মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।১২৩ পি এছ নিভাছে ছবিখনৰ বাবে শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।ইয়াৰ উপৰিও ছবিখনে দক্ষিণত তিনিটা ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছিল।
কলা-কুশলী
১. কৃষ্ণনৰ ৰূপত আদূৰ ভাছী।
২. মোহিনি হিচাপে লক্ষ্মী।
৩. নলিনিৰ চৰিত্ৰত টি আৰ ওমানা।
৪. পানিকাৰৰ চৰিত্ৰত নিলাম্বুৰ বালান।
৫. শিল্পী কে এম পেনিকাৰৰ চৰিত্ৰত পি এন মেনন।
৬. মণিয়নপিল্লা ৰাজুক Job hunter হিচাপে।
৭. বাবু নান্থনকোডে প্ৰস্পেক্টেড গ্ৰুম হিচাপে।
৮. নৰেন্দ্ৰনৰ চৰিত্ৰত কে পি উমাৰ।
৯. কনকদুৰ্গাক অনাছুয়া হিচাপে।
১০. ভেনুৰ চৰিত্ৰত এম জি সোমন।
১১. ৰঞ্জিনীৰ চৰিত্ৰত মল্লিকা সুকুমাৰণ।
১২. ইয়ং চিন্থুৰ চৰিত্ৰত মাষ্টৰ ৰাজকুমাৰন থাম্পী।
১৩. নলিনীৰ স্বামী হিচাপে টি পি মাধৱন।
১৪. ৰঞ্জিনীৰ প্ৰেমিক হিচাপে জগতী শ্ৰীকুমাৰ।
১৫. ৰিপ’ৰ্টাৰ কুট্টীৰ চৰিত্ৰত বিজয়ন।
১৬. নিৰ্মলাৰ পেহীৰ চৰিত্ৰত ভাঞ্চিয়ূৰ ৰাধা।
১৭. হোটেল ৰিচেপচনিষ্ট হিচাপে মানচেৰী চন্দ্ৰন।
১৮. শিল্পবিদ হিচাপে পি আৰ মেনন।
১৯. ৰাঘৱন নাইৰ হিচাপে প্ৰথাপচন্দ্ৰন।
২০. হৰিপ্পদ সোমনক হাউচ মেইড হিচাপে।
২১. শ্ৰীদেৱীৰ চৰিত্ৰত গিৰিজা।
২২. চিন্তুৰ ৰূপত মাষ্টৰ চেখৰ।
সংগীত
ছবিখনৰ সংগীত ৰচনা কৰিছিল জি দেৱৰাজনে আৰু গীতসমূহ লিখিছিল শ্ৰীকুমাৰন থাম্পী আৰু জয়দেৱে।ছবিখনৰ গীতিকাৰ সকল ক্ৰমান্নয়ে পি জয়চন্দ্ৰন,পি মাধুৰী,মন্নুৰ ৰাজকুমাৰনুন্নী আৰু কে জে য়েছুদাস। সুৰ দিছিল শ্ৰী কুমাৰন থাম্পী আৰু জয়দেৱে।
| নং. | গীত | গীতিকাৰসকল | সুৰ | দৈৰ্ঘ্য় (m:ss) |
|---|---|---|---|---|
| ১ | "অৰণমুলা ভাগৱন্তে" | পি জয়চন্দ্ৰন | শ্ৰীকুমাৰন থাম্পী | |
| ২ | "কান্নীৰু কণ্ডাল" | পি মাধুৰী | শ্ৰীকুমাৰন থাম্পী | |
| ৩ | "ৰাধিকা কৃষ্ণ" | মন্নুৰ ৰাজকুমাৰনুন্নী | জয়দেৱ | |
| ৪ | "স্বনথামেন্না পদাথিনেনথৰথাম" | কে জে য়েছুদাস | শ্ৰীকুমাৰন থাম্পী |
সঁহাৰি
