কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মুঞ্জা
হিন্দু আৰু জৈন পৰম্পৰাত এই মুণ্ডন অনুষ্ঠানত ল’ৰাৰ আনুষ্ঠানিক শিক্ষাত প্ৰৱেশ কৰা হয়, সাধাৰণতে সাত বছৰ বয়সত শৰীৰৰ চাৰিওফালে পবিত্ৰ সূতা আৰু কঁকালত মুঞ্জা ঘাঁহৰ ৰচী বান্ধি দিয়া হয়। মুঞ্জা ঘাঁহৰ ৰচী বা ধাগা পিন্ধিলে তেওঁক মুঞ্জা নামেৰে জনা যায়।
-
মুঞ্জ্যা (চলচ্চিত্ৰ)
মুঞ্জ্যা (Munjya) হৈছে আদিত্য সৰ্পোতদাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ কমেডী হ'ৰ'ৰ ছবি। এই ছবিখনত শৰ্ৱৰী, অভয় ভাৰ্মা, সত্যৰাজ আৰু মোনা সিং অভিনয় কৰিছে। শিৰোনাম চৰিত্ৰটো সম্পূৰ্ণৰূপে চিজিআই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল।
-
মুনেল (চলচ্চিত্ৰ)
মুনেল (மணல்) হৈছে ২০২৩ চনৰ শ্ৰীলংকাৰ তামিল ভাষাৰ নাট্য ছবি, যাৰ ৰচনা, পৰিচালক আৰু প্ৰযোজক আছিল বিছাকেছা চন্দ্ৰশেকাৰম। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৰটাৰডেমত প্ৰদৰ্শিত হোৱা ছবিখন সমালোচকৰ ইতিবাচক সমালোচনাৰ বাবে মুকলি হয়। ২০২৩ চনৰ ৩ নৱেম্বৰত শ্ৰীলংকাত চলচ্চিত্ৰখনে থিয়েটাৰত মুক্তি লাভ কৰে।
-
মুবাৰক বেগম (তৱাইফ)
মুবাকৰ বেগম (ইংৰাজী: Mubarak Begum) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলোনীৰ ত্ৰয়োদশগৰাকী পত্নী আছিল।
-
মুলান (১৯৯৮ চনৰ চলচ্চিত্ৰ)
মুলান (ইংৰাজী: Mulan) হ'ল ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী ফীচাৰ এনিমেচনৰ দ্বাৰা নিৰ্মিত এই ছবিখন চীনৰ কিংবদন্তি 'হুয়া মুলান'ৰ কাহিনীৰ ওপৰত আধাৰিত।
-
মৃণালমাহী
মৃণালমাহী হ'ল সত্যপ্ৰসাদ বৰুৱাৰ এখন উল্লেখযোগ্য সামাজিক মনস্তাত্ত্বিক নাটক। এই নাটকখন প্ৰকাশ হৈছিল ১৯৭৭ চনত।
-
মৃতকক দিয়া
মৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা। বিহু সংক্ৰান্তিত, খেতি বাতিৰ আৰম্ভণিত আৰু সামৰণিত, বেমাৰ আজাৰ,অপায়-অমংগল ইত্যাদি হলে মৃতকক দিয়াৰ নিয়ম পালন কৰা হয়। ঠেঙ্গাল কছাৰীসকলে প্ৰত্যেক বিহুত মৃতকক স্মৰণ কৰি পৰিয়ালটিৰ মঙ্গল কামনা কৰি মৃতকক দিয়ে।
-
মেছেনী নৃত্য
মেছেনী নৃত্য ( Mecheni Dance) হ’ল উত্তৰবঙ্গৰ ৰাজবংশী মহিলাসকলে পালন কৰা কেৱল মহিলাকেন্দ্ৰিক নৃত্য-গীতৰ অনুষ্ঠান৷ এই নৃত্যত সংযোজিত গীতৰ কথা গ্ৰাম্য লোকাচাৰকেন্দ্ৰিক৷ ই তিস্তাবুঢ়ীৰ ব্ৰত বা পূজা উপলক্ষে অনুষ্ঠিত কৰা হয়৷ বৰ্তমানৰ তিস্তা নৈখনেই অতীজৰ কৰতোয়া নৈ৷ পশ্চিমবঙ্গৰ জলপাইগুৰি, কোচবিহাৰ আৰু…
