মেৰু নৃত্য (pole dance) এটা উলম্ব মেৰুক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা নৃত্য আৰু এক্ৰোবেটিক। এই নৃত্য যদিও ক্লাবত প্ৰদৰ্শন কৰা কামুক নৃত্য হিচাপে বহুতে গন্য কৰে, ইয়াক শাৰীৰিক শক্তি আৰু সুস্থতাৰ এক মূলধাৰাৰ প্ৰকাৰ হিচাপেও লোৱা হয়। জিম আৰু নৃত্য ষ্টুডিঅ'ত ইয়াক শক্তি অনুশীলন হিচাপেও লোৱা হয়। ১ মেৰু নৃত্যৰ উৎসাহী সকল সকলো বয়সৰ। যদিও এই নৃত্য আৰু এক্ৰোবেটিক প্ৰদৰ্শন কৰা বেছিভাগেই প্ৰাপ্তবয়স্ক, ই সৰু ল'ৰা-ছোৱালীক প্ৰতিযোগিতাত শিকা আৰু প্ৰদৰ্শন কৰাত বাধা নিদিয়ে। ২বিশ্বৰ বিভিন্ন দেশত শৌখিন আৰু পেছাদাৰী মেৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিকালি, মেৰু প্ৰদৰ্শনত, নৃত্যশিল্পীসকলে নাইট ক্লাবত প্ৰাথমিক ঘূৰ্ণন আৰু ষ্ট্ৰিপটিজৰ পৰা এথলেটিক নৃত্যলৈকে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। কিছুমান ঠাই যেনে লাছ ভেগাছ আৰু মিয়ামিৰ "মঞ্চ গধুৰ" ক্লাববোৰত মেৰু নৃত্য প্ৰদৰ্শন সাধাৰণতে নিয়মীয়াকৈ দেখা যায়। উদাহৰণ স্বৰূপে,কিং অফ ডায়মণ্ড আৰু নৃত্যশিল্পী ৰেমি ৰেড্ড,ওলোটাকৈ চিলিংৰ পৰা ওলমি থকাৰ বাবে বিখ্যাত।৩ মেৰু নৃত্যৰ বাবে বৃহৎ পৰিমাণৰ শক্তি আৰু নমনীয়তাৰ প্ৰয়োজন।৪এই দক্ষতা প্ৰাপ্ত কৰিবলৈ শৰীৰৰ ওপৰ অংশ আৰু মূল অংশৰ শক্তিৰ প্ৰয়োজন। ইয়াৰ উপৰিও সঠিক নিৰ্দেশনাৰ লগতে কঠোৰ প্ৰশিক্ষণৰ প্ৰয়োজন।৫৬ ২০০০ চনৰ মাজভাগৰ পৰা এই মেৰু নৃত্য প্ৰতিযোগিতাৰ প্ৰচাৰকসকলে মেৰু নৃত্যৰ বিষয়ে মানুহৰ ধাৰণা সলনি কৰিবলৈ চেষ্টা কৰি আহিছে যাতে মেৰু নৃত্যক আৰু এক্ৰোবেটিকছক এক অ-যৌন ৰূপ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। মেৰু ক্ৰীড়া হিচাপে মেৰুক অলিম্পিকলৈ স্থানান্তৰ কৰিবলৈও চেষ্টা চলি আহিছে। মেৰু নৃত্যক এক প্ৰকাৰৰ ব্যায়াম হিচাপেও গণ্য কৰা হয়।৭ যাক এৰোবিক ব্যায়াম আৰু এনাৰোবিক ব্যায়াম দুয়োটা হিচাপে ব্যৱহাৰ কৰিব পাৰি। মেৰু নৃত্যক স্বীকৃত দিয়া বিদ্যালয় আৰু অৰ্হতা এতিয়া সচৰাচৰ বহুতঠাইত দেখা যায়।৮
ইতিহাস


ক্ৰীড়া আৰু ব্যায়ামৰ বাবে মেৰুৰ ব্যৱহাৰ অতি কমেও 800 বছৰ পুৰণি পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া যাক মাল্লাখাম্ব বোলা হয়। মাল্লাখাম্বৰ মেৰু আধুনিক মানৰ মেৰুতকৈ বহল আৰু কাঠৰ। মেৰুৰ সৈতে ব্যায়াম বা নৃত্য কৰি সহনশীলতা আৰু শক্তি অনুশিলন কৰা হয়। দ্বাদশ শতিকাৰ চীনা নৃত্যশিল্পীসকলে দুটা মেৰু ব্যৱহাৰ কৰে যাৰ ওপৰত পুৰুষসকলে "মাধ্যাকৰ্ষণ-বিৰোধী কৌশল" প্ৰদৰ্শন কৰি তেওঁলোকে মেৰুৰ পৰা মেৰুলৈ প্ৰায় বিশ ফুট বতাহত জাপ মাৰে।৯ আমেৰিকাত পোল ডান্সৰ শিপা ১৮৯০-ৰ দশকৰ "লিটল ইজিপ্ত" ভ্ৰমণকাৰী চাইডশ্ব'ত আছে, য'ত কামুক "কৌটা কৌটা" বা "হুচি কুচি" বেলি নৃত্য প্ৰদৰ্শিত হৈছিল ১০ যʼত বেছিভাগ ঘাৱাজি নৃত্যশিল্পীয়ে আমেৰিকাত তেওঁলোকৰ প্ৰথম উপস্থিতি প্ৰদৰ্শন কৰিছিল।১১ এনে এক যুগত য'ত মহিলাসকলে বিনম্ৰ পোছাক পিন্ধিছিল, চুটি স্কাৰ্ট পিন্ধি আৰু গহনাত সমৃদ্ধভাৱে সজ্জিত নৃত্যশিল্পীসকলে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। ১২১৩ ১৯২০ৰ দশকত, নৃত্যশিল্পীসকলে কাঠৰ তম্বুৰ খুটাবোৰত কামুকভাৱে নৃত্যৰ ছন্দেৰে ঘূৰি ফুৰি ভিৰ আকৰ্ষণ কৰিছিল।