বি. এন. ৰেড্ডীৰ মতে, "মোহিনিয়াত্তম হৈছে এক সুপ্ৰযোজিত, শৈল্পিক আৰু চিন্তাপ্ৰৱণ ছবি।লক্ষ্মীৰ আকৰ্ষণীয় অভিনয়, পৰিচালনা আৰু ফটোগ্ৰাফী হৈছে ছবিখনৰ মূল ইতিবাচক দিশ।"দ্য ছাণ্ডে ষ্টেণ্ডাৰ্ডে ছবিখনৰ বিষয়ে লিখিছে, "নিষ্ঠুৰ, স্বাৰ্থপৰ আৰু অসৎ পুৰুষমুখী সমাজৰ বিৰুদ্ধে দুখ,কষ্ট আৰু সংঘাত সহি থকা মহিলাসকলে যুঁজ দিয়াৰ বাবে এখন ভাল ছবি৷ ছবিখন সেইসকল মহিলাৰ বাবেই৷ ছবিখনৰ ভাল বিষয়বস্তু আৰু মহান আদৰ্শটোৱে যৌতুক বিৰোধী আন্দোলনক যথেষ্ট সহায় কৰে।" ছবিখনৰ সন্দৰ্ভত টাইমছ অৱ ইণ্ডিয়াই লিখিছিল, "থাম্পীয়ে মোহিনীক মাতৃত্বৰ প্ৰতিনিধি হিচাপে উপলব্ধিৰ কৰোৱায় আৰু তেওঁলোকক মুক্ত কৰি ভাৰতীয়ত্বৰে সমৃদ্ধ নাৰী মুক্তি আন্দোলনৰ দিশলৈ অৱতৰণ কৰে।" থাম্পিয়ে সাধাৰণ ভাষাৰে ছবিখনত কিবা এটা কোৱাৰ পৰিৱৰ্তে পৃথক কিবা এটা কৰিবলৈ চেষ্টা কৰিছে।"ইকনমিক টাইমছে লিখিছিল, "লক্ষ্মীৰ প্ৰদৰ্শন স্মৰণীয়, আনকি কিছুমান দৃশ্যাংশত সেয়া শ্ৰেষ্ঠও।ছবিখনৰ প্ৰশংসা কৰি স্ক্ৰীণে লিখিছিল, "ছবিখনৰ শ্ৰেষ্ঠ মুহূৰ্তত মোহিনিয়াত্তম হৈছে দৃশ্যমান সুন্দৰ দৃশ্য আৰু কাব্যিক চিত্ৰকল্পৰে পৰিপূৰ্ণ চেলুলইড কলাৰ এক সূক্ষ্ম অংশ। ইয়াৰ উপৰিও এনেধৰণৰ ব্যৱসায়িক ছবি নাৰীলৈ আগবঢ়োৱা অন্যতম অৰ্থপূৰ্ণ শ্ৰদ্ধাঞ্জলি৷ আন কোনো কামৰ বাবে নহ’লেও ছবিখনক এই বাবেই মূল্য দিয়া উচিত।"৪
বঁটাসমূহ
১.দক্ষিণৰ ফিল্মফেয়াৰ বঁটা - ১৯৭৬
২.শ্ৰেষ্ঠ চলচ্চিত্ৰ - মালায়ালম - ৰাজী আৰু তাপ্সী৫
৩.শ্ৰেষ্ঠ পৰিচালক - মালায়ালম - শ্ৰীকুমাৰন থাম্পি৬
4.শ্ৰেষ্ঠ অভিনেত্ৰী - মালায়ালম - লক্ষ্মী৭
তথ্যসূত্ৰ
- ↑ Mohiniyaattam. www.malayalachalachithram.com
- ↑ Mohiniyaattam. malayalasangeetham.info
- ↑ Mohiniyaattam. spicyonion.com
- ↑ Mohiniyattam: Reviews
- ↑ (2 December 1980). The Times of India Directory and Year Book Including Who's who
- ↑ (1980). The Times of India Directory and Year Book Including Who's who
- ↑ (1980). The Times of India Directory and Year Book Including Who's who
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহিনিয়াত্তম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৪২৮৮ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।