-
মেট গালা
মেট গালা (আনুষ্ঠানিকভাৱে কষ্টুম ইনষ্টিটিউট বেনিফিট বুলি কোৱা হয়) হৈছে মানহাটানৰ ফিফথ এভিনিউৰ মিউজিয়াম মাইলত থকা মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ কষ্টুম ইনষ্টিটিউটৰ সুবিধাৰ্থে অনুষ্ঠিত হোৱা বাৰ্ষিক ‘হ’ট ক্যুট’ ধন সংগ্ৰহ উৎসৱ।
-
মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)
মেটেৰিয়েলিষ্টছ (Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
মেট্ৰিক্স (সংগীত)
সংগীতত, বিশেষকৈ লোকসংগীত আৰু জনপ্ৰিয় সংগীতত, মেট্ৰিক্স (matrix) হৈছে সংগীতৰ বিভিন্ন ৰূপ বা বৈচিত্ৰ্যৰ এনে এক উপাদান যিটো পৰিৱৰ্তন নহয়। এই শব্দটো সংগীত সম্পৰ্কীয় লিখনী আৰু আৰ্থাৰ ক'ষ্টলাৰৰ দি এক্ট অফ ক্ৰিয়েচনৰ পৰা আহিছে, যিয়ে সৃজনশীলতাক দুটা ধাৰণা বা মেট্ৰিক্সৰ সংমিশ্ৰণ হিচাপে সংজ্ঞায়িত কৰিছে।
-
মেড ইন বাংলাদেশ (২০১৯ চলচ্চিত্ৰ)
মেড ইন বাংলাদেশ (বঙালী ভাষাত শিমু বুলিও জনা যায়; Made in Bangladesh ) ২০১৯ চনৰ ৰুবাইয়াত হোছেইনৰ পৰিচালনাত নিৰ্মিত এখন বাংলাদেশী নাট্যধৰ্মী ছবি। ২০১৯ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমকালীন বিশ্ব চলচ্চিত্ৰ বিভাগত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু ইয়াৰ পিছত বিএফআই লণ্ডন চলচ্চিত্ৰ মহোৎসৱ,…
-
মেথড অভিনয়
মেথড অভিনয় (Method acting) হৈছে অভিনয় প্ৰশিক্ষণ আৰু ৰিহাৰ্ছেল কৌশলৰ এক পৰিসৰ যিয়ে আন্তৰিক আৰু আবেগিকভাৱে অভিব্যক্তি প্ৰদৰ্শনক উৎসাহিত কৰিব বিচাৰে। ৰাছিয়ান অভিনেতা-পৰিচালক তথা নাট্যকৰ্মী কনষ্টানিন ষ্টেনিসলাভাস্কিয়ে তেওঁৰ ছাত্ৰসকলক অভিনয়ৰ কলা কৌশল শিকাবৰ বাবে মেথড অভিনয়ক প্ৰথমে ব্যৱহাৰ কৰিছিল।
-
মেধা যোধ
মেধা যোধ (ইংৰাজী: Medha Yodh; ৩১ জুলাই ১৯২৭ - ১১ জুলাই ২০০৭) এগৰাকী ভাৰতীয় আৰু ভাৰতীয় আমেৰিকান ভাৰতনাট্যম নৃত্যশিল্পী আৰু লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ধ্ৰুপদী ভাৰতীয় নৃত্যৰ শিক্ষক আছিল। তঞ্জোৰ বালাসৰস্বতীৰ শিষ্য হিচাপে তেওঁ গৰবাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।
-
মেৰী কম (চলচ্চিত্ৰ)
মেৰী কম (Mary Kom) ২০১৪ চনত মুক্তি পোৱা আৰু ভাৰতত নিৰ্মিত এখন হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়াবিষয়ক ছবি। ইপোনিমাছ বক্সাৰ মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক হৈছে ওমুং কুমাৰ। প্ৰযোজনা কৰিছে ভায়কম ১৮ মোচন পিকচাৰ্ছ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে।