১৪ ১৯৫০ ৰ দশকত ৰক এণ্ড ৰোল আক্ৰমণত ১৯৫৭ চনত এলভিছ প্ৰেছলীৰ "জেইলহাউচ ৰক" চলচ্চিত্ৰ আৰু ভিডিঅ'ত মেৰু নৃত্যৰ বহুলভাৱে দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। ভিডিঅ'টোত প্ৰেছলীৰ বিখ্যাত জাইৰেটিং কঁকালৰ লগতে বিভিন্ন ধৰণৰ মেৰু নৃত্যৰ ৰচনা প্ৰদৰ্শন হৈছিল।১৫ অৱশেষত, মেৰু নৃত্য তম্বুৰ পৰা বাৰলৈ স্থানান্তৰিত হ'ল। 1980-ৰ দশকৰ পৰা, মেৰু নৃত্য বা পোল ডান্সিংয়ে প্ৰথমে কানাডাত আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত ষ্ট্ৰিপটিজ ৰুটিনত আৰোহণ, ঘূৰ্ণন আৰু বিপৰীতকৰণৰ দৰে এথলেটিক পদক্ষেপ অন্তৰ্ভুক্ত হʼল। ১৯৯০ ৰ দশকত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছলৈ স্থানান্তৰিত হোৱা কানাডিয়ান ফনিয়া মণ্ডেয়ে পোল ডান্সিং কলা হিচাপে শিকোৱা আৰম্ভ কৰে। তেওঁক পৃথিৱীৰ প্ৰথম মেৰু নৃত্য প্ৰশিক্ষক হিচাপে জনা যায়।১৬তেতিয়াৰ পৰা, পোল ডান্সিং শ্ৰেণীবোৰ মনোৰঞ্জনমূলক আৰু প্ৰতিযোগিতামূলক খেলৰ এক জনপ্ৰিয় প্ৰকাৰ হৈ পৰিছে, বিভিন্ন যৌন, অ-যৌন আৰু এথলেটিক পৰিৱেশত অনুশীলন আৰু প্ৰদৰ্শন কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Holland, Samantha. (2010). Pole Dancing, Empowerment, and Embodiment. Palgrave Macmillan
- ↑ (2016-02-28). Children's pole dancing classes defended as 'not sexual'. BBC News
- ↑ MiamiNewTimesLLC. (9 August 2012). Remy Redd Amazing King Of Diamonds Stripper Pole Dance
- ↑ Pole dance requirements Wendiegoneferal.com
- ↑ Karen Given. (2 April 2010). Pole Dancing Is Empowering Performance Art. wbur.org
- ↑ (31 January 2012). Chinese dreamer swaps army for pole-dancing. BBC News
- ↑ dancing: It's not just for strippers anymore ABC News
- ↑ Cambridge University society offers pole dancing tuition Google.com
- ↑ (29 January 2020). History of Pole Dance: From 12th Century to Nowadays. Dance Bible
- ↑ Brown, Peter. (4 July 2016). The "Kouta-Kouta" and the "Coochie-Coochie - a History and Etymology of the "Hoochie Coochie" Dance
- ↑ Stencell. (1999). Girl Show: Into the Canvas World of Bump and Grind. ECW Press. পৃ. 5–12. ISBN 9781550223712
- ↑ Nicholas. (2015). The Modern Girl: Feminine Modernities, the Body, and Commodities in the 1920s. University of Toronto Press, 2015. পৃ. 126. ISBN 978-1442626041
- ↑ Harper, Michelle. (4 May 2012). Hoochie Coochie: The Lure of the Forbidden Belly Dance in Victorian America. Readex
- ↑ Griffiths, Kerry. (19 November 2015). Femininity, Feminism and Recreational Pole Dancing. ISBN 9781317649175
- ↑ Jailhouse Rock, MGM, 1957 film
- ↑ Pole Fitness Studio — About Fawnia and Pole Fitness Studio. Pole Fitness Studio
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰু নৃত্য” প্ৰবন্ধৰ সংশোধন ৪২০২২৪ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।