অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

য়ৱনিকা

য়ৱনিকা(Yavanika) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত কে. জি. জৰ্জে লিখা আৰু পৰিচালনা কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্য-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপী, মম্মুটি, নেডুমুডি বেণু আৰু জালাজাই। য়ৱনিকা কে. জি. জৰ্জৰ অন্যতম সমাদৃত চলচ্চিত্ৰ হিচাপে পৰিগণিত।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৩২৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

য়ৱনিকা(Yavanika) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত কে. জি. জৰ্জে লিখা আৰু পৰিচালনা কৰা এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰহস্য-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপী, মম্মুটি, নেডুমুডি বেণু আৰু জালাজাই।১২৩ য়ৱনিকা কে. জি. জৰ্জৰ অন্যতম সমাদৃত চলচ্চিত্ৰ হিচাপে পৰিগণিত। মুক্তিৰ পিছত ছবিখনে সমালোচকসকলৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছিল আৰু ৪৫ আজিও বহু চলচ্চিত্ৰ সমালোচকৰ দৃষ্টিত ই মালয়ালম চলচ্চিত্ৰৰ এক অনন্য কীৰ্তি তথা এখন কালজয়ী শিল্পকৰ্ম হিচাপে স্বীকৃত।৬৭৮

অভিনয়ত

ভাৰত গোপী — অয়্যাপ্পন; এজন তবলা-বাদক আৰু মদপী।

নেদুমুডি ভেনু — বালাগোপালন।

জলজা — ৰোহিণী; নাটকসমূহৰ নিয়মীয়া মুখ্য মহিলা চৰিত্ৰ।

থিলকন — ভাক্কাচন; সমালোচকৰ দ্বাৰা সমাদৃত এজন নাট্য পৰিচালক।

মম্মুট্টী — চি.আই. জেকব ইৰালী; তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়া।

ভেনু নাগাভল্লী — জোচেফ কল্লাপল্লী।

জগতি শ্ৰীকুমাৰ — ৱৰুণন।

বিজয়ৱাণী — মলী; জেকব ইৰালীৰ পত্নী।

থোডুপুঝা বাসন্তী — ৰাজাম্মা।

শ্ৰীনিবাসন — চেল্লাপ্পন।

অশোকন — বিষ্ণু; অয়্যাপ্পনৰ পুত্ৰ।

মোহন জ'জ — ডেনী।

কুট্টিয়েডাথি বিলাসিনী — অম্মিণী

প্ৰযোজনা

বিকাশ

ছবিখনত 'ৰাছোমন ইফেক্ট' (Rashomon Effect) নামৰ এক বিশেষ কথন-কৌশল ব্যৱহাৰ কৰা হৈছে। এই কৌশলত একেটা ঘটনাৰ বিষয়ে বিভিন্ন চৰিত্ৰই নিজৰ নিজৰ দৃষ্টিভংগীৰে বৰ্ণনা কৰে, যিবোৰ বহু ক্ষেত্ৰত পৰস্পৰবিৰোধী বা অসামঞ্জস্যপূৰ্ণ হয়। ফলত, ঘটনাটোৰ প্ৰকৃত সত্য ধীৰে ধীৰে দৰ্শকৰ সন্মুখত উন্মোচিত হয়।

ছবিখনৰ বিকাশৰ বিষয়ে কে. জি. জৰ্জে কৈছিল: "সেই সময়ত মই মাদ্ৰাজত আছিলোঁ, তেতিয়াই প্ৰযোজক হেনৰীৰ পৰা এটা ফোন আহিছিল। তেওঁ ক'লে যে তেওঁ মোৰ সৈতে এখন মালয়ালম ছবি নিৰ্মাণ কৰিব বিচাৰে আৰু সুধিলে যে মোৰ হাতত কোনো বিষয়বস্তু আছে নেকি। তাৰ পিছত তাজ কন্নেমাৰা হোটেলত আমাৰ এখন বৈঠক হয়। তাত মই তেওঁক দুটা কাহিনীৰ কথা কওঁ—এখন আছিল আদামিন্টে ভাৰিয়েল্লু (Adaminte Variyellu) আৰু আনখন য়ৱনিকা। হেনৰীয়ে য়ৱনিকাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱায় আৰু ছবিখন নিৰ্মাণৰ বাবে সেউজ সংকেত দিয়ে।"৪

ফিল্মিং

ছবিখনৰ সমগ্ৰ দৃশ্যগ্ৰহণ তিৰুৱনন্তপুৰমৰ ভাট্টিয়ূৰক্কাভু উপনগৰ অঞ্চলত সম্পন্ন কৰা হৈছিল।৪