-
মেৰু নৃত্য
মেৰু নৃত্য (pole dance) এটা উলম্ব মেৰুক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা নৃত্য আৰু এক্ৰোবেটিক। এই নৃত্য যদিও ক্লাবত প্ৰদৰ্শন কৰা কামুক নৃত্য হিচাপে বহুতে গন্য কৰে, ইয়াক শাৰীৰিক শক্তি আৰু সুস্থতাৰ এক মূলধাৰাৰ প্ৰকাৰ হিচাপেও লোৱা হয়। জিম আৰু নৃত্য ষ্টুডিঅ'ত ইয়াক শক্তি অনুশীলন হিচাপেও লোৱা হয়।
-
মেৰেংগে নৃত্য
মেৰেংগে (ইংৰাজী: Merengue) হ’ল ডমিনিকান সংগীত আৰু নৃত্যৰ এক শৈলী। মেৰেংগে ডমিনিকান প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় নৃত্য আৰু দেশখনৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ ক্ষেত্ৰতো ই অতি গুৰুত্বপূৰ্ণ। ই একপ্ৰকাৰৰ খোজ কাঢ়ি কৰা নৃত্য আৰু নৃত্যৰ অভিজ্ঞতা থকা বা নথকা সকলো ধৰণৰ লোকৰ বাবে ই সহজসাধ্য।
-
মোহিনিয়াত্তম (চলচ্চিত্ৰ)
মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।
-
মোৱাই
মোৱাই (/ˈmoʊ.aɪ/ MOH-eye; স্পেনিছ: moái; ৰাপা নুই: moʻai, আক্ষৰিক অৰ্থ 'মূৰ্তি') হৈছে ১২৫০ৰ পৰা ১৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত পূব পলিনেছিয়াৰ ৰাপা নুইত (ঈষ্টাৰ দ্বীপ) ৰাপা নুই জনগোষ্ঠীয়ে শিলৰ পৰা কাটি উলিওৱা একশিলাৰে গঠিত মনুষ্য মূৰ্তি।
-
মোৱানা ২
মোৱানা ২ (Moana 2) হ'ল ২০২৪ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০১৬ চনৰ 'মোৱানা'ৰ পৰৱৰ্তী খণ্ড। ছবিখন ডেভিদ ডেৰিক জুনিয়ৰ, জেচন হেণ্ড আৰু ডানা লেডক্স মিলাৰৰদ্বাৰা পৰিচালিত আৰু মিলাৰ আৰু জাৰেড বুশৰদ্বাৰা লিখিত।
-
মৌনী অমাৱস্যা
মৌনী অমাৱস্যা (Mauni Amavasya) হৈছে হিন্দু ধৰ্মীয় অনুশীলনত পূৰ্বপুৰুষ বা পূৰ্বপুৰুষক সন্মান জনোৱাৰ বাবে পালন কৰা এক ঐশ্বৰিক অনুষ্ঠান। সংস্কৃতত মৌনী শব্দৰ অৰ্থ হৈছে মৌনতা, সেয়েহে দিনটো মৌনতাৰে পাৰ কৰা হয় আৰু এই দিনটোত বহুতো ধৰ্মীয় ৰীতি-নীতি কৰা হয়।
-
মৰিচ নৃত্য
মৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত্যশিল্পীৰ দলৰ ছন্দোবদ্ধ পদক্ষেপৰ জৰিয়তে এই নৃত্য প্ৰদৰ্শিত হয়। তেওঁলোকৰ সৈতে সঙ্গীত দিবলৈ থাকে এক দল বাদ্যযন্ত্ৰবাদক বা কোনো একক সঙ্গীতশিল্পী।
-
মৰিয়নেছ উৎসৱ
