মেড ইন বাংলাদেশ (বঙালী ভাষাত শিমু বুলিও জনা যায়; Made in Bangladesh ) ২০১৯ চনৰ ৰুবাইয়াত হোছেইনৰ পৰিচালনাত নিৰ্মিত এখন বাংলাদেশী নাট্যধৰ্মী ছবি। ১ ২০১৯ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২ সমকালীন বিশ্ব চলচ্চিত্ৰ বিভাগত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু ইয়াৰ পিছত বিএফআই লণ্ডন চলচ্চিত্ৰ মহোৎসৱ, ৩ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱ[5] আৰু অন্যান্য প্ৰধান উৎসৱত অংশ লয়। পিৰামিড ফিল্মছৰ দ্বাৰা বিতৰণ কৰা এই ছবিখন ২০১৯ চনৰ ৪ ডিচেম্বৰত ফ্ৰান্সত বহল পৰিসৰত মুক্তি পায়। আমেৰিকা, কানাডা, ডেনমাৰ্ক, পৰ্তুগাল, জাৰ্মানী, চীন, মেক্সিকো, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, তুৰস্ক, বাংলাদেশ আৰু জাপানকে ধৰি বিশ্বজুৰি মুক্তি পোৱা মেড ইন বাংলাদেশ কেইবামাহো চলচ্চিত্ৰ গৃহসমূহত চলি থাকে। ৪
মেড ইন বাংলাদেশে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীকে ধৰি চাৰিটা শাখাত বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
সমালোচনাত্মক সঁহাৰি
টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (TIFF) ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।[3] টিআইএফএফৰ আৰ্টিষ্টিক ডিৰেক্টৰ কেমেৰন বেইলীয়ে ছবিখনৰ মূল চৰিত্ৰটোক "এইজনীয়ে নৰ্মা ৰে ( Norma Rae) যাক এতিয়া আমাৰ প্ৰয়োজন" বুলি উল্লেখ কৰিছিল। চিনেমা স্কোপৰ বাবে লিখা ডানা ৰেইনোছে ছবিখনক "অতিশয় বিৰোধিতাৰ সন্মুখত নাৰীবাদী ঐক্যৰ দৃষ্টিভংগী" বুলি বৰ্ণনা কৰাৰ বিপৰীতে দ্য হলিউড ৰিপ'ৰ্টাৰৰ জৰ্ডান মিণ্টজাৰে ইয়াক "সামাজিক বিদ্ৰোহৰ এক গম্ভীৰ, কিন্তু কেতিয়াবা যোজনাবদ্ধ চিত্ৰায়ণ" বুলি অভিহিত কৰে। ৫
তথ্যসূত্ৰ
- ↑ Factory Drama Made in Bangladesh Picked Up by Pyramide. Variety
- ↑ Made in Bangladesh. TIFF
- ↑ BFI London Film Festival
- ↑ Raihan, Siam. (14 December 2019). Made in Bangladesh hits theatres across Europe. Dhaka Tribune
- ↑ 'Made in Bangladesh': Film Review TIFF 2019. The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেড ইন বাংলাদেশ (২০১৯ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৬৪ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।