বাবে সাত দিনৰ কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ উভতি আহে আৰু আলঝেইমাৰ ৰোগত আক্ৰান্ত বৃদ্ধ মাতৃৰ সৈতে দুৱাৰেদি মত বিনিময় কৰি সময় অতিবাহিত কৰে।৪ শ্বাহে নিজৰ জীৱনৰ অভিজ্ঞতাৰ আধাৰত হেপি বাৰ্থডে মাম্মীজীৰ চিত্ৰনাট্য লিখিছিল আৰু বিশ্বাস কৰিছিল যে ইয়াত তেওঁৰ কেন্দ্ৰীয় চৰিত্ৰটোৱে "আমি জনা সকলো মহিলাক প্ৰতিনিধিত্ব কৰে।" ৩

বিষয়বস্তু

চুটি ছবিখনত এখন একক চৰিত্ৰৰ চলচ্চিত্ৰ।৫ চলচ্চিত্ৰখনে একাকিত্ব আৰু মহিলাৰ আকাংক্ষাৰ বিষয়বস্তুক উপস্থাপন কৰে। শ্বাহে ছবিখনৰ বিষয়ে কৈছিল: "মই বিশ্বাস কৰোঁ যে এইখন মোৰ জীৱনৰ কাহিনী। এইখন মোৰ বন্ধুবৰ্গৰ, মোৰ মাৰ কাহিনী। সম্ভৱতঃ এইয়া কোৱাৰ প্ৰয়োজনীয়তা আছে যে আমি সকলোবোৰ এৰি দি হতাশাৰ এটা বিন্দুত উপনীত হৈছোঁ।" ৬ আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বেফালি শ্বাহে কৈছিল, "লকডাউনৰ সময়ত আমাৰ প্ৰত্যেকেই ইজনে সিজনৰ প্ৰতি এনে এটা অৱস্থাত উপনীত হৈছিলোঁ যে এটা সময়ৰ পিছত আমি সকলোৱে কেৱল সকলো বস্তুৰ পৰা আঁতৰি গুচি আহিব বিচাৰিছিলোঁ। আমাৰ বাবে কোনো মানসিক স্থান নাছিল। আমাৰ এফালে আমাৰ ঘৰৰ পৰা কাম আছিল আৰু আনফালে আমাৰ পৰিয়ালৰ প্ৰতি পালন কৰিবলগীয়া কৰ্তব্য আছিল। আমাৰ হাতত সঁচাকৈয়ে উশাহ লোৱাৰ কোনো নাছিল। এই কাহিনীটো তাৰ পৰাই উদ্ভৱ হৈছে।" ৭

মুক্তি

'হেপ্পী বাৰ্থডে মাম্মীজী'ক ২০২১ চনৰ ২৩ জুলাইত ইউ টিউবযোগে মুক্তি দিয়া হৈছিল। ইউ টিউবৰ ৰয়েল ষ্টেগ বেৰেল চিলেক্ট লাৰ্জ শ্বৰ্ট ফিল্মছ নামৰ চেনেলটোত চুটি ছবিখনে মুক্তি লাভ কৰিছিল।৬

সঁহাৰি

সমালোচনাত্মক সঁহাৰি

ছবিখনে ইতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল। ছবিখনত শ্বেফালি শ্বাহে অভিনয় কৰা হস্তমৈথুনৰ দৃশ্য এটাৰ বাবে কিছু দৃষ্টি আকৰ্ষণ কৰিছিল।৮৯১০

তথ্যসূত্ৰ

  1. ↑ www.imdb.com/title/tt15097128/
  2. ↑ Shah, Shefali. (17 December 2020). Everything I consumed on screen as an escape from 2020 helped me evolve into a filmmaker, writes Shefali Shah. Firstpost
  3. ↑ Cyril, Grace. (23 July 2021). Shefali Shah says Happy Birthday Mummy Ji is inspired by her own life. Interview. India Today
  4. ↑ (21 June 2021). Wasn't sure if I had it in me to direct a film: Shefali Shah on 'Someday'. The New Indian Express
  5. ↑ Majumdar, Mayukh. (21 September 2021). We can pretend that women don't have sexual needs but they do - Shefali Shah. Filmfare
  6. ↑ Daliya, Ragini. (23 July 2021). Shefali Shah on her short film Happy Birthday Mummyji, turning director, and the plight of hands-on homemakers. Firstpost
  7. ↑ (21 September 2021). 'Someone asked me if I committed suicide': Shefali Shah on 'masturbation' scene in 'Happy Birthday Mummy Ji'. Free Press Journal
  8. ↑ Roy, Priyanka. (1 August 2021). 'This is what I've dreamt of'. The Telegraph
  9. ↑ (21 September 2021). 'Someone asked me if I committed suicide': Shefali Shah on 'masturbation' scene in 'Happy Birthday Mummy Ji'. Free Press Journal
  10. ↑ Parasuraman, Prathyush. (23 July 2021). Happy Birthday Mummy Ji Review: Shefali Shah's Directorial Debut Is Luxe Footage Papering Over A Thin, Barely Fleshed Idea. Film Companion

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেপ্পী বাৰ্থডে মাম্মীজী” প্ৰবন্ধৰ সংশোধন ৪১৪৭৬৬ (২৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।