মুবাকৰ বেগম (ইংৰাজী ভাষা: Mubarak Begum) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল সাম্ৰাজ্য দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলোনীৰ ত্ৰয়োদশগৰাকী পত্নী আছিল।১
প্ৰাৰম্ভিক জীৱন
এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা মুবাকৰ বেগমে পোনপ্ৰথমে পুনেত এগৰাকী নাচনী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। বেগম এগৰাকী তৱাইফ হৈ পৰিছিল আৰু তেওঁ কেইবাটাও কবিতাৰ মজলিচৰ আয়োজন কৰিছিল। তেওঁৰ অতিথিৰ তালিকাত প্ৰখ্যাত কবি মিৰ্জা গালিবো আছিল।২ ছাৰ ডেভিদে আৰম্ভণিতে তেওঁক উপপত্নী হিচাপে ৰাখিছিল আৰু কেইবছৰমানৰ পিছত বিবাহপাশত আৱদ্ধ হৈছিল। মুবাকৰ বেগমে তেওঁৰ স্বামীৰ দৰবাৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি কোৱা হয়।৩
অক্টাৰলোনীৰ প্ৰিয় পত্নী হিচাপে জনাজাত বেগমে তেওঁৰ কনিষ্ঠ সন্তানদ্বয়ৰ (দুয়ো গৰাকী কন্যা) মাতৃ আছিল। তেওঁক "জেনেৰেলী বেগম" নামেৰেও জনা গৈছিল আৰু সেইবাবেই ঘৰৰ বাকী সদস্যসকলৰ তুলনাত তেওঁ অধিক মৰ্যাদা লাভ কৰিছিল।৪
বেগমে এগৰাকী ধৰ্মপ্ৰাণ মুছলমান মহিলা আছিল আৰু এবাৰ হজ কৰিবলৈকো অনুমতি বিচাৰিছিল। তেওঁ নিজৰ ঘৰত সংগীতৰ মজলিচ আয়োজন কৰিছিল আৰু ভাৰতীয় সংগীতৰ ‘মেহফিল’ৰ মৰ্যাদা ৰক্ষা কৰিছিল। ইয়াৰ উপৰিও তেওঁ সুগন্ধি দ্ৰব্য আৰু ‘আত্তৰ’ প্ৰস্তুত কৰিব পাৰিছিল।
উৰ্দু আৰু পাৰ্চী কবিতাৰ প্ৰতি থকা অগাধ চখৰ বাবে তেওঁ দিল্লী কলেজৰ চোতালত অনুষ্ঠিত হোৱা ‘মুশ্বাইৰা’বোৰত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল।৩ মোগল ৰাজকুমাৰ মিৰ্জা ফাৰহাতুল্লাহ বেইগে তেওঁৰ ঘৰতে এটি কবিতা সন্মিলন পাতিছিল।৫
অক্টাৰলোনীতকৈ বহু কম বয়সীয়া হ’লেও তেওঁলোকৰ সম্পৰ্কত বেগমৰে আধিপত্য বেছি আছিল। এজন পৰ্যবেক্ষকে মন্তব্য কৰিছিল যে "ছাৰ ডেভিদক দিল্লীৰ কমিচনাৰ কৰাটো আৰু জেনেৰেলী বেগমক কমিচনাৰ কৰাটো একেই কথা"। তেওঁৰ প্ৰভাৱৰ বাবেই অক্টাৰলোনীয়ে নিজৰ সন্তানক মুছলমান হিচাপে ডাঙৰ-দীঘল কৰাৰ কথা ভাবিছিল। বেগমৰ তত্বাৱধানত ডাঙৰ হোৱা এজনী ছোৱালীয়ে প্ৰখ্যাত উৰ্দু কবি মিৰ্জা গালিবৰ ভতিজাকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৬
বেগমে নিজৰ এক স্বতন্ত্ৰ ক্ষমতা গঢ়ি তুলিছিল আৰু এক স্বতন্ত্ৰ বৈদেশিক নীতিও অনুসৰণ কৰিছিল। ৰাজদূতসকলৰ সৈতে তেওঁৰ লেনদেন আৰু উপহাৰ আদান-প্ৰদানৰ বাতৰি সেই সময়ৰ দিল্লীৰ বাতৰি কাকতবোৰত প্ৰকাশ পাইছিল।৭
অৱশ্যে ইমান ক্ষমতা আৰু মৰ্যাদাৰ পিছতো বেগম ব্ৰিটিছ আৰু মোগল উভয়ৰে মাজত জনপ্ৰিয় নাছিল। নিজকে "লেডী অক্টাৰলোনী" বুলি মাতি তেওঁ ব্ৰিটিছসকলক অসন্তুষ্ট কৰিছিল আৰু একে সময়তে নিজকে "কুডচিয়া বেগম" (যিটো উপাধি আগতে কেৱল সম্ৰাটৰ মাকৰ বাবেহে সংৰক্ষিত আছিল) উপাধি দি মোগলসকলকো অপমান কৰিছিল। অক্টাৰলোনীৰ মৃত্যুৰ পিছত তেওঁ পুৰণি দিল্লীৰ উত্তৰ দিশত নিৰ্মাণ কৰা ‘মুবাকৰ বাগ’ৰ উত্তৰাধিকাৰী লাভ কৰে। তেওঁৰ নাচনী পটভূমি আৰু অজনপ্ৰিয়তাৰ বাবে কোনো মোগল সম্ভ্ৰান্ত ব্যক্তিয়ে তেওঁৰ নিৰ্মিত স্থাপত্য ব্যৱহাৰ কৰিব নিবিচাৰিছিল। আজিও পুৰণি চহৰৰ স্থানীয় বাসিন্দাসকলে তেওঁৰ মছজিদটোক "ৰাণ্ডী কি মছজিদ" বুলিহে কয়।৮
মছজিদ
ডেভিদ অক্টাৰলোনীয়ে তেওঁৰ সন্মানত এটা মছজিদ নিৰ্মাণ কৰিছিল, যাক অনানুষ্ঠানিকভাৱে ‘ৰাণ্ডী কি মছজিদ’ বুলি জনা যায়।৯ ১৮৭৮ চনত তেওঁৰ মৃত্যুৰ পিছত মছজিদটো ব্ৰিটিছ চৰকাৰে হস্তগত কৰে। এই মছজিদটো মধ্যযুগীয় ভাৰতত মহিলাৰ দ্বাৰা নিৰ্মিত তিনিটা মছজিদৰ ভিতৰত অন্যতম।১০
তথ্যসূত্ৰ
- ↑ Tawaifs of Delhi: a tale told and untold City Spidey 9 June 2022
- ↑ Hazra, Saonli. (29 September 2019). Courtesan Contribution To Hindustani Classical Music—Lesser Told Histories. Feminism in India
- ↑ Adnan, Ally. (2014-08-22). Where else could I live like a king?. Friday Times
- ↑ R. V. Smith. (8 May 2011). Ochterlony and his bibis. The Hindu
- ↑ The dome’s doom, Thursday, 23 July 2020
- ↑ William Dalrymple, The Last Mughal, p. 66
- ↑ Gardner papers, National Army Museum, Letter 87, p. 226, 10 August 1821
- ↑ William Dalrymple, White Mughals, pp. 183-184
- ↑ How Old Delhi’s Randi ki Masjid got its name, 29 November 2019
- ↑ Masjid dome that collapsed in Old Delhi part of 200-yr-old mosque commissioned by a woman The Print 20 July 2020
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুবাৰক বেগম (তৱাইফ)” প্ৰবন্ধৰ সংশোধন ৫৯৯৭১২ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।