মৰিয়নেছ উৎসৱ (Moriones Festival) হৈছে ফিলিপাইনছৰ মেৰিণ্ডুক দ্বীপত প্ৰতি বছৰে পবিত্ৰ সপ্তাহ বা গ্ৰেট উইকত অনুষ্ঠিত হোৱা লেণ্টেন আৰু ধৰ্মীয় উৎসৱ। ফিলিপাইনছৰ স্থানীয় লোকে ব্যাখ্যা কৰা মতে "মৰিয়ানছ" হৈছে বাইবেলৰ ইম্পেৰিয়েল ৰোমান সৈন্য সকলে পৰিধান কৰা সাজ-পোছাকৰ প্ৰতিলিপি আৰু মুখা পিন্ধা…
-
য়াছমিন লী
য়াছমিন লী এগৰাকী কম্বোডিয়ান আমেৰিকান ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু এগৰাকী মডেল। তেওঁ দ্য হেংগ’ভাৰ পাৰ্ট টু চলচ্চিত্ৰত 'কিম্মী' ৰূপে অভিনয় কৰিছিল।
-
য়াদৱী - দ্য ডিগ্নিফাইড প্ৰিন্সেছ
য়াদৱী– দ্য ডিগ্নিফাইড প্ৰিন্সেছ'(Yadvi – The Dignified Princess) হৈছে জ্যোতি সিঙৰদ্বাৰা প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় ইংৰাজী চলচ্চিত্ৰ। ছবিখনত চন্দ্ৰচূড় সিং আৰু জনপ্ৰিয় ভাৰতীয় দূৰদৰ্শন অভিনেতা বিভু ৰাঘৱে অভিনয় কৰিছে।
-
য়োমাৰী পুন্হী
য়োমাৰী পুন্হী (Yomari Punhi) হৈছে শস্য (ধান) চপোৱাৰ অন্ত পৰাৰ উপলক্ষে নেৱাৰী জনগোষ্ঠীৰ লোকসকলে পালন কৰা এটি উৎসৱ। ইংৰাজী বৰ্ষপঞ্জীৰ নৱেম্বৰ/ডিচেম্বৰ মাহত আৰু চান্দ্ৰ নেপাল সংবৎ-ৰ দ্বিতীয় মাহ থিংলাৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়।
-
য়ৱনিকা
য়ৱনিকা(Yavanika) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত কে. জি. জৰ্জে লিখা আৰু পৰিচালনা কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্য-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপী, মম্মুটি, নেডুমুডি বেণু আৰু জালাজাই। য়ৱনিকা কে. জি. জৰ্জৰ অন্যতম সমাদৃত চলচ্চিত্ৰ হিচাপে পৰিগণিত।
-
যামিনী ৰায় সংগ্ৰহালয়
যামিনী ৰায় সংগ্ৰহালয় ( The Jamini Roy Museum) শিল্পী যামিনী ৰায়ৰ পূৰ্বৰ বাসগৃহত অৱস্থিত এটা পৰিকল্পিত সংগ্ৰহালয়। ২০২৩ চনৰ আৰম্ভণিতে DAG-এ (পূৰ্বতে দিল্লী আৰ্ট গেলেৰী) ৰায়ৰ কলকাতাৰ বালিগঞ্জত অৱস্থিত, ৭৫ বছৰ পুৰণি বাসগৃহ অধিগ্ৰহণ কৰে।
-
যোগেশ দত্ত
যোগেশ দত্ত (জন্ম ১৯৩৫) এগৰাকী ভাৰতীয় মূকাভিনয় (মাইম) শিল্পী। পঞ্চাশ বছৰতকৈ অধিক সময় ধৰি তেওঁ ভাৰতত মূকাভিনয় কলাৰ অগ্ৰদূত হিচাপে পৰিগণিত হয়।
-
লংকাৰাম’
লংকাৰাম’ শ্ৰীলংকাৰ প্ৰাচীন ৰাজ্য অনুৰাধাপুৰৰ গলহেবাকড়াৰ প্ৰাচীন স্থানত ৰজা ৱালাগম্বাই নিৰ্মাণ কৰা এটা স্তুপ। স্তুপৰ প্ৰাচীন ৰূপৰ বিষয়ে একো জনা নাযায়, পিছলৈ এই স্তুপৰ সংস্কাৰ কৰা হয়।