অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হেলিকপ্টাৰ এলা

হেলিকপ্টাৰ এলা ( Helicopter Eela ) ২০১৮ চনৰ প্ৰদীপ সৰকাৰ পৰিচালিত, ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-নাট্যধৰ্মী ছবি। ইয়াত কাজলে এগৰাকী উচ্চাকাংক্ষী গায়িকা আৰু একক মাতৃ হেলিকপ্টাৰ অভিভাৱক হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰচনা মিতেশ শ্বাহ আৰু আনন্দ গান্ধীৰ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হেলিকপ্টাৰ এলা ( Helicopter Eela ) ২০১৮ চনৰ প্ৰদীপ সৰকাৰ পৰিচালিত, ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-নাট্যধৰ্মী ছবি।১ ইয়াত কাজলে এগৰাকী উচ্চাকাংক্ষী গায়িকা আৰু একক মাতৃ হেলিকপ্টাৰ অভিভাৱক হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰচনা মিতেশ শ্বাহ আৰু আনন্দ গান্ধীৰ। এইখন আনন্দ গান্ধীয়ে ৰচনা কৰা গুজৰাটী নাট বেটা কাগডোৰ আধাৰত নিৰ্মিত।২

ছবিখনৰ প্ৰি-প্ৰডাকচন ২০১৭ চনৰ জানুৱাৰী মাহৰ পৰা ৩ আৰু মূল চিত্ৰগ্ৰহণ ২০১৮ চনৰ ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হয়।৩ ২০১৮ চনৰ ১২ অক্টোবৰত ছবিখনে মুক্তি পাইছিল।৪

সংগীত

ছবিখনৰ আৱহ সংগীত আৰু দুটা গীতৰ সংগীত ৰচনা কৰিছে ডেনিয়েল বি.জৰ্জে আৰু অন্যান্য গীতৰ সুৰ কৰিছে অমিত ত্ৰিবেদী আৰু ৰাঘৱ সাচাৰে। গীতৰ কথা লিখিছে স্বানন্দ কিৰকিৰে, আছমা নবিল আৰু শ্যাম অনুৰাগীয়ে। প্ৰথম গীত "মুম্মা কি পাৰচাই" ২০১৮ চনৰ ১৩ আগষ্টত মুক্তি পায়।৫ দ্বিতীয়টো গীত "য়াদোঁ কি আলমাৰী" ২০১৮ চনৰ ২০ আগষ্টত মুক্তি পায়।৬ ১৯৯৪ চনৰ প্ৰথমে আলিছা চিনাইয়ে গোৱা আৰু অনু মালিকে সুৰ কৰা বিজয়পথ ছবিখনৰ "ৰুক ৰুক ৰুক আৰে বাবা ৰুক" গীতটো এই ছবিখনৰ বাবে ৰাঘৱ সাচাৰে পালমী ঘোষৰ কণ্ঠত পুনৰ সৃষ্টি কৰিছে।৭

তথ্যসূত্ৰ

  1. ↑ Pradeep Sarkar: Kajol takes a role and owns it. Mumbai Mirror
  2. ↑ Kajol back in the spotlight. Mumbai Mirror
  3. ↑ Kajol's next is adaptation of Anand Gandhi's Gujarati play 'Beta Kaagdo' | Hindi Movie News. Times of India
  4. ↑ Helicopter Eela trailer launch: Ajay Devgn explains the meaning of upcoming film's title. Firstpost
  5. ↑ Helicopter Eela: First look of new song 'Mumma Ki Parchai' depicts Kajol as an ever-nagging mother. Firstpost
  6. ↑ Helicopter Eela's 2nd song Yaadon Ki Almari is out!- Entertainment News, Mid Day. Mid Day
  7. ↑ (25 September 2018). Helicopter Eela song Ruk Ruk Ruk: Raghav Sachar and Kajol give their own twist to hit 90s song. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ২০১৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলিকপ্টাৰ এলা” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৭২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।