মুক্তি আৰু সমাদৰ

য়ৱনিকা ছবিখন প্ৰথমে চাৰিখন চিনেমা হলত মুক্তি দিয়া হৈছিল। মুক্তিৰ প্ৰথম সপ্তাহত দৰ্শকৰ সঁহাৰি মধ্যমীয়া আছিল যদিও, পিছলৈ মুখে-মুখে প্ৰচাৰৰ ফলত ছবিখনৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু ই একে সময়তে ব্যৱসায়িকভাৱে সফল আৰু সমালোচকৰ প্ৰশংসিত চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়। ৪৮৯ ছবিখন প্ৰেম নজীৰ অভিনীত Ivan Oru Simham (১৯৮২)-ৰ সৈতে একেলগে মুক্তি পাইছিল। কিন্তু পিছলৈ যৱনিকাই বক্স অফিচত সেই ছবিকো অতিক্ৰম কৰি অধিক আয় কৰিবলৈ সক্ষম হৈছিল।১০ বিশিষ্ট চলচ্চিত্ৰ সমালোচক কোজিক্কোডন-এ যৱনিকাক সৰ্বকালৰ দহখন শ্ৰেষ্ঠ মালয়ালম চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।১১ The Cue আলোচনীৰ সমালোচক প্ৰেমলালৰ মতে, যৱনিকাই মূলধাৰাৰ (Mainstream) চলচ্চিত্ৰৰ বৈশিষ্ট্যসমূহ অক্ষুণ্ণ ৰাখিয়েই বিষয়বস্তু আৰু চৰিত্ৰসমূহক অধিক জটিলতা, দাৰ্শনিকতা আৰু মনস্তাত্ত্বিক গভীৰতাৰে উপস্থাপন কৰাৰ এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছিল।৬

সন্মান

যৱনিকা ছবিখনে ১৯৮২ চনৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত মুঠ তিনিটা বঁটা লাভ কৰিছিল—

শ্ৰেষ্ঠ চলচ্চিত্ৰ — ভাৰাথন পৰিচালিত মৰ্মৰম (১৯৮২)-ৰ সৈতে যৌথভাৱে।

শ্ৰেষ্ঠ চিত্ৰনাট্য — এছ. এল. পুৰম সদানন্দন আৰু কে. জি. জৰ্জ।

দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা — থিলকন।

ইয়াৰ উপৰি, যৱনিকাই ১৯৮২ চনৰ কেৰালা ফিল্ম ক্ৰিটিকছ এছ'চিয়েশ্যন বঁটাতো এক সন্মান লাভ কৰে—

দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা — মাম্মুট্টী।১২:১৩

তথ্যসূত্ৰ

  1. ↑ Yavanika. www.malayalachalachithram.com
  2. ↑ Yavanika. spicyonion.com
  3. ↑ Malayalam's Big M: Mammootty Turns 63. NDTV
  4. ↑ K. Pradeep. (19 November 2007). A classic called Yavanika. দ্য হিন্দু
  5. ↑ Suresh, Anandu. (2023-09-27). The anatomy of KG George's Yavanika: One of India's finest mystery thrillers. The Indian Express
  6. ↑ പ്രേംലാല്‍. (10 May 2022). ജീവിതത്തിൻ്റെ അദൃശ്യ യവനികകൾ. The Cue
  7. ↑ A filmmaker who understood the craft's aesthetics; adieu auteur: Remembering K G George. New Indian Express
  8. ↑ (29 April 2017). A landmark in Malayalam film history. দ্য হিন্দু
  9. ↑ (26 March 2016). മലയാള സിനിമയിലെ കരുത്തനായ പോലീസ് ഓഫീസര്, അതിശയിപ്പിച്ച എട്ട് വേഷങ്ങള്!!. Filmibeat
  10. ↑ (31 March 2010). ജീവിതമെന്ന അസംബന്ധനാടകം. Janayugom
  11. ↑ Kozhikodan. (2001). മലയാള സിനിമയിലെ എക്കാലത്തെയും മികച്ച പത്ത് ചിത്രങ്ങൾ (Malayala Cinemayile Ekkalatheyum Mikacha Pathu Chithrangal: 10 Best Films of All Time in Malayalam Cinema). Poorna Publications
  12. ↑ Kerala State Film Awards (1969 - 2012)
  13. ↑ (2017-06-15). Yavanika: One of the greatest mystery thrillers ever. Entertainment

সম্পৰ্কিত শ্ৰেণী

মালায়ালাম ছবিকেৰালা সংস্কৃতি মাহ, ২০২৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ৱনিকা” প্ৰবন্ধৰ সংশোধন ৬২৫৭১৩ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।